আঞ্চলিক সংবাদ

আমেৰিকাৰ মেৰিলেণ্ড বিশ্ববিদ্যালয়ৰ সন্মিলনত অংশগ্ৰহণৰ সুযোগ গহপুৰৰ মায়েংগাঁৱৰ মেধাৱী ছাত্ৰী বন্দনা মিলিৰ…..।।

আমেৰিকাৰ মেৰিলেণ্ড বিশ্ববিদ্যালয়ৰ সন্মিলনত অংশগ্ৰহণৰ সুযোগ গহপুৰৰ মায়েংগাঁৱৰ মেধাৱী ছাত্ৰী বন্দনা মিলিৰ…..।।

ডিজিটেল সংবাদঃ আই আই টি কানপুৰত গৱেষিকা ছাত্ৰী হিচাপে অধ্যয়ন কৰি থকা গহপুৰৰ মেধাৱী ছাত্ৰী বন্দনা মিলি আমেৰিকা(ইউ এছ এ)ৰ মেৰিলেণ্ড বিশ্ববিদ্যালয়ত অনুষ্ঠিত হ’বলগীয়া Association for the Study of Literature and Environment (ASLE) সন্মিলনত তেওঁৰ কৰ্মৰাজি উপস্থাপন কৰিবলৈ ASLE Travel Award ৰ বাবে নিৰ্বাচিত হৈছে।চলিত বৰ্ষৰ অহা ৮ জুলাইৰ পৰা ১১ জুলাইলৈ অনুষ্ঠিত হ’বলগীয়া উক্ত সন্মিলনত অংশগ্ৰহণ কৰিব বন্দনা মিলিয়ে।পণ্ডিচেৰী কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰাৰ পিছত আই আই টি কানপুৰত গৱেষিকা ছাত্ৰী হিচাপে অধ্যয়ন কৰি আছে তেওঁ।বন্দনা মিলি গহপুৰ সমজিলাৰ হেলেম মৌজাৰ অন্তৰ্গত মায়েংগাঁও নিবাসী অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক টংকেশ্বৰ মিলি আৰু প্ৰজ্বলিকা মিলিৰ কন্যা।বন্দনা মিলিৰ এই সফলতাত গহপুৰৰ শৈক্ষিক সমাজে আনন্দ প্ৰকাশ কৰি কৃতী ছাত্ৰীগৰাকীক অভিনন্দন জ্ঞাপন কৰিছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button