কবিঃ নাছিৰ আহমেদৰ কবিতা “ তুমি মোৰ হৃদয়ৰ দাপোন”

তুমি মোৰ হৃদয়ৰ দাপোন
✍️ নাছিৰ আহমেদ
হে’ বন্ধু! সঁচাই যদি তুমি যাবাগৈ,
ইমান মৰম কিয় ঢালি দিলা ?
এতিয়া গভীৰ ৰাতি হ’লেই
হৃদয়ৰ খিৰিকী খুলি দিওঁ ;
জানোচা এজাক বৰষুণে মোক তিয়াই দিয়ে
তোমাৰ স্মৃতিৰ সুবাস ঢালি দি ।
আৰু মোৰ মস্তিষ্কৰ স্নায়ুপটত ভাঁহি ভাঁহি যায়
তোমাৰ নিজহাতে দীঘে-পথালিকৈ অঁকা
কমলাৰঙী, সেউজবুলীয়া, ৰঙচুৱা আলোকচিত্ৰ।
তুমিযে মোৰ হৃদয়ৰ দাপোন!
তুমিয়েই মোৰ আপোন আপোন!!
হে’ বন্ধু! সঁচাই যদি তুমি যাবাগৈ
ইমান মৰম কিয় ঢালি দিলা ?
মই চাতক পক্ষীৰ দৰে ডেউকা কোবাই কোবাই
ইডালৰ পৰা সিডাললৈ উৰি ফুৰোঁ ইনাই -বিনাই–
” বৃষ্টি দে’———বৃষ্টি দে’——–বৃষ্টি দে’———-” যি বাটেৰে তুমি গৈছা, আহিবা নেকি আকৌ দুনাই
আৰু তোমাৰ এক বিন্দু প্ৰেম-বৰষুণ দিবা ঢালি ?
মই আকৌ বৃন্ত্যচ্যুত হওঁ এজোপা বটবৃক্ষৰ দৰে।
বিচ্ছেদৰ কৰুণ-গাঁথা গাওঁ, তোমাক বিচাৰি সখী!
হে’ বন্ধু ! সঁচাই যদি তুমি যাবাগৈ
ইমান মৰম কিয় ঢালি দিলা ?
হৃদয়ৰ খিৰিকী খুলি দিওঁ ;
এবাৰ আহা না , আহা না উলটি
মোৰ জীৱন নৈৰ ঘাটে ঘাটে ,
আশাৰ তৰী বাই বাই!
মোৰ বুকুত ঢালি দিয়া এজাক মেঘালী বৰষুণ ;
মই তোমাৰ মৰমতে পমি যাওঁ,মমৰ দৰে গলি যাওঁ!
তুমি যে মোৰ হৃদয়ৰ দাপোন!
তুমিয়েই মোৰ আপোন আপোন!!
ঠিকনাঃ গোৱালপাৰা




