সাহিত্য সুৰভি
অমানিশাৰ আকাশত-বিদ্যুতপ্ৰতিম গগৈৰ কবিতা

অমানিশাৰ আকাশত
অমানিশাৰ আকাশত
তৰাৰ চিকমিকনি
জোনৰ পোহৰত
হেঙুলীয়া ৰাতি
অন্ধকাৰ আকাশত
পোহৰৰ ৰেঙণি
চকুৰ পতাত
তুমি নয়নমণি
জোনৰ পোহৰে
জিলিকাই তোলে
এই অন্ধকাৰ পৃথিৱী
তৰাৰ জোনাকীত
পোহৰ পৰশত
আকোঁ মই তোমাৰ ছবি ।
ঠিকনা:বিদ্যুতপ্ৰতিম গগৈ, গেলাপুখুৰী, তিনিচুকীয়া৷




