অসমাপ্ত পাণ্ডুলিপি

অৰবিন্দ ঘোষ, প্ৰাক্তন শিক্ষাৰ্থী
উজনি মাজুলী খেৰকটীয়া মহাবিদ্যালয় ।
থলুৱা শিল্প কলা তথা থলুৱা শিল্পীৰে সুন্দৰকৈ নিৰ্মান কৰা আদৰণী তোৰণ । তোৰণত লিপিবদ্ধ হৈছে সোণালী জয়ন্তী বৰ্ষৰ প্ৰাক্তন শিক্ষাৰ্থী সতীৰ্থ সমাৰোহ । অতি চেনেহৰ শিক্ষানুষ্ঠান খনৰ প্ৰাক্তন শিক্ষাৰ্থী সতীৰ্থৰ সৈতে মত বিনিময় কৰিব। অতীতৰ স্মৃতি সমূহ ৰোমন্থন কৰিব। চাৰিওপিনে মানুহ কেৱল মানুহ। অনুষ্ঠানটিৰ সৈতে জড়িত অভিভাৱক ও শুভাকাংক্ষীৰ আগমনে সভাস্থলি জনসমূদ্ৰৰ ৰূপ লৈছে। পঞ্চাশ বছৰীয়া গৌৰৱ উজ্বল ইতিহাস ৰোমন্থন কৰিবলৈ তেওঁলোক আহিছে । উৎসব মূখৰ পৰিৱেশ।
এইয়া কোনো বিহু ফেষ্টিভেল নহয় । নহয় ই বৰ্ণাঢ্য সাংস্কৃতিক কাৰ্যসূচী। ই যে মহামিলনৰ তীৰ্থ । প্ৰাক্তন শিক্ষাৰ্থী সমাৰোহ । জিলিকাব লুইতৰ পাৰ। হয় হয় সৌৱা প্ৰদীপ পেগুৰ সংগীত পৰিচালনাত প্ৰাক্তন শিক্ষাৰ্থীৰ বচা বচা গণ শিল্পীসকলে শাৰী পাতি শাৰী পাতি সু -সজ্জিত আধুনিক শব্দযন্ত্ৰৰ সন্মুখত ঠিয় হৈছে। মুখত আনন্দ মিশ্ৰিত হাঁহি। সৌৱা সমস্বৰে কন্ঠ নিগৰাইছে। সুধা কন্ঠৰ কালজয়ি গীত ।
জিলিকাব লুইতৰ পাৰ
এন্ধাৰৰ ভেটা ভাঙি
প্ৰাগজ্যোতিষত বয়
জেউতি নিজৰাৰে ধাৰ
শত শত বন্তিৰে
জ্ঞানৰ দীপালীয়ে
জিলিকাব লুইতৰে পাৰ।
সাঁচিপাতে ভাষা দিব
চিফুঙে আশা দিব
ৰংঘৰে মেলিব দুৱাৰ
সমাজে সাবতিব
মহান মানৱতা
বিজ্ঞানে আনিব জোৱাৰ
জিলিকাব লুইতৰে পাৰ।
নতুনৰ গতি খেদা
ডেকা গাভৰু আমি
নিৰ্ভীক কুৰি শতিকাৰ
অজ্ঞান চাকনৈয়া
এফলীয়া কৰি থৈ
মাৰি যাওঁ জীৱনৰ ডাঁৰ
জিলিকাব লুইতৰে পাৰ ।।
সভা উদ্বোধনী গীতটি শেষ হোৱাৰ লগে লগেই বিশাল জনতাৰ হাত চাপৰি আৰু জয়ধ্বনি । সভাৰ মাননীয় সভাপতি তথা প্ৰাক্তন শিক্ষাৰ্থী সতীৰ্থ মিষ্টাৰ ডিম্বেশ্বৰ খনিকৰ ডাঙৰীয়াই সভাৰ কাৰ্যসূচী পাঠ কৰাৰ লগতে বিশাল জনতাক উদ্দেশ্যি তেখেতৰ বক্তৃতা আৰম্ভ কৰি কয় যে , হে বিশাল জনতাৰ মোৰ প্ৰিয় প্ৰাক্তন শিক্ষাৰ্থী সতীৰ্থ সকল আৰু সভাত উপস্থিত শ্ৰদ্ধেয় ৰাইজ । পৃথিৱীত এতিয়ালৈকে সাধিত হোৱা মহৎ কামবিলাকৰ অন্তৰালত কোনোবা নহয় কোনোবা বিশেষ ব্যক্তিৰ প্ৰেৰণা থাকে আৰু সেই প্ৰেৰণাই যুগজয়ী সফলতাত অৰিহণা যোগায় । সেইদৰে মহাবাহু ব্ৰহ্মপুত্ৰৰ দক্ষিণে আৰু উত্তৰে নদীয়ে কেতিয়াবা গতি সলাই সলাই ধ্বংশ কাৰ্য সমাপন কৰোঁতে এৰি যোৱা বলুকা বিলাকত কালক্ৰমত যিদৰে সেউজী গছ- গছনীয়ে সুন্দৰ পৰিৱেশ সৃষ্টি কৰাই নহয় বৰঞ্চ তাতেই অঙ্কুৰিত হৈ উঠিছে একোখন সাংস্কৃতিক নগৰী । যিদৰে মাজুলী তাৰেই প্ৰত্যক্ষ নিদৰ্শন । লুইত ব্ৰহ্মপুত্ৰই সৃষ্টি কৰি যোৱা এনেবিলাক চৰ-চাপৰিতে মানবৰ ভবিষ্যত পৰিকল্পনাৰে পৰিকল্পিত হৈছে বহু যুগজয়ী আঁচনিৰ । এসময়ৰ বালিৰ বলুকাত সৃষ্টি হৈছে সু-বৃহৎ অট্টালিকা , অনুষ্ঠান প্ৰতিষ্ঠান শিক্ষালয় কৰ্মালয় ইত্যাদিৰ । আকৌ চৰ-চাপৰি বিলাকতেই জিলিকি উঠিছে নিজাববীয়া প্ৰতিভাৰ একো একোটা নাম । সেই নাম বিলাকত বিচাৰি পোৱা যায় অতীতৰ স্মৃতি ।
হয় হয় জিলিকাব লুইতৰ পাৰ। আন্ধাৰৰ ভেটা ভাঙি প্ৰাগজ্যোতিষত বয় জেউতি নিজৰাৰ ধাৰ । শত শত বন্তিৰে জ্ঞানৰ দীপালীয়ে জিলিকাব লুইতৰ পাৰ। সুধা কন্ঠ ভুপেন হাজৰিকাদেৱে গুৱাহাটী বিশ্ববিদ্যালয়ত অধ্যাপনা কৰি থাকোতে এই কালজয়ি গীতটি ৰচনা কৰিছিল । শিক্ষাৰ জ্যোতি বিলাবলৈ তেখেতে এই গীত ৰচনা কৰিছিল । আহক ৰাইজ আমি উদ্যোক্তা তথা আহ্বায়কৰ মুখে আজিৰ এই বিশাল জনসভাৰ উদ্দেশ্য ব্যাখ্যা শুনোহঁক । মাননীয় সভাপতি মহোদয়ৰ নিৰ্দেশ মৰ্মে সভাৰ আহ্বায়ক মন্ডলীৰ হৈ উদ্দেশ্য ব্যাখ্যাত প্ৰাক্তন শিক্ষাৰ্থী সতীৰ্থ মিষ্টাৰ উমেশ শইকীয়া ডাঙৰীয়াই উদাত্ত কন্ঠৰে কয় যে এই বিশাল জনসমূদ্ৰৰ মোৰ প্ৰিয় প্ৰাক্তন শিক্ষাৰ্থী সতীৰ্থ তথা জনগণ আপোনাসবে ইতিমধ্যে সভাৰ কিছু আভাস মাননীয় সভাপতি মহোদয়ৰ বক্তৃতাত গমেই পাইছে হয়তু । আজি আমি এই পবিত্ৰ ভূখণ্ড তথা আমাৰ চিৰ চেনেহী জ্ঞান মন্দিৰত কিয় এনেদৰে বিশাল জনসমূদ্ৰ সৃষ্টি কৰি এক গোট হৈছো । নিশ্চয় জনাৰ অবকাশ আছে । সভাৰ উদ্দেশ্য ব্যাখ্যা কৰাৰ পূৰ্বে আহ্বায়ক সমল ব্যক্তি হিচাপে আমাৰ ঠাই খনৰ চিনাকি পোন প্ৰথমে দিব বিচাৰিছো ।
হয় হয় ৰতনপুৰ নামটোৰ জন্ম কথা আছে | 1187 চনৰ পৰা 1673 চনৰ চুতীয়া বুৰঞ্জীত উল্লেখিত কথা | বীৰপালৰ পুত্ৰ ৰত্নধ্বজপাল চুতীয়াৰ শক্তিশালী ৰজা আছিল | নিজৰ ৰাজ্য ও ৰাজধানী বিস্তাৰৰ হেতু শদীয়াৰ পৰা অৰুণাচলৰ পাহাৰীয়া ঠাইবোৰ দখল কৰি নিজৰ নিচান মহাপ্ৰতাপেৰে উৰুৱাইছিল | কলগিৰি নীলগিৰি ধবলগিৰি আৰু চন্দনগিৰি পাহাৰৰ পিছত ধেমাজীৰ হাবুঙ আৰু মাজুলীক সংলগ্ন কৰি উজনি মাজুলীৰ উৰ্বৰা ভূখন্ডত ৰতনপুৰ নামেৰে ৰাজধানী পাতিছিল | ৰতনপুৰ নামটো ৰত্নধ্বজপালৰ সমাৰ্থক বুলি জনা যায় | ৰতনপুৰ গায়নৰ পৰা ৰতনপুৰ মিৰিলৈ এই বিশাল ভূমিখন্ডই ৰতনপুৰ | পিছলৈ বনগাওঁলৈকে প্ৰসাৰিত হৈছিল | হে মোৰ ঈশ্বৰ সদৃশ জনগণ শাস্ত্ৰত কৈছে জনতা জনাৰ্দন | আপোনোলোকে নিশ্চয় এটি কথা সকলোৱে অৱগত যে যিহেতু মাজুলী সত্ৰ সংস্কৃতিৰ পীঠস্থান । আহোম স্বৰ্গদেউ সকলৰ পৃষ্ঠপোষকতাত আৰু মহাপুৰুষ গুৰু দুজনাৰ কৃপাত বহু নামঘৰ সত্ৰ প্ৰতিষ্ঠা হৈছিল । বানে সকলো সময়তে মাজুলীৰ চৰণ যুগল ধুৱাই থকাৰ হেতুকে মাজুলীৰ ওখ আহল বহল ঠাই সমূহত বিশেষকৈ সত্ৰ ও নামঘৰ সমূহ স্থাপন কৰিছিল । সেই সময়ত আহল বহল ওখ ঠাই সমূহক আটী বুলিছিল । বেঙেনা আটী, আউনী আটী , সোনাৰী আটী আৰু আমাৰ নিচেই কাষত থকা ঐতিহ্য মন্ডিত স্থান ছয়মহীয়া আটী । কথাতে কয় ঢোল বাই ক’ত ? ৰতনপুৰত । খোলবাই ক’ত ? ৰতনপুৰত । এই ছয়মহীয়া আটীৰ আহল বহল ঠাইতে চুতীয়া ৰজা ৰত্নধ্বজপালে বাৰিষাৰ ছমাহ ইয়াতে থাকি পহু চিকাৰ কৰি আনন্দ লভিছিল । চুতীয়া ৰজাই যে ইয়াত ৰাজত্ব কৰিছিল তাৰেই স্বাক্ষৰ বহন কৰিছে আমাৰ কাষতে থকা ঐতিহ্য বহনকাৰী ৰূপহী বিল আৰু ৰতনপুৰ নামটো । ৰতনপুৰৰ নৃত্য বিষাৰদা জীয়ৰী তথা দেৰ গাওঁ শিব মন্দিৰৰ নৰ্তকী ফুলেশ্বৰী কুঁৱৰীও ৰতনপুৰৰ নাম অসম বুৰঞ্জীত জিলিকাই ৰাখিছে ।
শ্ৰদ্ধেয় প্ৰাক্তন শিক্ষাৰ্থী সতীৰ্থৰ মনপৰশা ভাষণ শুনি সকলোৱে ধন্য ধন্য বুলিলে । সভাপতি ডাঙৰীয়াই সতীৰ্থ তথা ৰাইজক উদ্দেশ্যি কিছু কথা কবলৈ পুনৰ থিয় হৈছে । আপোনাসবে নিশ্চয় আশাৰে অপেক্ষা কৰিছে সভাৰ উদ্দেশ্য ব্যাখ্যা শুনিবলৈ | আহক তেনে পোন প্ৰথমে আমি আৰম্ভ কৰিব বিচাৰিছো ছয়মহীয়া আটী বিদ্যালয়ৰ জন্মৰ নেপথ্যৰ ৰথি মহা ৰথি সকলৰ কিছু আভাস । আমাৰ মাজত উপস্থিত আছে ছয়মহীয়া আটীৰ প্ৰাক্তন শিক্ষাৰ্থী সতীৰ্থ মিষ্টাৰ ট্ৰিকেন্দ্ৰজিত । এইয়া প্ৰিয় প্ৰাক্তন শিক্ষাৰ্থী সতীৰ্থ মিষ্টাৰ ট্ৰিকেন্দ্ৰজিত । বিশাল জনতাৰ হাত চাপৰিয়ে কিছু সময়ৰ বাবে সভাৰ পৰিৱেশ ৰজনজনাই থাকিল । মঞ্চলৈ প্ৰাক্তন শিক্ষাৰ্থী সতীৰ্থক আদৰি অনা হ’ল । নমস্কাৰ । মই ছমহীয়া আটীৰ প্ৰাক্তন শিক্ষাৰ্থী সতীৰ্থ ট্ৰিকেন্দ্ৰজিত । এই বিশাল জনতাক কৌটি কৌটি বাৰ সেৱা জনাইছো । আজিৰ সভাৰ উদ্দেশ্য ব্যাখ্যা শুনিবলৈ যিহেতু আপোনাসবে অধিৰ অপেক্ষাত আছিল কিন্তু সভাৰ উদ্দেশ্য ব্যাখ্যাত হঠাতে মোক মোৰ বিদ্যালয়খনৰ জন্ম কথা সন্দৰ্ভত বক্তৃতা ৰাখিবলৈ কোৱা হৈছে । সঁচাই ই মোৰ বাবে গৌৰৱ তথা সন্মান । মই নেজানো মোৰ জনা অজানা কথাই বিদ্যালয়ৰ সোণসেৰীয়া সোঁৱৰণীৰ পৃষ্ঠা মেল খাবনে নাখাই । যি কি নহওক আইৰ সমান হব কোন ? নৈৰ সমান ব’ব কোন ? হয় হয় মনত পৰিছে উজনি মাজুলীৰ গেজেৰা ৰতনপুৰ অঞ্চলৰ ছয়মহীয়া আটী এই সৰু চাপৰি সদৃশ বলুকাটোত কোনোবা দিনা জিলিকি উঠিব এনে এখন শিক্ষানুষ্ঠান । অবাস্তৱক বাস্তৱ কৰি 1973 চনৰ জানুৱাৰী মাহৰ এটি শুভ দিনত খেৰকটা সুঁতিয়ে বালিৰ দলীচাৰে নিমজকৈ পাৰিথোৱা সেউজীয়া পথাৰ দৰাতে এখনি বিশাল সভা বহিল । এখনি বিদ্যালয়ৰ দুৱাৰ মুকলি লক্ষ্যৰে । মাননীয় ক্ষীৰেশ্বৰ বৰাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত বহু পুৰোধা ব্যক্তিয়ে অংশ গ্ৰহণ কৰিছিল । স্বৰ্গীয় মুহিধৰ পেগু দেব , স্বৰ্গীয় মানিক শইকীয়া , দেবেন্দ্ৰদেব গোস্বামী , ফণীধৰ টাহু , ৰঞ্জন দেউৰী , জয়নাথ দেউৰী , যাদব পাতিৰ ,দুলুম পেগু, দুটীৰাম দত্ত , আমাইচং পাতিৰ , শ্ৰীধৰ পেগু , কুলামনি পেগু , লোহিত সেনাপতি , ভোগেৰাম বৰুৱা , ধনীৰাম দত্ত , পূৰ্ণকান্ত সেনাপতি , বাণী কান্ত পেগু , নয়নমান থাপা , প্ৰমোদ দেউৰী , কৃষ্ণৰাম বৰা , কাশীনাথ খনিকৰ , শতীশ চৌধুৰী , তিলক বৰা , বিষ্ণু প্ৰসাদ দেউৰী , কৃষ্ণ প্ৰসাদ দেউৰী , মানিক বৰুৱা , তনু শইকীয়া , উপেন বৰা , মানিক গগৈ , ৰত্নেশ্বৰ খনিকৰ , সদানন্দ ভূঞা , সদাগৰ দেউৰী , অনিমা চুতীয়া , জীৱন শইকীয়া , যোগেন্দ্ৰ নাথ বৰুৱা , ৰমেশ পাতিৰ , সোনাৰাম দত্ত , যোগেশ্বৰ সেনাপতি , ডিম্বেশ্বৰ শইকীয়া , সোনধৰ খনিকৰ , খগেন পাতিৰ , ডিম্বেশ্বৰ বৰুৱা আদি বহু গন্য মান্য ব্যক্তিৰ সমাবেশ হৈছিল ।
শ্ৰদ্ধেয় ৰাইজ আমাৰ মাজত এগৰাকী গণ শিল্পী উপস্থিত হৈছেহি | তেখেতেও মোৰ দৰে এজন প্ৰাক্তন শিক্ষাৰ্থী সতীৰ্থ । তেখেতক মই অনুৰোধ জনাম তেখেতে গীতৰে বিদ্যালয়ৰ বাকী দস্তাবেজ খিনি গাই শুনাব । আমাৰ মাজলৈ আহি আছে মিচ ৰুবী কাকতি । সকলোৱে হাতচাপৰি বজাই মঞ্চলৈ আদৰি আনে
প্ৰণিপাত । মই মিচ ৰুবী কাকতি । এসময়ৰ শ্ৰেষ্ঠা কন্ঠ শিল্পীৰূপে বিদ্যালয়ৰ পৰা সন্মান বুটলিবলৈ সক্ষম হৈছিলো । এই বিশাল জনতাক সেৱা জনাইছো । ভুপেন হাজৰিকাদেৱে গোৱা এটি গীতৰে মোৰ বক্তৃতা আৰম্ভ কৰিছো ( প্ৰাক্তন শিক্ষাৰ্থী সতীৰ্থ ললীত পেগুৰ নেতৃত্বত মিউজিচিয়ান সকল মঞ্চলৈ উঠি আহিল লগে লগে সংগীত বাজি উঠিল )
শীতৰে সেমেকা ৰাতি
সেমেকা শীতৰে ৰাতি
শীতৰে সেমেকা ৰাতি
বস্ত্ৰবিহীন কোনো খেতিয়কৰ
ভাগি পৰা পঁজাটিৰ
তুঁহ জুই একুৰাৰ
উমি উমি জ্বলি থকা
ৰক্তিম যেন এটি উত্তাপ হওঁ ।।
(গীতৰ সুৰ কন্ঠ আৰু মিউজিচিয়ান সকলৰ বাদ্য সংগতে কিছু সময়লৈ জনতাক মোহাচ্ছন্না কৰি ৰাখিছিল । মিচ কাকতিয়ে পুনৰ ভাষণ আৰম্ভ কৰে ) শ্ৰদ্ধেয় ৰাইজ শাৰদীয় ঋতুত শীতৰো আগমন ঘটে । হয় হয় ভুপেন হাজৰিকাদেবৰ গীতৰ কথাৰেই কোৱাৰ ইচ্ছা কৰিছো । মোৰ প্ৰাক্তন শিক্ষাৰ্থী সতীৰ্থই আৰম্ভণিতে বিদ্যালয়ৰ জীয়া ছবিটি অংকন কৰিছে। মই মাথো কিছু ৰং বুলোৱাৰ অপচেষ্টা কৰিম। শিক্ষা জ্যোতিৰে আন্ধাৰ নাশিবলৈ সেই সময়ত আপোন মানুহৰ মাজত প্ৰতিযোগিতা চলিছিল । নিজৰ শিক্ষা অনুষ্ঠানটি জিলিকাই তুলিবলৈ সময়ে সময়ে প্ৰতিযোগিতাত নামিছিল । নিজৰ শিক্ষা অনুষ্ঠানটি জিলিকাই তুলিবলৈ অহোপুৰুষাৰ্থ চেষ্টা কৰিছিল । হয় হয় কিছু লোক সফল হৈছিল আৰু আন কিছুলোকৰ বিফল হৈছিল। বিফলতাক লৈ তেওঁলোক চিন্তিত নাছিল । তেখেত সকলে জানিছিল যে ফেইলাৰ ইজ দা পিলাৰ অব চাকচেজ । 1973 চনৰ শিক্ষানুষ্ঠান খোলা আন্দোলন বহুতৰ বাবে তিতা কেহাৰ অভিজ্ঞতা আছিল । বহুতে পৃষ্ঠভঙ্গ দি দি আঁতৰি গৈছিল । জোনাকী আৰু ছয়মহীয়া আটীৰো একেই অৱস্থা হৈছিল । শেনটো হৈ ফেঁচাটোৰ দৰে আঁতৰি গৈছিল ।
ভাগি পৰা পঁজাটিৰ তুঁহ জুই একুৰাত ৰক্তিম যেন এটি উত্তাপ বিচাৰি তেতিয়াও তাত কিছু সৈনিক আছিল । হয় হয় আমাৰ মহাযুদ্ধাৰ সেনাপতি সকল | বৰবিল গাঁৱৰ লোহিত সেনাপতি, পূৰ্ণকান্ত সেনাপতি , যোগেশ্বৰ সেনাপতি কুঁহিয়াৰবাৰী গাঁৱৰ মানিক শইকীয়া, দেউৰী গাঁৱৰ বিশেষকৈ প্ৰমোদ দেউৰী আদি স্বনামধন্য ব্যক্তি সকলে ভাগি পৰা পঁজাটিত মৃতসঞ্জিবনী দি জীপাল কৰাৰ চেষ্টা কৰিছিল । উজনি মাজুলী খেৰকটীয়া মহাবিদ্যালয়ৰ কৰ্মৰত শিক্ষা গুৰু দেবেন্দ্ৰদেব গোস্বামী দেবক আমন্ত্ৰণ কৰি অনা হ ‘ল । ভাগি পৰা পঁজাটিৰ তুঁহ জুই একুৰাত পুনৰ ৰক্তিম উত্তাপ অনাৰ হেতু তেখেত ৰাইজৰ আশীৰ্বাদ শিৰত লৈ কৃচ্ছসাধনত বৰ্তি হৈছিল । সেই সময়ত তেখেতক সঙ্গ দিছিল তেওঁৰে বিশ্বাসী বন্ধু এজনে । নাম যেনে কামো তেনে । সুন্দৰৰ পুজাৰি তেওঁ । সত্য শিব সুন্দৰক হৃদয়ত প্ৰতিষ্ঠা কৰি আগবাঢ়িল তেওঁ । সৰগৰ পাৰিজাত ফুলালে ধৰাত । তুমি দেবেন্দ্ৰ । মৰ্ত্যৰ দেবেন্দ্ৰ । হে গুৰুদেব প্ৰণামো তোমাক ( গুৰুবন্দনা শুনি সকলোৱে ধন্য ধন্য বুলিলে । বিশাল জনতাক সেৱা জনাই তেখেতে নিজৰ ভাষণ সামৰে )
সভাৰ উদ্দেশ্য ব্যাখ্যাত যি কথা কবলৈ কোৱা হৈছিল তাক জানো কোৱা হ ‘ল ? হয়তো আপুনি নিশ্চয় ধৰিব পাৰিছে । সভাৰ মাননীয় সভাপতি মহোদয়ে কথাটো স্পষ্ট কৰিবলৈ ঠিয় হ’ল শ্ৰদ্ধেয় ৰাইজ আপোনাসবে সভাৰ উদ্দেশ্য ব্যাখ্যা শুনিবলৈ অ’ত সময়ে অপেক্ষা কৰিছে কিন্তু আমাৰ মাননীয় বক্তা সকলে বিষয়টোৰ পৰা ফালৰি কাতি নিজৰ নিজৰ মত প্ৰকাশ কৰিছে যদিও তেখেত সকলৰ বক্তৃতাতেই সভাৰ উদ্দেশ্য ব্যাখ্যা প্ৰতিফলিত হৈছে যেন মোৰ বোধ হৈছে । সেয়ে পৰবৰ্তী কাৰ্য সূচী চলাই যোৱাৰ হকে আপোনাসবে আজ্ঞা কৰিব লাগে । বিশাল জনতাৰ হাত চাপৰিৰে সভাৰ পৰৱৰ্তী কাৰ্য সূচী চলাই যোৱাৰ অনুমতি প্ৰদান কৰে । আমি ইতিমধ্যে এখন বিদ্যালয়ৰ সোণসেৰীয়া দস্তাবেজ শুনিলো । এতিয়া আমাৰ মহাবিদ্যালয় খনৰ সোণসেৰীয়া সোঁৱৰণীৰ পৃষ্ঠা মেলিবলৈ আমন্ত্ৰণ জনাইছো আমাৰ মহাবিদ্যালয়ৰ প্ৰাক্তন শিক্ষাৰ্থী সতীৰ্থ মিষ্টাৰ অৰবিন্দ । মঞ্চলৈ অৰবিন্দক আদৰি আনে সভাৰ উদ্যোক্তা সকলে । নমস্কাৰ মই অৰবিন্দ । মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ তথা প্ৰাক্তন সাংস্কৃতিক সম্পাদক । এই অভাজনক মহাবিদ্যালয়ৰ সোঁৱৰণী মেলিবলৈ আমন্ত্ৰণ জনাইছে কিন্তু সোঁৱৰণী মেলাৰ সাহস জানো মোৰ আছে ? কিয়নো সোঁৱৰণী হ’ল দাপোণৰ দৰে য’ত নিজৰ প্ৰতিবিম্ব নিখুটভাৱে দেখা পোৱা যায় । সোঁৱৰণীক লৈ বহুতে বহু ধৰণৰ গীত কবিতা সৃষ্টি কৰিছে । জয়ন্ত হাজৰিকাদেৱে গোৱা এটি গীতৰ কলি সঘনাই মনলৈ আহিছে । (প্ৰাক্তন শিক্ষাৰ্থী সতীৰ্থ মিষ্টাৰ প্ৰদীপ পেগুৰ সংগীত পৰিচালনাত সংগীত বাজি উঠিল )
সোঁৱৰণীৰ কুঁৱলিয়ে
চিঞৰি চিঞৰি কয়
অতীতৰ সীমা ৰেখা নাই
সমুখত দেখো আজি
পুৰণি বাগৰি পৰে
নতুনে মাথো ৰিঙিয়াই
সোঁৱৰণীৰ কুঁৱলিয়ে ।।
জীৱনৰ বাটত এৰি অহা খোজবোৰ
নিতে মচে কোন ধুমুহাই
মিছাই উভতি চাই
পাহৰা গীত গাই
দেহা মোৰ ভাগৰিহে যায়
কিবা যেন বিচাৰি
হেৰুৱালো পৰিচয়
পৰিচয়টো আঁতৰিহে যায়
আজিৰ সোঁতত বহি
কালিৰ সপোন দেখি
আশা মোৰ নিতে বাঢ়ি যায়
সোঁৱৰণীৰ কুঁৱলীয়ে ।।
বহু পুৰণি গীতটি শুনি সকলো নষ্টালজিক হৈ পৰিল । মিষ্টাৰ অৰবিন্দই পুনৰ ভাষণ আৰম্ভ কৰে । জয় জয়তে সেই সকল চিৰ নমস্য পুৰোধা ব্যক্তিক সেৱা জনাইছোঁ যি সকল বৰেণ্য ব্যক্তিয়ে মহাবিদ্যালয় নিৰ্মাণত অহোপুৰুষাৰ্থ সেৱা আগবঢ়ালে । স্বৰ্গীয় মংগলচিং পেগু , মুহিধৰ পেগু , ফণীধৰ টাহু , বাণী কান্ত পেগু , দেবেন্দ্ৰদেব গোস্বামী , খগেশ্বৰ হাজৰিকা , মেম্বৰ কুটুম , দেউৱাই পাতিৰ , সোনাধৰ দলে , যোগেন পাতিৰ , মনিৰাম বৰা , আচকন গাম , কৰ্ণেশ্বৰ কুলি , খগেশ্বৰ কুলি , টংকেশ্বৰ দলে , লোহিত দলে , গোলাপ কুটুম , আইনা চন্দ্ৰ চাৰহ , ৰমেশ পেগু , খগেন পাতিৰ , যদুৰাই পাতিৰ , বিহুৰাম কুলি , দেবেন পেগু , ডম্বৰুধৰ শইকীয়া , নিৰেণ শইকীয়া , মুকুন্ড খাৰঘৰীয়া , কামিনী চত্ৰধৰ , পাটুৱালী পাংগীং , দীননাথ পেগু , কুলামনি শইকীয়া , সুৰেশ ভট্টাচাৰ্য , বগেন চুতীয়া , সুৰেণ পাংগীং , জীতেন বৰুৱা , পদ্মধৰ পাংগীং , মানিক বৰুৱা , বিপিন খনিকৰ , সিদ্ধশ্বৰ হাজৰিকা , জীৱ কান্ত সেনাপতি , মিনাই বৰা , গজেন বৰা , খগেন বৰা , লীলাই বৰা , গিৰিধন বৰা , ভূবন বৰা , কনপাই শইকীয়া , লক্ষ্যেশ্বৰ শইকীয়া , গোপাল ঘোষ , ঋষেশ্বৰ দত্ত , লোকনাথ সোনোৱাল , খগীৰাম গাম , নাৰায়ন ঘোষ , মহবুক চন্দ্ৰ গাম , সদানন্দ গাম , তুলসি পাংগীং , বিৰামন টায়ে , ডম্বৰু কুলি , ফুকন কুলি , অশ্বিনী মিলি , দেবেশ্বৰ দলে , বিপিন মিলি , বিপিন ভট্টাচাৰ্য , বাসব চন্দ্ৰ পেগু , আনন্দ দেউৰী , কুলি লাগাছু , বাণী মিলি , মুক্তি পেগু ,গোপাল পায়েং , মুনীন্দ্ৰ পায়েং , অনন্ত পাতিৰ , সোনাধৰ দলে , বানেশ্বৰ দলে , পূৰ্ণকান্ত দলে , মহেশ্বৰ দলে , কৃষ্ণৰাম খনিকৰ , কৃষ্ণৰাম বৰা , নাৰায়ন বৰা , তৰুণ সেনাপতি , যজ্ঞেশ্বৰ সেনাপতি , নাৰায়ন সেনাপতি , তিলক সেনাপতি , অৰুণ সেনাপতি , চেনিৰাম শইকীয়া , জগত সেনাপতি , গুনমনি শইকীয়া , যোগেন বৰবৰা , জীৱ শইকীয়া , ডিম্বেশ্বৰ বৰুৱা , কুশ কান্ত বৰা , ঘণশ্যাম বেজ , বিশ্ব পেগু , ৰমা পেগু , চান্দ মহল জৈন , নাৰেংগীলাল আগৰৱালা , মানিক শইকীয়া , যাদব পাতিৰ , ধনীৰাম দত্ত , দলুম পেগু , আমাইচং পাতিৰ , শ্ৰীধৰ পেগু , দুটীৰাম দত্ত , পূৰ্ণকান্ত সেনাপতি , লোহিত সেনাপতি , যোগেশ্বৰ সেনাপতি , ৰমেশ পাতিৰ , তিলক বৰা , ৰত্নেশ্বৰ খনিকৰ , সোনাৰাম দত্ত , ধৰ্মেশ্বৰ শইকীয়া সকলৰ বাদেও বহু ব্যক্তিৰ নিৰব সেৱাই মহাবিদ্যালয়ৰ উত্তৰণত প্ৰভাবান্বিত কৰিছিল ।( সকলোৱে মংগল ধ্বনি দি জিন্দাবাদ দিলে । ৰাইজৰ জিন্দাবাদ ধ্বনিত কিছু সময় ভাষণ নিস্তব্ধ হৈছিল । লাহে লাহে ফৰকাল হোৱাত পুনৰ ভাষণ আৰম্ভ কৰে ।) শ্ৰদ্ধেয় ৰাইজ যিহেতু এই অভাজনক যি কথাৰ বাবে আমন্ত্ৰণ জনাইছে তাক মই কেনেদৰে প্ৰকাশ কৰিম ভাষা বিচাৰি পোৱা নাই । আপোনাসবৰ আশীৰ্বাদ শিৰত লৈ ক’বলৈ আগবঢ়িছো । তেতিয়া মই 33 নং লাচন বালি গাওঁ প্ৰাথমিক বিদ্যালয়ৰ দ্বিতীয় মান শ্ৰেণীৰ ছাত্ৰ । ফুটচাং গাঁৱৰ মাননীয় কুশ বৰা চাৰে আমাক যুক্তাক্ষৰ বোৰ বানান কৰি কৰি শিকাইছিল । মক্কা দিল্লীতকৈ দূৰ । এক্কাগাড়ীত উঠি সত্যই দিল্লী চহৰ চালে । ওখ ওখ অট্টালিকা দেখি চমক খালে । হয় হয় বৰ মনোযোগেৰে চাৰৰ পৰা যুক্তাক্ষৰ বোৰ শিকিছো । মৰমিয়াল চাৰজন । বেত্ৰাঘাটৰ ভয় দেখুৱা নাছিল । তেনেতে লাচন বালি গাঁৱৰ সমাজ সেৱক মাননীয় আচকন গাম বিদ্যালয়ত প্ৰবেশ কৰিছে । চাৰ সকলৰ সৈতে মত বিনিময় কৰিছে । এখন ডাঙৰ বিদ্যালয় খোলাৰ কথা পাতিছে । উজনি মাজুলীৰ খেৰকটীয়া আৰু লুইতৰ পাৰে পাৰে থকা গাঁও সমূহত ডাঙৰ বিদ্যালয় খোলাৰ সন্দৰ্ভত গাঁও সভা অনুষ্ঠিত কৰা হৈছে । ডাঙৰ বিদ্যালয় খোলাৰ বিশাল সভাত যাতে সকলোৱে উপস্থিত থাকি দিহা-পৰামৰ্শ আগবঢ়াব পাৰে । প্ৰয়োজনীয় আৰ্থিক সাহায্য তথা যিকোনো কাৰ্য সূচীত অংশ গ্ৰহণ কৰিব পাৰে । আচকন গাম দেবৰ দৰে বহু ব্যক্তিক নিমন্ত্ৰণ ও গাঁও সভা অনুষ্ঠিত কৰাৰ দায়িত্ব অৰ্পণ কৰিছে । দিনটো আছিল আজিৰ পৰা পঞ্চাশ বছৰ পূৰ্বৰ আত্ম কথা । 1973 চনৰ পহিলা জুনৰ দিনা বিশাল সভাৰ আয়োজন কৰিছে খেৰকটাৰ আহল বহল ওখ ঠাইত ।
সেই সময়ত উজনি মাজুলীত শিক্ষানুষ্ঠানৰ সংখ্যা তেনেই তাকৰ আছিল । উজনিত ঐতিহ্যমণ্ডিত গেজেৰা হাই স্কুল , সোনোৱাল কছাৰি হাই স্কুল খনো নতুনৰূপত আগবাঢ়িছে, ৰতনপুৰ মিৰি হাই স্কুল, জোনাকী আৰু ছয়মহীয়া আটীৰ আত্মকথা ইতিপূৰ্বে আপোনাসবক প্ৰাক্তন শিক্ষাৰ্থী সতীৰ্থয়ে কৈ শুনালে । উচ্চ শিক্ষানুষ্ঠান বুলি ক’লে কমলাবাৰীস্থ মাজুলী কলেজখনকে বুজায় । গেজেৰা হাই স্কুলৰ পৰা উত্তীৰ্ণ শিক্ষাৰ্থী সকলে ঢকুৱাখানা বা লক্ষীমপুৰৰ কলেজত পঢ়িবলৈ যায় । আমাৰ শিক্ষানুষ্ঠান সমূহৰ পৰা উত্তীৰ্ণ শিক্ষাৰ্থী সকলে আৰ্থিক দৈন্যতাত পৰি আঁতৰলৈ গৈ উচ্চ শিক্ষা গ্ৰহণ কৰিব নোৱাৰি মাজুলী কলেজ খনকে ঈশ্বৰ হেন মানি মুৰ দুৱাই। মাজুলী কলেজ খন যিহেতু নামনি মাজুলী আৰু মধ্য মাজুলীক প্ৰতিনিধিত্ব কৰে । উজনি মাজুলীত অতিকৈ কলেজৰ আবশ্যক। সেই সময়ৰ অসম চৰকাৰে উজনি মাজুলী ৰাইজৰ নিৰবিচ্চিন্নভাৱে কৰি অহা আন্দোলনৰ প্ৰতি সঁহাৰি জনাই ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য মহোদয়ক বিষয়টি গুৰুত্ব সহকাৰে লোৱাৰ পৰামৰ্শ আগবঢ়াই তথা কাৰ্য ব্যবস্থা লবলৈ জনাইছিল । মাজুলীৰ বিধায়ক মাননীয় মাল চন্দ্ৰ পেগুদেবে বিষয়টি উজনি মাজুলীৰ পলিটিকেল লিডাৰ সকলক জনায় তথা ৰাজহুৱা সভা অনুষ্ঠিত কৰিবলৈ পৰামৰ্শ আগবঢ়ায় । আদাক দেখি উঠিল গা কেতুৰিৱে বুলে মোকো খা। হয় হয় আকৌ প্ৰতিযোগিতা চলিল | জোনাকী আৰু ছমহীয়া আটীৰ মাজৰ যেনে প্ৰতিযোগিতা হৈছিল। তেনে উজনি মাজুলী ৰাইজৰ সভা আহ্বানৰ ধৰণ কৰণ দেখি পলিটিক্সৰ মহা প্ৰভূ সকলে জেংৰাই মূখতো কলেজ স্থাপনৰ মহাৰণত বৰ্তি হ’ল । আমাৰ ৰাইজেও শিলঢল ভাঙি কলেজ স্থাপনৰ মহাযুদ্ধত নামি পৰিল । মহাযুদ্ধাৰ সেনাপতি ৰতনপুৰ মিৰিৰ সমাজ সেৱক মাননীয় মংগলচিং পেগু , সোনোৱাল কছাৰিৰ খগেশ্বৰ হাজৰিকা, ৰতনৰ মাননীয় দেউৱাই পাতিৰ , শালমাৰীৰ আইনা চন্দ্ৰ চাৰহ বৰবিলৰ লোহিত সেনাপতি, লাচনৰ আচকন গাম , মোৱামাৰীৰ সমাজ সেৱক মাননীয় মুহিধৰ পেগু , কুঁহিয়াৰবাৰীৰ মানিক শইকীয়া, কুলি গাঁৱৰ মাননীয় ফুকন কুলি , ফুটচাং গাঁৱৰ মাননীয় কুশ বৰা, কান্ধুলীমাৰীৰ লীলাই বৰা , চিকাৰিৰ সুৰেণ পাংগীং , নয়াবজাৰৰ চান্দমহল জৈন প্ৰমূখ্য বহু ৰথি মহাৰথিয়ে নামি পৰিল কলেজ প্ৰতিষ্ঠাৰ যুদ্ধত । যিহেতু মই ভাষণৰ আৰম্ভণিতে মহান পুৰোধা ব্যক্তি সকলৰ তালিকাখন সংক্ষিপ্ত ভাৱে কৈ শুনাইছো । সেয়ে পুনৰ দুষাৰিব খোজা নাই ।
আহিল সেই শুভ দিনটো । 1973 চনৰ পহিলা জুন । নয়াবজাৰৰ নাটিদূৰত অবস্থিত দক্ষিণ ফালে থকা কুলি গাঁৱৰ ফুকন কুলি আৰু ডম্বৰু কুলিৰ পথৰুৱা ভূমিত আয়োজন হ’ল বিশাল জনসভা । জনসভাৰ সভাপতি সোনোৱাল কছাৰি গাঁৱৰ মাননীয় খগেশ্বৰ হাজৰিকা দেৱ । সভাৰ উদ্দেশ্য ব্যাখ্যা কৰিছে মাননীয় মংগলচিং পেগু ডাঙৰীয়াই । কলেজ প্ৰতিষ্ঠাৰ বাবে ৰাইজৰ সহায় সহযোগ , আৰ্থিক, মানসিক আৰু কায়িক সকলো দিবলৈ স্ব ইচ্ছাই প্ৰস্তুত হ’ল । কলেজৰ বাবে ভূমিদান কৰিবলৈ আগ্ৰহী হ’ল কুলি গাঁৱৰ ফুকন কুলি আৰু ডম্বৰু কুলিৰ পৰিয়ালে । নিজা তেৰ বিঘা ভূমি দান কৰি কৃতাৰ্থ লভিলে কুলি পৰিয়ালে । সকলোৱে মংগল ধ্বনি দি জিন্দাবাদ দিলে । কলেজ পৰিচালনা সমিতি গঠন হ’ল । প্ৰত্যেক খন গাঁৱৰ পৰা কৰ্মোদ্যমী ব্যক্তিক সমিতিত ৰখা হ’ল । সভাপতি খগেশ্বৰ হাজৰিকা দেৱ আৰু সম্পাদক মাননীয় মংগলচিং পেগুদেব । মেট্ৰিকৰ ৰিজাল্ট দিয়াৰ পূৰ্বেই কলেজ গৃহ নিৰ্মাণৰ বাবে গাঁৱে-গাঁৱে পূঁজি সংগ্ৰহৰ কাম খৰতকীয়া হ’ল । গঞাৰ আন্তৰিকতা কলেজৰ প্ৰতি থকা চেনেহ সঁচাকৈ দূৰ্লভ । বাঁহ খেৰ যি যি লাগে সকলো আহিল গঞাৰ পৰা । কোনো ক্ৰুটি ৰখা নাই আমাৰ পুৰোধা ব্যক্তি সকলে । চাওঁতে-চাওঁতে আটক ধুনীয়া, চকু ৰোৱা কলেজ নিৰ্মাণ হৈ গ’ল । কলেজ শিক্ষকৰ বাবে সেই সময়ত বিজ্ঞাপন দিয়া হৈছিল । স্থানীয় উচ্চ শিক্ষিত যুৱক যুৱতীৰ কিছু অভাৱ দেখা গৈছিল বাবে আঁতৰৰ শিক্ষিত লোকক শিক্ষক হিচাপে আনিব লগা হৈছিল । মৰনৈ বাসুদেবৰ পৰা দেবেন্দ্ৰদেব গোস্বামী, কমলাবাৰীৰ পৰা বিষ্ণু বৰা , ঢকুৱা খনাৰ পৰা বিষ্ণু বৰবৰা , হাউলি বেচামৰাৰ বাণী কান্ত পেগু , শিবসাগৰ পৰা কিনাৰাম দাস , সোণাৰী চাপৰিৰ পূণ্যেশ্বৰ শইকীয়া , নাজিৰাৰ পূৰ্ণানন্দ শইকীয়া , মাছখোৱাৰ পদ্মেশ্বৰ বুঢ়া গোহাঁই , দেৰ গাঁৱৰ চন্দন হাজৰিকা , দেৰ গাঁৱৰ গকুল বৰা , গোলাঘাটৰ তৰুণ দুৱৰা , দূৰ্গা গগৈ , দিচাংমুখৰ ফণীধৰ টাহু, চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰী হিচাপে নগেন কলিতা আৰু গজেন বৰাক নিযুক্তি দিয়া হৈছিল ।
আলচা কথা নহয় সিদ্ধি বাটত আছে কণা বিধি । উজনি মাজুলীত দুখন কলেজ স্থাপন হ’ল । বিশ্ববিদ্যালয়ে বিচাৰিছিল এখন কিন্তু হ’লগৈ দুখন । এখনৰ ঠাইত দুখন হৈছে সেয়া গৌৰৱৰ সন্মানৰ কথা । দুখনকে যদি সম দৃষ্টিৰে চোৱা হ’লে হযতো আপত্তি কাৰো নাথাকিলে হয় কিন্তু , সেই কিন্তুতে আছিল পলিটিক্সৰ জোঙাল শিংটো । জেংৰাইৰ পলিটিক্সত উজনি মাজুলী খেৰকটীয়া মহাবিদ্যালয় খনিয়ে স্তিমিত সূৰ্য্যৰ দৰে হ’ল । (ললীত পেগুৰ সংগীত পৰিচালনাত পুনৰ সংগীত বাজি উঠিল। অমৰজ্যোতি চৌধুৰী দেবে লিখা আৰু ভুপেন হাজৰিকাদেৱে গোৱা এটি বিষাদৰ গীত )
মই যেন এক স্তিমিত সূৰ্য্য নিসংগ নিবীৰ্য্য
উপহাস সনা মৰম যে মোৰ আৰ্জিত ঐশ্বৰ্য
একলব্য সাধনা মোৰ আঙুলি বিহীন কৰা
অক্ষম তুমি সমাজ শাসন সাঁজিছা দ্ৰোণচাৰ্য আৰু
ভাঙিলা সপোন ইন্দ্ৰধনু কৰি মোক নিচ্ছ
মই যেন এক স্তিমিত সূৰ্য্যৰ নিসংগ নিবীৰ্য্য
উপহাস সনা মৰম যে মোৰ আৰ্জিত ঐশ্বৰ্য ।।
হয় হয় পলিটিক্সৰ ঘূৰ্ণীয়মান চাবুক । চাবুক সিহঁতৰ আঙুলিৰ ফাঁকত । সিহঁতৰ হৃদয় কি কোমল হব পাৰে ? সিহঁতৰ ভাষা কি মিঠা হব পাৰে ? ৰাজনীতিৰ সু দৃষ্টিত জেংৰাইমূখ কলেজখনিয়ে সকলো সা -সুবিধা লাভ কৰিবলৈ সক্ষম হ’ল । তাকে দেখি আমাৰ নব নিযুক্ত প্ৰবক্তা, কৰ্মচাৰী সকলৰ মন ভাগি গ’ল । অধ্যক্ষৰ দায়িত্বত থকা বিষ্ণু বৰা এবছৰো নাথাকিল । চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰী নগেন কলিতাও বিষ্ণু বৰাৰ পথ অনুসৰণ কৰি আঁতৰিল । অধ্যক্ষৰ দায়িত্বত ছমহীয়া আটীৰ পৰা বাণী কান্ত পেগু আহিল কিন্তু কি হব চাৰি মাহৰ পিছত তেখেত যোৰহাটৰ SDC হ’বলৈ গ’লগৈ । দূৰণিবটীযা প্ৰবক্তা সকলেও লাহে -লাহে টালি-টোপোলা বান্ধিবলৈ ধৰিলে । কলেজ খনলৈ বিষাদ আহিল । কোনেও যেন থাকিব বিচৰা নাই । হয়তো কি আশাত থাকিব ? মিছা মিছি জীৱনটো কোনে ধ্বংশ কৰিব ? কলেজ পৰিচালনা সমিতি চিন্তিত হ’ল ।( তেনেতে বিক্ৰম চিং য়েইনৰ গীতটি বাজি উঠাৰ লগে লগে ঐ-নিতমৰ সুৰ বাজি উঠিল । ইজনে সিজনৰ মুখলৈ চাইচে । সঁচাই অপূৰ্ব । ভুপেন হাজৰিকাদেৱে গোৱা গীত । পৰিবেশ সলনি হৈছে । ঐ-নিতমৰ সুৰৰ ৰাগত সকলোৰে মন প্ৰফুল্লিত ।)
বোলো অ মিছিং ডেকাটি
বজালি যে পেম্পাটি
সুৰেৰে সজালি দেখোন
দিচাংমুখৰ নিশাটি
বজালি যে পেঁপাটি ।
হয় তেওঁ আহিল হাতত শংখধ্বনি পেম্পা লৈ । ভাগি পৰা পঁজাটিৰ কাষত ঠিয় দিবলৈ । 1975 চনৰ কোনোবা এটি শুভ দিনত তেওঁ মহাবিদ্যালয়ৰ অধ্যক্ষৰ দায়িত্ব চমজি ল’লে । ছমহীয়া আটীত দেবেন্দ্ৰদেব গোস্বামী আৰু উজনি মাজুলী খেৰকটীয়া মহাবিদ্যালয়ত ফণীধৰ টাহু । মনিকাঞ্চ সংযোগ ঘটিল উজনি মাজুলীত । আন্ধাৰে ঘেৰি ধৰা তথা ভাগি পৰা পঁজাটিলৈ জ্যোতি আহিল । নতুনকৈ কলেজ পৰিচালনা সমিতি গঠন কৰা হ’ল । সভাপতি দেউৱাই পাতিৰ আৰু সম্পাদক মংগলচিং পেগু । পুনৰ কলেজ গঢ়াৰ প্ৰতিশ্ৰুতিৰে সকলোৱে পণ কৰিলে । গুৱাহাটী আৰু ডিব্ৰুগড় । বৰমূৰীয়া সকলৰ পদধূলা বিচাৰি সংগ্ৰাম অব্যাহত ৰাখিলে । ওপৰৰ পৰা পলিটিক্সৰ হেঁচা আহিছে কলেজ বন্ধ কৰিব লাগে । ডিব্ৰুগড় বিশ্ববিদ্যালয়ে অনুমতি নিদিয়াটো কৰিছে । অধ্যক্ষ ফণীধৰ টাহু মাজুলী কলেজৰ অধ্যক্ষৰ শৰণাপন হৈছে । উজনি মাজুলী খেৰকটীয়া মহাবিদ্যালয়ক যিকোনো প্ৰকাৰে সহায় কৰিব লাগে । মনে মনে বুদ্ধি দিলে যে কলেজ খন চলি থাকক কিন্তু ছাত্ৰ-ছাত্ৰীৰ পৰীক্ষা মাজুলী কলেজৰ নামেৰে চলাই নিবলৈ পৰামৰ্শ দিলে । ষোল্ল জন শিক্ষাৰ্থীৰে আৰম্ভ হোৱা মহাবিদ্যালয়ৰ ওপৰত আকৌ অভিযোগ আহিল চকু চৰা সকলৰ পৰা । কলেজ বন্ধ কৰিবলৈ শেষ হুংকাৰ আহিল । পলিটিক্সৰ বাঘা বাঘা লিডাৰৰ সৈতে তৰ্ক যুদ্ধ চলিল কিছু দিন । এফালে মংগলচিং ঈশ্বৰ আনফালে অধ্যক্ষ ইন্দেশ্বৰ । এজন সপ্তম শ্ৰেণী উত্তীৰ্ণ আনজন ডাবল এম এ । তৰ্কাতৰ্কি মনোমালিন্য তেনেকৈয়ে পাৰ হ’ল বহু দিন বহু প্ৰতিঘাট । প্ৰায় পাঁচ বছৰৰ পিছত অৰ্থাৎ 1978 /1979 চনত গোলাপ বৰবৰাৰ চৰকাৰ আহিল । মাল চন্দ্ৰ পেগু বিধায়ক পদৰ পৰা খহিল । চকভাল কাগয়ুং বিধায়ক হ’ল । কলেজলৈ আশাৰ ৰেঙনি আহিল । আগৰ বৰমূৰীয়া সকলৰো সময় উকলিল । পলিটিক্সৰ ঘূৰ্ণীয়মান চাবুক সদায় একে হৈ নাথাকে । নতুন চৰকাৰৰ কৃপাত তথা আমাৰ মহাযুদ্ধা সকলৰ কঠোৰ পৰিশ্ৰমৰ ফলত1979 চনত কলেজ স্থাপনৰ অনুমতি পালে । কলেজ খনলৈ আত্মা ঘুৰি আহিল । এজন দুজনকৈ প্ৰবক্তা আহিবলৈ ধৰিলে । তৰুণ দুৱাৰা চাৰ আৰু দূৰ্গা গগৈ চাৰ কিন্তু আঁতৰি নগ’ল ।
ভাগি পৰা পঁজাটিলৈ শিক্ষাৰ্থীৰ আগমন ঘটিল । নতুন ৰূপত মহাবিদ্যালয়খনে গতি কৰিবলৈ ধৰিলে । সেই সময়ত অসম আন্দোলন তীব্ৰতৰ হোৱাত চৰকাৰী কাম কাজ স্থবিৰ হৈ পৰিছিল । 1982 চনৰ পৰাহে মহাবিদ্যালয় খনে নিজৰ নামত পি ডি চিৰ পৰীক্ষা পাতিবলৈ সক্ষম হৈছিল । 1989 চনৰ পৰাহে শিক্ষক সকলে চৰকাৰী দৰমহা লাভ কৰিবলৈ সক্ষম হৈছে । 1973 চনৰ পৰা 1981চনলৈ এটা যুগ আৰু 1982 চনৰ পৰা স্নাতক মহলা খোলা ও স্বীকৃতি পোৱাৰ সময়লৈকে আন এটা যুগ । 1988 চনত যেতিয়া মই স্নাতক মহলাত পঢ়িবলৈ আহো তেতিয়া মহাবিদ্যালয়ত মুঠ শিক্ষাৰ্থীৰ সংখ্যা আছিল 1230 জন । আজিৰ দৰে উন্নত পকী ঘৰ সুন্দৰ শ্ৰেণী কোঠা নাছিল যদিও মহাবিদ্যালয়ৰ খেৰি ঘৰবোৰত সত্য শিব সুন্দৰৰ সৃষ্টি আৰু কৃষ্টিৰ আৰাধনা চলিছিল ।
মহাবিদ্যালয়ৰ অৱসৰ কালিন ইংৰাজী বিভাগৰ অধ্যাপক জনে সৌ সিদিনা প্ৰাক্তন শিক্ষাৰ্থীৰ বৈঠকত অতীতৰ শিক্ষাৰ্থী আৰু বৰ্তমানৰ শিক্ষাৰ্থীৰ এখন ছবি অংকন কৰিলে । তাহানিৰ শিক্ষাৰ্থী সকল আছিল কিতাপৰ পোক আৰু বৰ্তমানৰ শিক্ষাৰ্থী সকল ম’বাইলৰ পোক । আগৰ শিক্ষাৰ্থীৰ অধ্যয়নৰ প্ৰতি থকা একাগ্ৰতা ডাঠ কাপোৰৰ দৰে । পানী সৰকি নাযায় । আজিৰ শিক্ষাৰ্থীৰ একাগ্ৰতা সেৰেঙা চালনিৰ দৰে । পানী সৰকি যায় । খালো বালো খোলাগুটিৰ তাল । মই তুলনা কৰিব বিচৰা নাই কিয়নো মই তাহানিৰ কথাহে জানো । এতিয়াৰ মইনা হঁতৰ কথাবোৰ চাগৈ বিধান চাৰে কোৱা নিচিনা । যিকি নহওক আমাৰ সময়ৰ কিছু কথা নকলে বিধান চাৰৰ কথাবোৰ হয়তো মিছা বুলি ভাবিব পাৰে । 1988 চনৰ কথা মই স্নাতক মহলাত নাম লগাইছো । কিছু দিনৰ পিছত মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচন । মোৰ একেবাৰে ইচ্ছা নাছিল অৱতীৰ্ণ হ’বলৈ । দিলে নহয় বিপুল ভোটত জিকাই । 1988/1989 চনৰ বাবে সাংস্কৃতিক সম্পাদক হ’লো । কিছু দিনৰ পিছত মহাবিদ্যালয় সপ্তাহ আৰম্ভ হব । সকলোৱে মোক খাটনি ধৰিছে যে একাংকিকা নাটক আনি দিব লাগে । যোৰহাট বাণী মন্দিৰৰ পৰা বচা-বচা ত্ৰিশখন একাংকিকা নাটক কিনি আনি পোন্ধৰটা গ্ৰুপক ভগাই দিলো । মহাবিদ্যালয়ত নাট্য আন্দোলন এটা চুৰু হৈ গ’ল । মোৰ সাংস্কৃতিক উপদেষ্টা হল মাননীয় গনেশ হাজৰিকা চাৰ । চাৰজন সঃগীত নাটক ভাল পোৱা মানুহ । যেনে মানুহ তেনে পদ । বৰ ৰসাল আৰু অভিনয় প্ৰিয় ব্যক্তি । সতীৰ্থই কেছৈ নাটক পৰিচালকৰ টিম এটা তৈয়াৰ কৰি দিব লাগে । ভাগে ভাগে চাৰ সকল জড়িত হৈ পৰিল । সংগীত কুঁৱৰী সকলে টনা আজুৰা কৰিছে । সংগীত পৰিচালক লাগে । ললীত পেগু আৰু প্ৰদীপ পেগুক সংগীতৰ দায়িত্ব অৰ্পণ কৰিলো । সত্য শিব সুন্দৰৰ আৰাধনা চলিল । সংগীতৰ আখৰাত মচগুল সংগীতনুৰাগী আমাৰ সতীৰ্থ সকল । (সংগীত বাজি উঠিল )
সুৰৰে দেউলৰে ৰূপৰে শিকলি
ভাঙি দিলি খুলি দুৱাৰ সোণোৱালী
পুজাৰি অ সুন্দৰ পুজাৰী ।
—–‘- *—-‘ *—- * —— *
শংখ বজোৱা বৰ কাহ বজোৱা
আৰতি লগোৱা বন্তি জ্বলোৱা
অতি উলাহেৰে আদৰি
পুজাৰি অ সুন্দৰ পুজাৰী ।।
এটা উৎসব মুখৰ পৰিৱেশ । অধ্যয়ন সংগীত আৰু নাটক তিনিটাৰে আৰাধনা চলিছে । ক্লাছৰ সময়ত ক্লাছ আকৌ আজৰি সময়ত সংগীত নাটকত ব্যস্ত হৈ পৰে আমাৰ সতীৰ্থ সকল । সাহিত্যত- বুদ্ধেশ্বৰ খাউন্ড সঞ্জীৱ দত্ত, ক্ৰীড়াত -বিৰেণ দলে অজয় দলে ,তৰ্কত-উপেন বৰা সদানন্দ সেনাপতি, সংগীতত- ৰূবী কাকতি গীতা কলিতা অৰ্চনা শীল শকুন্তলা শইকীয়া দীপামনি শইকীয়া আৰু দ্বীব্যৰেখা সেনাপতি অভিনয়ত-নিভা খাউন্ড ৰুমী খাউন্ড বুদ্ধেশ্বৰ খাউন্ড পবিত্ৰ চুতীয়া অনিল দেউৰী গোবিন বৰা আৰু ৰাণী কাকতি । এই সকল সতীৰ্থই বিশেষভাবে নিজৰ নিজৰ পাৰদৰ্শিতাত আগৰণুৱা আছিল । তিনিদিনীয়া সংগীত নাটকৰ কাৰ্য সূচীত সতীৰ্থৰ আত্মীয় স্বজন আৰু কাষৰীয়া ৰাইজৰ উপস্থিতি বৰ সন্তোষ জনক আছিল । তিনি নিশাত একেৰাহে পোন্ধৰটা টিমৰ পোন্ধৰ খন নাটক মঞ্চস্থ হৈছিল । সকলোৰে অভিনয় চমকপ্ৰদ আছিল । নাটক চলি থকাৰ মাজে মাজে মাননীয় অধ্যক্ষ চাৰে শিক্ষাৰ্থীৰ পাৰদৰ্শিতাৰ ভূয়সী প্ৰশংসা কৰি কৈছিল যে আমাৰ কলেজলৈ মেধা শিক্ষাৰ্থীৰ আগমন ঘটিছে । তেওঁলোকৰ অধ্যয়নপ্ৰিয়তা একাগ্ৰতা আৰু কৃষ্টি-সংস্কৃতিৰ সাধনা অতি চমৎকাৰ । যিবোৰ শিকিছে বা জ্ঞান অৰ্জন কৰিছে সেইয়া বিধান চাৰে কোৱাৰ দৰে ডাঠ কাপোৰৰ দৰে পানী সৰকি নাযায় ।
19881 চনৰ পৰা 1990 চনলৈ মহাবিদ্যালয়ত কৃষ্টি আৰু সৃষ্টিৰ আৰাধনা চলিছিল । নাট্য আন্দোলনত বহু কেইখন বিখ্যাত নাটক মঞ্চস্থ হৈছিল । অংগীকাৰ , বিক্ষুব্ধ আগ্নেয়গিৰি, মাক আৰু মৰম ,লভিতা, কাৰেঙৰ লিগিৰী, চিৰাজ ,মূখ্যমন্ত্ৰী, নৰকাসুৰ, ট্ৰিকেন্দ্ৰজিত আৰু শকুনিৰ প্ৰতিশোধ | মহাবিদ্যালয়ৰ চাৰ সকল অভিনয়ত জড়িত হৈ পৰিছিল । গনেশ হাজৰিকা চাৰ ,কমলা দত্ত চাৰ, কালীৰাম কুলি চাৰ ,পুলক গগৈ চাৰ, তৰুণ দুৱৰা চাৰ ,কোষেশ্বৰ বৰুৱা চাৰ ,অনিল হাজৰিকা চাৰ, দূৰ্গা গগৈ চাৰ, আৰু মনিকান্ত মিলি চাৰ । ফুকন চাৰ আৰু চুতীয়া চাৰে সাহিত্যৰ কাম চোৱা চিতা কৰাত আমাৰ ফালে সময় দিব পৰা নাছিল । আমাৰ মায়াশ্ৰী হাজৰিকা মেমৰ অভিনয়ৰ প্ৰতি বৰ চখ আছিল যদিও মন পছন্দৰ চৰিত্ৰ নোপোৱাৰ বাবে থমকিব লগাত পৰিছিল । কুসুম দত্ত মেমে আমাৰ ছোৱালী বিলাকক লৈ মহিলা নাটক পতাৰ কথা মোক কৈছিল । মুলাগাভৰু নাটক খন ঠিক কৰি দিছিলো । অমিতাভ গোস্বামী দেবৰ গল্প তলাতল ঘৰৰ কাহিনী’ ক অশৰীৰি নামদি নাট্যৰূপ দিছিলো । 1989 চনৰ কলেজ মেগাজিনত প্ৰকাশ হৈছিল । শ্ৰেষ্ঠ সাহিত্য প্ৰতিযোগী, শ্ৰেষ্ঠ অভিনেতা,(নাটক ৰসাত্মক শোণিত কুঁৱৰী ) শ্ৰেষ্ঠ মূক অভিনেতা আৰু শ্ৰেষ্ঠ কৌতুক অভিনেতা হিচাপে মহাবিদ্যালয়ৰ পৰা প্ৰশংসা-পত্ৰ বুটলিবলৈ সক্ষম হৈছিলোঁ । শ্ৰেষ্ঠা অভিনেত্ৰী হিচাপে নিভা খাউন্ড আৰু শ্ৰেষ্ঠা কন্ঠশিল্পী হিচাপে ৰুবী কাকতি মোৰ সাংস্কৃতিক সম্পাদকৰ কাৰ্য কালৰ শিক্ষাৰ্থী । সকলোলৈকে আন্তৰিক শুভকামনা জনালোঁ ।
মাননীয় শিক্ষাৰ্থী সতীৰ্থ তথা শুভাকাংক্ষী ৰাইজ সেই সকল শিক্ষা গুৰুক সোঁৱৰিব খোজিছো যাৰ আশীৰ্বাদ অঞ্জলিৰে আমি প্ৰাক্তন শিক্ষাৰ্থী সতীৰ্থই জীৱনৰ বাটত নিজকে চিনাকি দিবলৈ সক্ষম হৈছো । মহাবিদ্যালয়ৰ মহীৰূহ তথা মহাযুদ্ধাৰ সেনাপতি মাননীয় প্ৰাক্তন অধ্যক্ষ শ্ৰীল শ্ৰীযুক্ত ফণীধৰ টাহু দেব , প্ৰয়াত অধ্যাপক তৰুণ দুৱৰা , শ্ৰদ্ধাৰ শিক্ষা গুৰু অধ্যাপক দুৰ্গা গগৈ , অধ্যাপক দিলীপ কুমাৰ ফুকন , অধ্যাপক গনেশ হাজৰিকা, অধ্যাপক কমলা কান্ত দত্ত , মাননীয়া অধ্যাপিকা কুসুম দত্ত, শ্ৰদ্ধাৰ অধ্যাপক তুলেন চুতীয়া, প্ৰয়াত অধ্যাপক কোষেশ্বৰ বৰুৱা , মাননীয় অধ্যাপক কালীৰাম কুলি , শ্ৰদ্ধাৰ অধ্যাপক মনিকান্ত মিলি , শ্ৰদ্ধাৰ শিক্ষা গুৰু গকুল বৰা চাৰ , শ্ৰদ্ধাৰ তিলক বৰা চাৰ , মাননীয়া অধ্যাপিকা মায়াশ্ৰী হাজৰিকা, মাননীয় অধ্যাপক অনিল হাজৰিকা, মাননীয় অধ্যাপক পুলক গগৈ আৰু মাননীয় অৱসৰ কালিন ইংৰাজী বিভাগৰ অধ্যাপক বিধান চাৰ । আপোনাসবৰ শ্ৰীচৰণত সেৱা জনাইছো । আপোনাসবক ঈশ্বৰে কুশলে মংগলে ৰাখক তাৰেই কামনা কৰিলোঁ লগতে মহাবিদ্যালয়ৰ প্ৰাক্তন কৰ্মচাৰী বৃন্দ আপোনাসবক শ্ৰদ্ধাৰে সোঁৱৰিছো । চতুৰ্থ বৰ্গৰ কৰ্মচাৰী অৱসৰ প্ৰাপ্ত গজেন বৰা ককাইদেউক সেৱা জনাইছো । সদৌ শেষত এটি কবিতাৰে মোৰ ভাষণ সামৰণী মাৰিছোঁ।
সত্যম শিবম সুন্দৰম
শ্ৰদ্ধাবান লভতে জ্ঞানম ।।
তুমি ওপজা মাটিৰ পুলকিত পংকজ শতদল ,
তোমাৰ শুভ্ৰ কুসুম পাহিত দেখো আৰ্তজনৰ মনোবল ।
তুমি কাৰ্পুমপুলি, মন্দাকিনী,অলকানন্দা সুৰৰ ৰতন ,
তোমাৰ বীণাত ঝংকাৰিত হয় প্ৰভাতী ঊষা কীৰ্তন ।
তুমি ফেৰাংগাদাও, উদিত সূৰ্য্য এক সাহসী কৰ্তা ,
তোমাৰ তেজাল ধমণিত সদা গুঞ্জৰিত এক স্বদেশী বাৰ্তা ।
সত্যম শিবম সুন্দৰম
শ্ৰদ্ধাবান লভতে জ্ঞানম ।।
তুমি চিত্ৰাংগদা, শকুন্তলা,কিম্বা প্ৰহৰী চিত্ৰলেখা,
তোমাৰ প্ৰেমত আছে প্ৰেম নশ্বৰ অবিনশ্বৰ এক মধুলেখা ।
তুমি লুইতপৰীয়া ডেকা বন্ধু প্ৰাণৰ খেৰকটীযা,
তোমাৰ উৰ্বৰা ভূমিত অংকুৰিত হয় সৃষ্টিৰ কঠিয়া ।
তুমি ত্ৰিকালদৰ্শী ত্ৰিণয়ন কৃষ্টিৰ নটৰাজ,
তোমাৰ নৃত্যত সৃষ্টি হয় কাব্যিক ৰসৰাজ ।
সত্যম শিবম সুন্দৰম
শ্ৰদ্ধাবান লভতে জ্ঞানম ।।
তুমি উৰ্বশী, মেনকা,ত্ৰিলোত্তমা কিম্বা মুকুতাৰ মালা,
তোমাৰ স্বৰ্গীয় আভূষণে আনে ধ্ৰুপদী সুকুমাৰ কলা ।
তুমি চৃচাং-চৃদুক কিম্বা বৃৰদূগ আপ্পুন ,
তোমাৰ যৌৱনত আছে শ্বাশ্বত প্ৰেমৰ দাপোণ ।
তুমি জ্যোতিৰূপা, চিকিমিকি তৰালী এটি Uksinggoying,
তোমাৰ সেন্দুৰীয়া বাটেৰে জানা We are going.
সত্যম শিবম সুন্দৰম
শ্ৰদ্ধাবান লভতে জ্ঞানম ।।




