কাব্য সুৰভি

তোমাৰ শিলাময় হৃদয়ৰ পাৰত ৰৈ
©প্ৰণৱ কুমাৰ বৰ্মন
তুমি শিলৰ মাজত আছা
পালন কৰিছা শিলৰ ৰূপালী জয়ন্তী বৰ্ষ
কাৰণ শিল তোমাৰ বুকুৰ মাজত বাস কৰে
তুমি পানীৰ মাজত আছা
পালন কৰিছা পানীৰ সতে ৰূপালী জয়ন্তী বৰ্ষ
তুমি পানীৰ দৰে বোৱতী
ক’তো নাথাকা ৰৈ
তুমি পাহাৰৰ নামনিত আছা
পাহাৰৰ ছায়াত
পালন কৰিছা শোকৰ ছায়াৰ ৰূপালী জয়ন্তী বৰ্ষ
তুমি জলপ্ৰপাতৰ সমুখত আছা
কোনেও দেখা নাই
চকুপানী তোমাৰ কেনেদৰে সৰে
তুমি পালন কৰিছা চকুপানীৰ ৰূপালী জয়ন্তী বৰ্ষ
তোমাক যে মই ভালপালোঁ
সেই ভালপোৱাৰ ৰূপালী জয়ন্তী বৰ্ষত
আমাৰ সমাধিত
কোনো নাথাকিব
তুমিও
ময়ো!!
*************
ফাগুনৰ চঞ্চলা প্ৰেমিক
✍️অমিয় নাথ
গহপুৰ
ফাগুনৰ চঞ্চলা বতাহ জাকত
পৰিচয় বিহীন মোৰ ঠিকনা
উকা কাগজতেই এটি কলমৰ যাত্ৰা
মাথো মোৰ লিখি লিখি শেষ নোহোৱা
পৃষ্ঠা যোৰা ন কুঁহিপাতৰ সৃষ্টিশীলতা।
শুকান গছৰ উদং বুকুত নাই শালীনতা
সেউজ ভৰা সপোন হয় বিভোৰ
পচোৱা বতাহ জাকত মই নিজকে পাহৰো
জান জুৰি নিজৰাক সুধো তুমি বাৰু কোন-?
বগা চাদৰৰ আঁৰত মৌ সনা হাঁহিৰে
বিলীন হৈ যোৱা তুমি নীলিম আকাশত
জোন তৰা বেলিক সুধো তুমি বাৰু কোন-?
ফাগুনৰ পলাশ মদাৰ আজন্ম প্ৰেমিক মই
গৈ গৈ শেষ নোহোৱা এখন নদীৰ নাম
ফাগুনৰ বুকুত লিখিলোঁ কবিতাৰ সন্ধান
স্বীকৃত হলো মই আজি মদাৰ ফুলৰ লগত
মদাৰ ফুলৰ গোন্ধ নাই বুলি বহুতে কলে
তথাপিতো হলো মই পূজাত নলগা মদাৰে লগৰীয়া
মাথো মোৰ লিখি লিখি শেষ নোহোৱা
পৃষ্ঠা যোৰা ন কুঁহিপাতৰ ফাগুনৰ সৃষ্টিশীলতা ।
*******
বাস্তৱৰ ছবি
✍️অলি বৰুৱা
কিছুমান প্ৰশ্নৰ উত্তৰ নাই
যিজনে মোক নুবুজে তেওঁক মই
ভালদৰে বুজি পাওঁ
সাম্প্ৰতিক মই শিকি ল’লোঁ কিছু বাচি থকাৰ কৌশল
চমৎকাৰী বুদ্ধিদীপ্ত সংলাপ আৰু চমৎকাৰী অভিনয়ৰে নিজক প্ৰস্তুত কৰিছোঁ।
বুকুত এচটা শিল বান্ধি হাঁহিবলৈ শিকিছোঁ।
শৰীৰত বৰ্ণিল পোছাক পিন্ধি
নামিলো পোহৰৰ সন্ধানত
ক্লান্ত শৰীৰত
খুৱেই জিৰণিৰ দৰকাৰ
তথাপি খোজ দিলো আগলৈ
ভগ্নহৃদয়খনত ভৰাই থোৱা
দুখৰ পাহাৰখন নিৰ্লজ আশাত বন্ধী আজি৷
জীয়াই থাকিবলৈ মৰণপণ কৰিছোঁ
অনৈক্যৰ মাজত ঐক্য হৈ
ব্যতিব্যস্ত কথাবোৰক নিদিও আজি প্ৰশ্চয়
সেয়ে হয়তো মই অপৰাজয়ী
উপেক্ষিতা, নিৰ্দয় অৱলা কলংকাৰিনী নাইবা অৱহেলিত নহও মই
তুমি সজা সজাত বন্ধীও
নহও মই
বাস্তৱেই মোক শিকাই দিলে
সত্যৰ সন্ধান কিদৰে কৰিব পাৰি
সেয়ে আজি মই সুখী প্ৰতিপলে–!!
**************
বাউলী প্ৰিয়া
✍️মনীষা বৈশ্য নমিতা
উন্মনা ফাগুণৰপ্ৰথম বৰষুণজাকৰ
স্পৰ্শত হৃদয়ত প্ৰস্ফূটিত হৈছে
এটি তেজৰঙী গোলাপ ।
মোৰ সমস্ত সত্বাত বিয়পি
পৰিছে প্ৰেমৰ সুবাস ।
চিপ চিপ বৰষুণজাকৰ প্ৰতিটো টোপালে
হৃদয়ত উদ্ভাৱিত কৰিছে প্ৰেমৰ নিজৰা
উন্মনা ফাগুনে প্ৰেমৰ আবিৰ চতিয়াই
বাউলী প্ৰিয়াক কৰিছে আপোন পাহৰা।
বৰষুণজাকত আজি বৰকৈ তিতিব মন গৈছে
নিজকে সজাই তুলিব মন গৈছে।
উতনুৱা ফাগুনৰ চঞ্চলা হৰিণীজনী হৈ
মন অৰণ্যত বিচৰন কৰিব মন গৈছে।
আনন্দত নাচি নাচি মইজনী বাউলী হৈ পৰিছো।
মোৰ উন্মনা মনটো যে আজি স্থিৰে থকা নাই
কি কৰো কি নকৰো একো ভাবি পোৱা নাই।
মোৰ আউলী বাউলী চুলিখিনিত
এপাহ ফুল গুজি লৈছো
দুহাতত জেতুকাৰ বোল সানিছো
তুমি ভাল পোৱা যে সেই বাবে !
দেহত পলাশ ৰঙী শাৰীখন আৰি লৈছো
এবাৰ চোৱাচোন ! মোলৈ
তোমাৰ ৰঙতে আজি মই ৰঙীণ হৈছো ।
এতিয়া অপেক্ষা কৰিছো মাথোঁ তোমালৈ
কেতিয়ানো আহিবা তুমি মোৰ ওচৰলৈ
মোৰ কঁপালত তোমাৰ নামৰ জোনাক আঁকিবলৈ ।
*******
নিসংগতা
✍️অশ্ৰুমণি গগৈ
দুখৰ অৰণ্যত জিৰাওঁ কেতিয়াবা
সৰি পৰা শুকান পাত খুচৰি
বিচাৰি ফুৰো
মৰি মৰি জীয়াই থকা
নিলাজ সপোনৰ ভালপোৱা।
যি ভালপোৱাত বিচাৰি নাপাওঁ
মই তোমাক বা তুমি মোক।
হৃদয়ৰ নিভৃত কোণত বৈ থাকে
এখনি নদী প্ৰতিনিয়ত
যি নদীৰ বুকুত ভাহি থাকে
এটি ঠিকনা
কোনোকালেই বিচাৰি নোপোৱা।
অভিজ্ঞতাৰ অনিৰ্বাপিত অগ্নিত
অৰ্পণ কৰো বুকুৰ দুখ
দুচকুৰে নামি অহা লুণীয়া এসুঁতিত
বিচাৰি ফুৰো তোমাৰ জোনাকী মুখ।
সৰাপাতৰ উচুপনিত এতিয়া
আকাশে আকাশে নিনাদিত হয়
সৰি পৰা সপোনৰ সকৰুণ গীত
যি গীতৰ সুৰত
নিজেই নিজক বিচাৰি ফুৰাৰ
নিৰ্জনতাৰ পথৰ পথিক।
*******
বীৰ চিলাৰায়
✍️ সূৰজ বৰগোঁহাই, ধেমাজি
শুক্লধ্বজ, সৰম সিংহ, ৰজা চিলাৰায়
‘পৰমৰসিক গুৰু ৰজা শুল্কধ্বজ’ নামেৰে নামাংকিত
শ্ৰীমন্ত শংকৰদেৱ গুৰু যাৰ
তেওঁৰ নাম বীৰ চিলাৰায় ।
প্ৰতাপী প্ৰবল পৰাক্ৰমী কোঁচ ৰজা চিলাৰায়
শ্ৰীমন্ত শংকৰদেৱক দিলে প্ৰাণত ঠাই,
সাহিত্য-সংস্কৃতি,ধৰ্ম-কৃষ্টিৰ বীজ সিঁচিলে
অসমীয়াৰ মজিয়াত ঠাই পাই।
সংস্কৃত সাহিত্য সংগীত সেনাপতি চিলাৰায়
“সাৰৱতী টীকা” গ্ৰন্থৰ প্ৰণেতা
কামাখ্যা, মধুপুৰ সত্ৰৰ নিৰ্মাতা চিলাৰায়।
এডৱাৰ্ড গেইট ৰ “কাইট কিং ”
ৰজা নৰনাৰায়ণৰ ভাতৃ প্ৰতীম বীৰ চিলাৰায়,
কামৰূপ কমতা ৰাজ্যৰ মহিমামণ্ডিত পণ্ডিত
জনতাৰ হৃদয়ৰ ৰজা শুক্লধ্বজ বীৰ চিলাৰায়
আপোনাক শত কৌটি নমস্কাৰ।
**********

“ফাগুনে কি আনে”
✍️ৰুমী কলিতা দত্ত
গাঁও-২ নং কেন্দুগুৰি, ডিব্ৰুগড়
ফাগুনে লৈ আনে নানা ৰং
পলাশ-মদাৰৰ কোলালৈ
পছোৱাজাকে লৈ আনে সুবাস
বসন্তৰ বাতৰি বিলাবলৈ !
কুলিৰ মাতত আহে এটি মিঠা সুৰ
জীৱন-যৌৱনৰ
লঠঙা ডালত কুঁহিপাতৰ শব্দৰ মৌ-ৰস
তাতে বুকুৰ ৰাংঢালী সপোনবোৰ!
প্ৰকৃতিৰ ৰূপত বিভোৰ মন-প্ৰাণ
পৰিবৰ্তন মানৱ জীৱনৰ,
সময়ে বুজাই দিয়ে সুখ আৰু দুখ
উপলব্ধি কৰি লওঁ প্ৰতিটো বস্তুক !
কাৰ হাতৰ পৰশত
কি যাদু আছে
বিবিধ ফুলৰ পাহিত
পখিলাই নাচে!
গছে-বনে ফলে-ফুলে
প্ৰকৃতি শুৱনি
কোনেনো বাৰু
সজাই তোলে ধৰণী ?
নীলা আকাশৰ
হেঙুলীয়া বেলি লৈ
ফাগুন নামি আহে প্ৰকৃতিলৈ,
জননীৰ কোমল দলিচা পাৰি
আলোকৰ ছন্দেৰে অহা-যোৱাৰ বেদনাৰে
সুখ-দুখৰ অনেক সমষ্টি হৈ!
*********
ফাগুন
✍️নাছৰিণ চুলতানা
সুৰুযৰ প্ৰভাতী লহৰে ৰাঙলী কৰা
প্ৰিয় এটি মাহ ফাগুন,
বৰ প্ৰিয় ফাগুনৰ বলিয়া বতাহজাক।
পলাশ, মদাৰৰ ৰাঙলী ৰঙে ৰঙীন কৰে,
প্ৰকৃতিৰ মনোমোহা ৰূপ
তুমি বা কেতিয়া ৰাঙলী কৰা
মোৰ উকা কপালখন?
ৰিব-ৰিব মলয়াৰ বতাহজাকে
কেৱল তোমাৰ কথাকে সোঁৱৰাই।
বলিয়া ফাগুনৰ বলিয়া বতাহজাকে
মোক উন্মনা কৰি তোলে,
খন্তেকতে বিলীন হঁও
তোমাৰ মৰমখনা পৃথিৱীখনত।
লঠঙা ডালবিলাকত হালধীয়া
সোণাৰুৰ হালধীয়া অপৰূপ সৌন্দৰ্য্যই ,
শোভা বৰ্ধন কৰি প্ৰকৃতিক
এক নতুন ৰূপ দি
পিন্ধাই দিয়ে সুন্দৰতাৰ অলংকাৰ।
ফাগুনৰ পছোৱা বতাহৰ লগত
মিলি যাব মন যায় দূৰ দিগন্তৰ
সুন্দৰ মায়াৰে ভৰা পৃথিৱী খনত।
**********
মৃত্যুযশ্যাৰ হেঁপাহ
✍️মাম্পী দাস (চান্দিনী)
ভালুকমাৰী, হোজাই
যৌৱনৰ ওখ সপোন আৰু দেহা ধুনীয়া চেহেৰা
এতিয়া বয়সতে জীৰ্ণ জৰ্জৰিত দেহা মন ।
নিৰ্ভৰশীল কেঁচুৱাৰ দৰে,
মৃত্যু দুৱাৰৰ পথ যাত্ৰী।
তথাপিও পৃথিৱীৰ মায়া এৰি নোযোৱাৰ আৰ্তনাত
অসুস্থ মন ভাল হোৱাৰ আশা।
ঘৰৰ মানুহক প্ৰতিপ’লে যন্ত্ৰনায় চিঞৰে আৰু কয়
মোক অৱহেলা নকৰিবা ।
মই জানো, মোৰ মৃত্যু ঘনাই মাতিছে,
মোৰ মৃত্যু হোৱাৰ হেপাঁহ নাথাকিলেও
জীয়াই থাকিব লাগিব
কাৰোবাৰ সপোন পূৰণ কৰিবলৈ।
এইখন পৃথিৱীৰ অভিজ্ঞতা কাৰ নাই,
বিশাল মায়া এৰি সঁচাকৈ যাবলৈ মন নাই।
কিন্তু মোৰ জীৰ্ণ দেহাৰ অসহ্যবোধ যন্ত্ৰণাই
বাৰে বাৰে মৃত্যুৰ কামনা কৰেই।
মৃত্যুযশ্যাৰ পথযাত্ৰী মই।
কেতিয়াবা কৰুণ আৰ্তনাদ শুনো
দিশহাৰা ঘৰৰ এজাক মানুহৰ
ডাক্তৰৰ ওচৰত লৈ
বোৱাৰীজনী যত্নত মগ্ন
ছোৱালীজনী মাৰ বাবে চিন্তিত।
সেই দিনা থৰথৰকৈ কঁপি খোজকাঢ়ি প্ৰস্ৰাৱালয়ত পৰিল
মোৰ সন্মুখত বোৱাৰীৱে ধৰি বহালে ,
ঠাণ্ডাত কঁপি আছিল তৎক্ষণাৎ শুবলৈ ক’লে,
ভাত খোৱালে ঔষধ খোৱালে হাত-ভৰি মলমেৰে মালিচ দিলে
পিছলৈ লাহেকৈ নি বিছনাত শুৱাই দিলে।
পিছদিনা শুনিছোঁ আৰু দেখিলোঁ মৃত্যুযশ্যা।
*********




