সাহিত্য সুৰভি

আই – জ্যোতিৰেখা দেৱী

আই

©জ্যোতিৰেখা দেৱী

আই,
তোৰ বৰ কষ্ট হৈছিল ন?
তোৰ ভৰ জোনাকৰ মাজ নিশাতেই
যেতিয়া মৰআউশীৰ এন্ধাৰ নামিছিল
তোৰ বৰ কষ্ট হৈছিল ন?
আউশীৰ এন্ধাৰত যেতিয়া হেৰাই গৈছিল
তোৰ মনৰ মানুহ জন।
তোৰ বৰ কষ্ট হৈছিল ন?

আই
তই তোৰ হিমচেচা কলিজাটো লুকুৱাই
তোৰ পাঁচোটিকৈ সন্তানক
তোৰ ঙৰুঙা বুকুতখনিত কেনেকৈবাৰু
সাৱতি ৰাখিছিলি?
তোৰ বাৰু বৰ কষ্ট হোৱা নাছিলনে?
তোৰ বৰ কষ্ট হৈছিল ন?

তই তোৰ উকা কপাল খনত
উকা ফোঁট এটি আঁকি
মাথোঁ ওৰেটো জীৱন মাতৃ স্নেহৰ
ৰহণ আঁকিলি।

মই জানো আই
তেতিয়া তোৰ বুকুৱেদি বৈ আছিল
এখন তেজৰ অলকানন্দা।

আই
তই মহিয়সী,
তই জীৱন প্ৰতিয়সী
আৰু
তয়েই হেজাৰ নাৰীৰ
দৃষ্টান্তৰ প্ৰতিলিপি

অ আই
মই এতিয়া বৰজনী হ’লো জান?
এতিয়া মইও কাৰুবাৰ
আই হ’লো।
সেয়ে,
জোনাক বিচৰা
জোনাকহীন তোৰ মনৰ আকাশখন
এতিয়া মই চুই চাব পৰা হ’লো
আৰু
চুই চাব পৰাকৈ
মই এতিয়া বৰজনী হ’লো আই
তোৰ হেঁপাহৰ বৰ নৈ খন
শুকাই যোৱাৰ বেদনা কিমান
বুজিব পৰাকৈ
মই এতিয়া
বাৰুকৈয়ে বৰজনী হ’লো আই।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button