আদহীয়া মহিলাসকলৰ মনৰ সংঘাত -ৰাজু সোণোৱাল দেউৰী

আদহীয়া মহিলাসকলৰ মনৰ সংঘাত
বয়সসন্ধিৰ নিচিনাকৈ চল্লিশৰ পাছৰ জীৱনটোৰো এটা নাম থকা উচিত । ঠিক গাভৰুও নহয়, বুঢ়ীও নহয়, অদ্ভুত এক বয়সসন্ধি । সৰহভাগ ক্ষেত্ৰতে এওঁলোক ১৫-২০ বছৰ ধৰি একোগৰাকী সংসাৰী নাৰী । এটা বা দুটা সন্তানৰ মাক হ’লেও মনৰ ভিতৰৰ কিশোৰীজনী ক’ৰবাত যেন লুকাই থাকি যায় । মনৰ সেই কিশোৰীজনীক সকলো সময়তে অবদমনৰ ক্লান্তিকৰ প্ৰচেষ্টা । কাৰণ পৰিৱেশ পৰিস্থিতিৰ বিপৰিতে নিৰ্লজভাবে থিয় দিয়াটো নিশ্চয়কৈ হাস্যকৰ ।
যি পাব লগা আছিল আৰু যি পোৱা নহ’ল, মনে নিবিচাৰিলেও মনটোৱে বাৰে বাৰে সেই হিচাপটোকে কৰিব বিচাৰে । কিমাননো আৰু ব্যস্ত হৈ থাকিব পাৰি; সংসাৰ, ৰন্ধা-বঢ়া নাইবা অফিচটোকে লৈ?
দিনটোৰ শেষত নোপোৱা বিলাকে কিবা যেন খোঁচা-বিন্ধা কৰি থাকে, কোনোবা এজনতো থাকক, কোনোবাইতো শুনক মনৰ সকলো কথা, কোনো জাজমেণ্ট নোহোৱাকৈয়ে! ইফালে সংসাৰ, ল’ৰা-ছোৱালীক মানুহ কৰোঁতে কৰোঁতে জীৱনটো বন্ধুহীন হৈ পৰে, সকলোৱেই নিজৰ নিজৰ জীৱনক লৈ ব্যস্ত ।
চল্লিশৰ বয়স পাৰ হোৱা মহিলা বিলাকে এক কঠিন ৰোগত ভোগে, নষ্টালজীয়া । হকে-বিহকে মাত্ৰ পুৰণি কথাবোৰকে মনত পৰে । পুৰণা ক্ষত বিলাকে মনত জক্মকাই উঠে! আকৌ মনত পৰে এৰি অহা শৈশৱ, তাৰুণ্যৰ চঞ্চল মন, স্কুল, কলেজ, ইউনিভাৰ্চিটিৰ সোণালী দিনবিলাক, লগতে প্ৰথম দেখাৰ মুহূৰ্তটো, কেতিয়াবা শেষ নোহোৱা কত কাহিনী, বৃষ্টিবিলাস! যি ক্ষন্তেকৰ বাবে হলেও নিজৰ হৈছিল, যিয়ে কষ্ট দিছিল নাইবা নিবিচাৰোঁতেও যাক কষ্ট দিব লগা হৈছিল, সকলো মনত পৰি যায় সময়ে অসময়ে ।
নিশা সকলো কাম কৰি উঠি আয়নাৰ সমুখত থিয় দিলে নিজকে বৰ বেয়া দেখি । আধা চুলি সৰি পৰিছে, শোটোৰা পৰা মুখত বলিৰেখা বিলাক প্ৰকট হৈ পৰিছে, এটা সময়ৰ মেদহীন শৰীৰটো সপোন যেন লাগে, পেটত ষ্ট্ৰেচ মাৰ্কৰ দাগ, সকলো মিলি বৰ কুৎসিত লাগে নিজকে । এই বিষণ্ণতা ঢাকিবলৈকে হয়তো কেতিয়াবা মাতাল হৈ থাকিবলৈকো মন যায় ।
জীৱনৰ অৰ্ধেক সময় পাৰ কৰি আহি দুকুৰিৰ দেওনা পাৰ কৰা মহিলা সকলৰ কেতিয়াবা দূৰ্নিবাৰ প্ৰেমইচ্ছা জাগি উঠে । কিন্তু প্ৰেম কৰাৰ বাবে প্ৰেম নহয় ।
তেওঁলোকে ভাবে কোনোবা এজন থাককচোন, কোনোবাই শুনকচোন সকলো কথা, আকৌ এবাৰ কাৰোবাৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হ’বলৈ মন যায় । মনটোৱে আকৌ এবাৰ সকলো নতুনকৈ আৰম্ভ কৰিব বিচাৰে । মনটোৱে নতুনকৈ কাকো নিবিচাৰে, পুৰণা মানুহজনকেই আকৌ নতুনকৈ চাব বিচাৰে । আকৌ তেওঁৰ চকুৰ তৰা হৈ থাকিবলৈ বৰ হেপাহ হয় । সংসাৰ, বাস্তৱতা সকলো অস্বীকাৰ কৰিব বিচাৰে মনটোৱে, মাজে মাজে ।
দুকুৰিৰ দেওনা পাৰ কৰা মহিলাৰ মাক-দেউতাকলৈ খুব মনত পৰে । মাক-দেউতাকৰ লগত থকা জীৱনৰ দিন কেইটালৈ বৰকৈ মনত পৰে । কিন্তু তেওঁলোকৰ বাবে যি কৰিবলৈ হেপাহ কৰে তাক বিচাৰিলেই কৰিব পৰা নেযায় । কেৱল মাক-দেউতাকৰ ছোৱালী বুলিয়েই অধিকাৰবোধক সীমিত কৰি ৰাখিব লগা কথাটোৱেহে বৰকৈ ভবাই তুলে । অকল ফাইনেন্সিয়েলি ইণ্ডিপেণ্ডেণ্ট হ’লেই জানো সমাজে ইণ্ডিপেণ্ডেন্স দিয়ে? মহিলাই কেতিয়াও সমাজৰ দাসত্বৰ পৰা সম্পূৰ্ণকৈ বাহিৰ হৈ আহিব নোৱাৰে ।
দুকুৰিৰ দেওনা পাৰ কৰা মহিলাৰ মাজে মাজে খুব অকলশৰে থাকিবলৈ মন যায়, নিজৰ মতে, নিজৰ বাবে । পিছমুহূৰ্ততে আকৌ সন্তানৰ বাবে মনটোৱে কান্দে । মহিলা সকলে সকলোতকৈ বেচিকৈ মৃত্যুক ভয় কৰে । শত অভিমানতো জীয়াই থাকিবলৈ বিচাৰে, সন্তানৰ বাবে । অন্ততঃ যিমানদিন সন্তানসকলৰ জীৱনৰ বাবে তেওঁৰ প্ৰয়োজন থাকে সিমানদিন । কেতিয়াবা চিঞৰি চিঞৰি কান্দিবলৈ খুব ইচ্ছা হয়, কিন্তু সেই কান্দোন যেন কোনেও শুনিবলৈ নেপায়, তাকে কৰিবলৈ এনে এখন ঠাই বিচাৰি হয়তো জীৱনটোৱেই পাৰ হৈ যায় ।
দুকুৰিৰ দেওনা পাৰ কৰি মহিলাসকলৰ সবুজ মনটো লাহে লাহে নীলা হ’বলৈ আৰম্ভ কৰে, প্ৰথমতে পাতলকৈ তাৰ পাছত লাহে লাহে গাঢ় হৈ আহে । এটা সময়ত তেপতেপাই থকা মানুহজনী নিস্তব্ধ হৈ পৰে, সকলো কথাকে মানি লৈ জীয়াই থাকিবলৈ শিকি যায় । হাতৰ পৰা বাটি এটা খহি পৰিলেই যে মহিলাৰ চকুৰ পানী, নাকৰ পানী একাকাৰ হৈ পৰে, তাইৰ নিঃশব্দ কান্দোন একেবাৰে কাষতে থকাজনেও উমান নেপায় । বেলেন্স কৰোঁতে কৰোঁতে কেতিয়াবা নিজৰ কথাকে পাহৰি যায় । পাহৰি যায় কি কৰিলে ভাল লাগিব, কেতিয়াবা মনে কি বিচাৰে তাকো পাহৰি যায় ।
দুকুৰিৰ দেওনা পাৰ কৰা মহিলাৰ শৰীৰটোৱেও আগৰ নিচিনাকৈ আৰু চাপ’ৰ্ট নকৰে । অপাৰেশ্বনৰ ঢাক্কা, মেৰুদণ্ডত দিয়া ইঞ্জেকশ্বনে শৰীৰটোক অকাজী কৰি পেলায় । ভঙা ককালটো লৈ মাত্ৰ ৰন্ধাবঢ়া, সন্তানৰ দেখাশোনা, ঘৰৰ দেধাৰ কাম, কৰ্মক্ষেত্ৰলৈ জাৰ্নী আদি সকলো কৰি যাব লগা হয় নিঃশব্দে । তথাপি দিনৰ শেষত শুনিব লগা হয় একোকে নকৰে ।
- দুকুৰিৰ দেওনা পাৰ কৰা মহিলাক নিৰ্ঘাত যত্নৰ প্ৰয়োজন । তেওঁলোকে আশা কৰে, তেওঁলোকৰ মনটোৰ যেন যত্ন লওকচোন ।
[কাৰোবাৰ সৈতে মিলি গ’লে ক্ষমা কৰিব]




