বিশেষ লেখাসাহিত্য সুৰভি

আঘোণৰ পথাৰৰ ৰঙীণ চিত্রপট-দুলুমণি দেৱী

আঘোণৰ পথাৰৰ ৰঙীণ চিত্রপট

আঘোণৰ মাহতে উথলি উঠে অসমীয়াৰ মন প্রাণ৷ পকা ধানে যেতিয়া ৰিঙিয়াই মাতে, স্নেহসিক্ত তন্ময়তা জাগ্রত হৈ কলিজাত বৈ যায় ভালপোৱাৰ স্রোতস্বিনী৷ সেউজীয়া গছবোৰ, ধানবোৰ, পাত‌বোৰ, নৰাবোৰ সকলোৰে মাটি স্পর্শ কৰি ধৰাত বিলাই দিয়া মাদকতাৰ সান্নিধ্যই সমস্যাবহুল জীৱনটো বিলাই দিয়ে এচাটি সুগন্ধি মলয়া৷ সেউজীয়া পথাৰখনত এচেৰেঙা কোমল ৰ’দৰ আভাই যেতিয়া ভুমুকি মাৰে দাৱনীয়েও হাতত কাঁচি লৈ আগবাঢ়ে সোনগুটি চপাবলৈ কৃষক ৰাইজে গোটাই চপাই বছৰটোলৈ আজৰি হৈ বেলেগ বেলেগ শস্য খেতি কৰিবৰ বাবে পৰিকল্পনা কৰে৷

কেঁচা মাটিৰ গোন্ধ লৈ, লগতে ধাননি পথাৰত ৰবাব টেঙাৰ জুতি লৈ মিঠা মিঠা সান্নিধ্যৰ সোৱাদ লৈ আঁকিব পাৰি নানাৰঙী ছবি৷ ল’ৰালিতে ধাননি পথাৰত কৰা ধেমালিবোৰ বয়সৰ লগে লগে মানসপটত চুই যায় ব্যস্ততাৰ মাজতো আমনি কৰে, পুনৰাই মন যায় ওভতি যাবলৈ সেই দিনলৈ। যিবিলাক দিন আছিল অতিকৈ মধুৰ বিশেষকৈ ধাননি পথাৰত ধান কাটি যোৱাৰ লগে লগে জিৰণি লবলৈ কাপোৰ বান্ধি তাৰ তলত খেলিবৰ বাবে কোচাই কোচাই নৰা কাটি আনি তাৰ পৰা বনোৱা চাতি, জাপি আৰু কত যে কি বনোৱা হৈছিল প্রত্যেকটো বস্তৰ মাদকতাই সুকীয়া। তদুপৰি লেচেৰি বুটলি পোৱা টকাৰে মাঘৰ বিহুত পিন্ধিবলৈ অনা কাপোৰৰ আমেজেই আছিল অত্যন্ত আমোদজনক৷ স্কুল বন্ধ হলে গোটেই দিনটো যেতিয়া পথাৰত কটাই সন্ধিয়া ঘৰলৈ ওভতা হয় নৰাই কাটি ভৰি হাতত দুখ পোৱা ঠাইখিনিত পুনৰ চেকনিৰ কোব আছেই৷ কাৰণ দিনটো খেলা ধুলা কৰিলে ৰাতি টোপনি অহাটো স্বাভাৱিক,গতিকে কিতাপ মেলিলেই টোপনি যেতিয়া আহে চিতিপ চাতাপ পৰা কোব কেইটাই সোঁৱৰাই দিয়ে দায়বদ্ধতাৰ কথা ৷

সময়ৰ গতিত সকলো যেন সলনি হৈছে, আজিৰ প্রজন্মই সেই ধাননি পথাৰত চিনাকি হ’বলৈ সময়ে বা কত, কিতাপবোৰ, কলমবোৰ, কাগজবোৰ, ইত্যাদি লগতেই ব্যস্ত, ব্যস্ত হ’বই লাগিব এয়া যেন সময়ে কৈ যায়, যি কি নহওক সেই ব্যস্ততাৰ মাজতো তেওঁলোকক চিনা পৰিচয় কৰি দিয়াটো আমাৰ কৰণীয়। যিহেতু ভাৰত এখন কৃষিপ্রধান দেশ হিচাপে কৃষিৰ বিষয়ে জনাটো, খেতি মাটিখিনিৰ বিষয়ে ভবাটো সকলোৰে কর্তব্য আৰু কৰণীয়।

লেখিকাঃ দুলুমণি দেৱী, মাকুম, ভ্ৰাম্যভাষঃ9678164974

                                                                                                                       

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button