বিশেষ লেখাশিক্ষা-জগতসাহিত্য সুৰভি

অদ্ভূত সমাজ আৰু সভ্যতা-ৰাজু সোণোৱাল দেউৰীৰ কলম

অদ্ভূত সমাজ আৰু সভ্যতা

১৮০৩ চন, বৰ্তমান ভাৰতৰ কেৰেলা প্ৰদেশত ‘ত্ৰাভাঙ্কুৰ’ নামৰ এক ৰাজ্য আছিল (বৰ্তমান আল্লাপুড়া জিলাৰ চেৰতলাত) । সেই আমোলত পুৰুষে গোঁফ আৰু মহিলাসকলে স্তন আবৃত কৰি ৰাখিব বিচাৰিলে ৰজাক কৰ দিব লগা হৈছিল, যাক তাৰ স্থানীয় ভাষাত ‘মুলাক্কৰম’ বুলিছিল । এই বিষয়ে তৎকালীন আইনখন এনে ধৰণৰ আছিল – “ব্ৰাহ্মণসকলৰ বাহিৰে অন্যান্ন হিন্দু ধৰ্মৰ কোনো মহিলাই তাইৰ স্তন আবৃত কৰি ৰাখিব নোৱাৰিব । মহিলাসকলে তেওঁলোকৰ স্তন উন্মুক্ত কৰি ৰাখিব লাগিব, অন্যথায় কৰ দিব লাগিব” । এই কৰৰ পৰিমান আকৌ নিৰ্ভৰ কৰিছিল স্তনৰ আকাৰৰ ওপৰত, অৰ্থাৎ যাৰ যিমান ডাঙৰ হ’ব তেওঁ সিমানেই বেছি পৰিমাণৰ কৰ পৰিশোধ কৰিব লাগিব । এই স্তন শুল্কৰ এক মোটা অংশ পদ্মনাভ মন্দিৰলৈ দান কৰা হৈছিল ।
সেই সময়তে ৩৫ বছৰ বয়সীয়া এগৰাকী কৃষ্ণাঙ্গী সুন্দৰীয়ে কামৰ বাবে প্ৰায় ঘৰৰ বাহিৰলৈ যাব লগা হৈছিল । কিন্তু তাই সকলো সময়তে তাইৰ বক্ষত কাপোৰ দি স্তন ঢাকি ৰাখিছিল । তাই এদিন কৰ সংগ্ৰহকাৰীসকলৰ চকুত ধৰা পৰাত কৰসংগ্ৰহকাৰীসকলে তাইৰ পৰা কৰ দাবি কৰিলে । কিন্ত তাই কৰসংগ্ৰহকাৰীসকলক কৰ পৰিশোধ কৰিবলৈ অস্বীকাৰ কৰিলে । প্ৰতিদিনে কৰসংগ্ৰহকাৰীসকল তাইৰ ঘৰলৈ আহি তাইক কৰ দিবলৈ ছাপ দিবলৈ ধৰিলে আৰু কৰৰ বোজাও দিনক দিনে বাঢ়ি গৈ থাকিল ।
অৱশেষত তাই এদিন কৰ দিবলৈ ৰাজী হ’ল । কৰসংগ্ৰহকাৰীসকলক ঘৰৰ বাহিৰত থাকি অপেক্ষা কৰিবলৈ কৈ তাই দৰজা বন্ধ কৰি তাইৰ স্তন দুটা তীক্ষ্ণ অস্ত্ৰেৰে কাটি পেলাই কলপাতেৰে বান্ধি কৰসংগ্ৰহকাৰীসকলক আগ বঢ়াই দি ক’লে, “যাৰ বাবে মোক অতিৰিক্ত কৰ পৰিশোধ কৰিব লগা হয় তাক আৰু মোৰ কোনো প্ৰয়োজন নাই” ।
এই কাণ্ডত সকলোৱে অবাক হৈ পৰে । অতিৰিক্ত ৰক্তক্ষৰনৰ বাবে তাইৰ মৃত্যু হয় । ঘটনাৰ খবৰটো সমস্ত ভাৰতবৰ্ষতে বিয়পি পৰে আৰু ৰজাই স্তন কৰৰে সৈতে সকলো অবৈধ কৰ বাতিল কৰিবলৈ বাধ্য হয় ।
এই মহিলা গৰাকীয়েই আছিল ‘নাঙ্গেলী’, যি নিজৰ অজানিতেই মহিলাসকলক নিজ বক্ষ ঢাকি ৰখাৰ স্বাধীনতা দি থৈ যায় । নিজকে ভাল নেপালে আৰু নিজ সন্মানক ধৰি ৰাখিব নোৱাৰিলে জানো কোনোবাই এনে কাৰ্য কৰি দেখুৱাব পাৰে? আত্মত্যাগৰ বিনিময়ত কেৰেলা ৰাজ্যৰ সকলো মহিলাৰে অধিকাৰ প্ৰতিষ্ঠা কৰি গ’ল বীৰাঙ্গনা নাঙ্গেলীয়ে । সকলো মহিলাৰ দৰেই তাইও স্তন কৰক মানি ল’ব পাৰিলে হেতেন । কৰ পৰিশোধ কৰাৰ ক্ষমতাও তাইৰ আছিল, কিন্তু এই পৃথিৱীত কোনোবাই কোনোবাই বুকুত একোঁৰ জুই লৈ জন্ম গ্ৰহন কৰে । কিবা অন্যায় তেওঁলোকৰ সমুখলৈ আহিলেও তেওঁলোকৰ বুকুত সেই অন্যায়ে স্থান নেপায় । বুকুৰ জুই কোঁৰাত ভস্মিভূত হৈ যায় সকলো অন্যায় । সেয়ে তাই নিজৰ সকলো সুখ-শান্তি সৰ্বস্ব উজাৰি দি মহিলা সকলৰ ওপৰত হোৱা অন্যায়ৰ বিৰুদ্ধে প্ৰতিবাদ কৰি জীৱন আহুতি দি গ’ল ।
কাহিনী ইয়াতে শেষ নহয়, নাঙ্গেলীৰ শৰীৰ তেতিয়া চিতাৰ ওপৰত দপ-দপকৈ জ্বলি উঠিছিল । হঠাৎ এজন পুৰুষে দৌৰি আহি সেই চিতাৰ ওপৰ জপিয়াই পৰিলেহি । পুৰুষজন আন কোনো নহয়, তেওঁ আছিল নাঙ্গেলীৰ স্বামী । ভাৰতৰ ইতিহাসত স্ত্ৰীৰ সৈতে চিতাত সহদাহ হৈ মৃত্যু বৰণ কৰা কোনোবা পুৰুষৰ এইটোৱেই প্ৰথম আৰু শেষ ঘটনা । কিন্তু অন্যায় শাসনৰ বিৰুদ্ধে যি প্ৰতিবাদৰ জুই নাঙ্গেলীয়ে ভাৰতীয় মহিলাসকলৰ মনত জলাই থৈ গ’ল, সি আজিও জলিব নে?

[সংগৃহীত]
★★★★★★★★★★

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button