সাহিত্য সুৰভি

অৱশেষত জীৱন বৰ নম্ৰ হৈ পৰে—ৰবীন ভূঞা

অৱশেষত জীৱন বৰ নম্ৰ হৈ পৰে..

©ৰবীন ভূঞা

জীৱনৰ বাট
অনেক কথকতা
এটা পুৰণি সাধুৰ দৰে চৰ্বিত -চৰ্বণ

মেঘ জোনাকৰ মায়া
সৰল পদ্যৰ ছন্দত বৰষুণ
কেতেকী ফুলা বতৰৰ দৰে
এটা সপোন
জীৱনৰ কোলাত চিৰদিন এটা অবুজ শিশু
ভালপোৱাৰো এটা বতৰ আছে
বকুলবাৰীত জোনাকী উৰে

এটা বিষণ্ণ ৰাতি
জিলিয়ে জগাই তোলে
মৌনতাৰ এখন পৃথিৱী
অৱশেষত জীৱন
বৰ নম্ৰ হৈ পৰে
গধূলিৰ দবা-কাঁহ বাজে

অকলশৰীয়া এটা বাটেৰে
মানুহ গৈ থাকে
কোনো কাৰো বিকল্প নহয়

মৰি গৈ আছে সময়
আকৌ জী উঠিছে
ফুলা ফুলবোৰত
মৰহাৰ বিষাদ
অকলশৰীয়া এটা মাতে
কন্দুৱাই থাকে
কোনেও নাজানে
কোন সমূদ্ৰত কোন উটি বুৰি ফুৰে৷৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button