ড° ভূপেন হাজৰিকাৰ সংক্ষিপ্ত জীৱনপঞ্জী

ড° ভূপেন হাজৰিকাৰ সংক্ষিপ্ত জীৱনপঞ্জী :
জন্ম : ১৯২৬ চনৰ ৮ ছেপ্টেম্বৰ , শদিয়াত ।
মৃত্যু : ২০১১ চনৰ ৫ নবেম্বৰ, মুম্বাই (কোকিলাবেন, ধীৰুভাই আম্বানী হাস্পাতাল) ।
পিতৃ : নীলকান্ত হাজৰিকা ।
মাতৃ : শান্তি প্ৰিয়া হাজৰিকা ।
পত্নী : প্ৰিয়ম (প্ৰিয়ম্বদা পেটেল) হাজৰিকা ।
ভাতৃ-ভগ্নীসকল : অমৰ, প্ৰবীন, কুইন (সুদক্ষিণা শর্মা), নৃপেন, বলেন, কবিতা (বৰুৱা), স্তুতি (পেটেল), জয়ন্ত, সমৰ ।
পুত্ৰ : তেজ হাজৰিকা ।
শৈক্ষিক জীৱন –
প্ৰাথমিক শিক্ষা : গুৱাহাটীত প্ৰাথমিক শিক্ষা গ্ৰহণ ।
হাইস্কুলীয়া শিক্ষা : গুৱাহাটী সোণাৰাম হাইস্কুল, কটন কলেজিয়েট, তেজপুৰ চৰকাৰী বিদ্যালয় ।
১৯৪০ : তেজপুৰ হাইস্কুলৰ পৰা প্ৰৱেশিকা পৰীক্ষাত উত্তীর্ণ ।
১৯৪২ : কটন কলেজৰ পৰা আই এ পৰীক্ষাত উত্তীর্ণ ।
১৯৪৪ : কাশী হিন্দু বিশ্ববিদ্যালয়ৰ পৰা স্নাতক উপাধি লাভ ।
১৯৪৬ : কাশী হিন্দু বিশ্ববিদ্যালয়ৰ পৰা ৰাজনীতি বিজ্ঞান বিষয়ত স্নাতকোত্তৰ উপাধি লাভ ।
১৯৫২ : কলম্বিয়া বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ ।
বৈবাহিক জীৱন –
১৯৫০ (১ আগষ্ট) : গুজৰাটৰ প্ৰিয়ম্বদা পেটেল (প্ৰিয়ম) ৰ লগত বিবাহ । ১৯৬৩ চনত পাৰস্পৰিক বুজাবুজিৰে দুয়োৰে পৃথকভাৱে বসবাস ।
চাকৰি জীৱন –
১৯৪৮ : গুৱাহাটী বি বৰুৱা কলেজত অধ্যাপনা (প্ৰায় ছয়মাহ) ।
১৯৪৮ : আকাশবাণী গুৱাহাটী কেন্দ্ৰত যোগদান ।
১৯৫৪ : গুৱাহাটী বিশ্ববিদ্যালয়ত অধ্যাপনা ।
ড০ ভূপেন হাজৰিকাৰ সংগীত আৰু চলচিত্ৰ জগত…..
১৯৩৯ : ‘ইন্দ্ৰমালতী’ কথাছবিত কণ্ঠদান ।
১৯৪৮ : ‘সতী বেউলা’ কথাছবিৰ সংগীত পৰিচালক । এইখনেই তেওঁ সংগীত পৰিচালনা কৰা প্ৰথম কথাছবি ।
১৯৫৬ : ‘এৰা বাটৰ সুৰ’ কথাছবি পৰিচালনা । এইখন তেওঁ পৰিচালনা কৰা প্ৰথম কথাছবি ।
১৯৫৮ : ‘জোনাকীৰ আলো’ কথাছবিত সংগীত পৰিচালনা, ‘মাহুত বন্ধুৰে’ ছবিৰ পৰিচালনা ।
১৯৫৯ : ‘কেঁচাসোণ’, ‘পুৱতি নিশাৰ সপোন’, বাংলাছবি ‘দুই যোৰা’ৰ সংগীত পৰিচালনা ।
১৯৬১ : ‘শকুন্তলা’ কথাছবি পৰিচালনা ।
১৯৬৩ : ‘মণিৰাম দেৱান’ কথাছবিৰ সংগীত পৰিচালনা ।
১৯৬৪ : ‘প্ৰতিধ্বনি’ কথাছবি পৰিচালনা ।
১৯৬৬ : ‘লটিঘটি’ কথাছবি পৰিচালনা ।
১৯৬৮ : ‘ভাগ্য’ (মূল হিন্দী ‘টকডিৰ’) কথাছবি অসমীয়ালৈ ভাষান্তৰ (ডাবিং) । এইখনেই অন্য ভাষাৰ পৰা অসমীয়ালৈ ডাবিং কৰা প্ৰথম কথাছবি ।
১৯৬৯ : ‘চিকমিক বিজুলী’ কথাছবিৰ নির্মাণ ।
১৯৭১ : বাংলা ছবি ‘এখনে পিঞ্জৰ’ত সংগীত পৰিচালনা ।
১৯৭৩ : হিন্দী কথাছবি ‘আৰোপ’ৰ সংগীত পৰিচালনা ।
১৯৭৫ : ‘মেৰা ধৰম মেৰী মা’ ছবি পৰিচালনা । ‘চামেলি মেমচাহাব’, ‘খোজ’ ছবিৰ সংগীত পৰিচালনা । ‘চামেলি মেমচাহাব’ৰ বাবে ৰাষ্ট্ৰীয় চলচ্চিত্ৰৰ স্বর্ণ কমল পদক লাভ ।
১৯৭৬ : ‘পলাশৰ ৰং’ কথাছবিৰ সংগীত পৰিচালনা, ‘ৰুপকোঁৱৰ জ্যোতিপ্ৰসাদ’ আৰু ‘জয়মতী’ কথাছবি নিমার্ণ ।
১৯৭৭ : ‘বনহংস’ কথাছবিৰ সংগীত পৰিচালনা ।
১৯৭৭ : ‘বনজুই’, ‘বৃন্দাবন’ কথাছবিৰ সংগীত পৰিচালনা ।
১৯৭৯ : ‘মন প্ৰজাপতি’ কথাছবি পৰিচালনা/সংগীত পৰিচালনা ।
১৯৮০ : ‘অকণ’, ‘অংগীকাৰ’ কথাছবিৰ সংগীত পৰিচালনা ।
১৯৮২ : ‘অপৰুপা’, হিন্দী ‘অপেক্ষা’ কথাছবিৰ সংগীত পৰিচালনা ।
১৯৮৩ : ‘যুগে যুগে সংগ্ৰাম’, ‘সা’, ‘সংকল্প’ কথাছবিৰ সংগীত পৰিচালনা ।
১৯৮৭ : ‘ৰিং’, ‘আং তংক’, ‘প্ৰতিশোধ’ কথাছবিৰ সংগীত পৰিচালনা ।
১৯৮৯ : ‘চিৰাজ’ ছবি পৰিচালনা/সংগীত পৰিচালনা ।
১৯৯০ : ‘মিৰিজীয়ৰী’ কথাছবিৰ পৰিচালনা ।
১৯৯২ : ‘ৰুদালি’, ‘সাঁজ’, ‘গজগামিনী’, ‘দৰমিয়াঁ’ কথাছবিৰ সংগীত পৰিচালনা ।
ৰাজনৈতিক জীৱন –
১৯৬৭ : লক্ষীমপুৰ জিলাৰ নাওবৈছা সমষ্টিৰ পৰা নির্দলীয় প্ৰার্থীৰুপে বিধানসভালৈ নির্বাচিত ।
সাহিত্য কর্ম আৰু সাংবাদিকতা –
১৯৪৮ : বিষ্ণুৰাভাৰ সৈতে যুগ্মভাৱে ‘মুক্তি দৌল’ নামৰ গ্ৰন্থ ৰচনা ।
১৯৪৯-৫০ : নিউয়র্কত ‘নিউ ইণ্ডিয়া’ নামৰ কাকত এখন সম্পাদনা কৰিছিল ।
১৯৫৫ : প্ৰথম গীতৰ পুথি ‘জিলিকাব লুইতৰে পাৰ’ ।
১৯৬২ : ‘সংগ্ৰাম লগ্নে আজি’ নামৰ গ্ৰন্থ প্ৰকাশ ।
১৯৬৪ : ‘আগলি বাহৰে লাহৰী গগনা’ গীতৰ পুথি প্ৰকাশ ।
১৯৬৫ : ‘গতি’ আৰু ‘আমাৰ প্ৰতিনিধি’ আলোচনীৰ সম্পাদনা ।
১৯৬৭ : ‘সুন্দৰৰ ন দিগন্ত’ গ্ৰন্থ প্ৰকাশ ।
১৯৭০ : প্ৰথম অসমীয়া ক্ষুদ্ৰ (মিনি) আলোচনী ‘বিন্দু’ৰ সম্পাদনা ।
১৯৭৮ : ‘ভূপেন মামাৰ গীতে মাতে অ আ ক খ’ শিশু গ্ৰন্থ প্ৰকাশ ।
১৯৮৩ : ‘সহস্ৰজনে মোক প্ৰশ্ন কৰে’ গ্ৰন্থ প্ৰকাশ ।
১৯৯৩ : আত্মজীৱনী ‘মই এটি যাযাবৰ’ প্ৰকাশ; সম্পাদনা- সূর্য হাজৰিকা ।
প্ৰকাশিত অন্যান্য গ্ৰন্থৰাজি –
জ্যোতি ককাইদেউ, বিষ্ণু ককাইদেউ, ব’হাগ মাথো এটি ঋতু নহয়, বহ্নিমান লুইতৰ পাৰে পাৰে, সময়ৰ পক্ষীঘোঁৰাত উটি, কৃষ্টিৰ পথাৰে পথাৰে, গীতাৱলী, সোঁৱৰণী মোৰ ৰাঙলী জীৱনৰ, সম্পাদকীয়, সুন্দৰৰ সৰু-বৰ আলিয়েদি, দিহিঙে দিপাঙে ইত্যাদি ।
বঁটা আৰু কৃতিত্ব :-
১৯৬১ চনত ড° হাজৰিকাই নিৰ্মাণ কৰা ‘শকুন্তলা ’ ছবিখনে ৰাষ্ট্ৰপতি পদক লাভ কৰে।
১৯৬৪ চনত ড° হাজৰিকাই নিৰ্মাণ কৰা ‘প্ৰতিধ্বনি ’ ছবিখনে ৰাষ্ট্ৰপতি পদক লাভ কৰে। এই ছবিখন ফ্ৰাঞ্চৰ আন্তৰ্জাতিক চলচিত্ৰ মহোত্সৱ লৈ আমন্ত্ৰিত হৈছিল।
১৯৬৬ চনত ড° হাজৰিকাই নিৰ্মাণ কৰা ‘লটি-ঘটি ’ প্ৰথম অসমীয়া ব্যংগ
চলচিত্ৰ খনৰ বাবে ৰাষ্ট্ৰপতি পদক লাভ কৰে।
১৯৭৬ চনত আব্দুল মজিদৰ পৰিচালিত ‘চামেলী মেম চাব’ৰ সংগীত পৰিচালনাৰ বাবে বছৰটোৰ সৰ্বশ্ৰেষ্ঠ সংগীত পৰিচালকৰ সন্মান লাভ কৰে । এই সংগীতৰ বাবে তেওঁক ৰাষ্ট্ৰপতি য়ে ‘ৰজত কমল বঁটা ’ আৰু নগদ দহ হেজাৰ টকাৰে সন্মান যাচে।
১৯৭৮ চনত দুখন অসমীয়া গানৰ বিশেষ ৰেকৰ্ড প্ৰকাশ কৰাৰ উপৰিও তেওঁ ‘আমি এক যাযাবৰ’ বুলি আঠোটা বাঙালী গীতৰ এল পি ৰেকৰ্ড এইছ এম ভি ৰ পৰা এখন এম্বেচেদৰ আৰু এখন সোণৰ ৰেকৰ্ড লাভ কৰে।
১৯৭৭ চনত পশ্চিম বংগ ৰ ‘বাংলা চলচিত্ৰ পুৰস্কাৰ সমিতি’ এ ‘দম্পতি’ ছবিখনৰ বাবে বছৰটোৰ শ্ৰেষ্ঠ সংগীত পৰিচালকৰ যাচিছিল।
১৯৭৭ চনত পদ্মশ্ৰী বঁটা লাভ কৰে।
১৯৭৮ চনত ‘সীমনা পেৰিয়ে’ৰ সংগীত পৰিচালনাৰ কাৰণে ‘বাংলাদেশ ফিল্ম ইণ্ডাষ্টিজ’ৰ তৰফৰ পৰা বছৰৰ শ্ৰেষ্ঠ সংগীত পৰিচালকৰূপে সন্মানিত হৈছিল ।
১৯৭৬ চনৰ ২৬ জানুৱাৰীত অৰুণাচল চৰকাৰে তেওঁক ‘মেৰা ধৰম মেৰি মা’ নামৰ
হিন্দী ছবি নিৰ্মাণ কৰাৰ বাবে সম্বৰ্দ্ধনা জনাই সোণৰ পদক উপহাৰ দিছিল ।




