আঞ্চলিক সংবাদবিশেষ লেখা

দবুৰ পূজা সন্দৰ্ভত বিশেষ বাৰ্তা-“গোগামুখ ঘোষণা”

জৰুৰী বাৰ্তা “দবুৰ পূজা”ৰ সন্দৰ্ভত গ্ৰহণ কৰা সিদ্ধান্ত সম্পৰ্কে কিছু জ্ঞাত কৰাৰ প্ৰয়াস কৰিছোঁ। অলপ সময় উলিয়াই আপুনিও মনোযোগেৰে পঢ়িব বুলি আশাৰে পাতনি মেলিছো।
ঐতিহাসিকভাৱে “দবুৰ পূজা” সম্পর্কে “গোগামুখ ঘোষণা” অনুসৰি পাঁচ গৰাকীকৈ মিচিং জাতিৰ বিশিষ্ট ব্যক্তিক সদস্য (১। শ্রীযুত একালব্য গাম ২। ডাঃ পবিত্ৰ কুমাৰ পেগু ৩। শ্রীযুত প্রভাত মিলি ৪। শ্রীযুত কালিনাথ পাংগিং আৰু ৫। শ্রীযুত প্রবীব দলে) হিচাপে লৈ ক্ষেত্ৰ অধ্যয়ন কৰি দবুৰ পূজাৰ ওপৰত প্ৰতিবেদন প্ৰস্তুত কৰাৰ দায়িত্ব ন্যস্ত কৰা হৈছিল। উক্ত পাঁচজনীয়া সদস্যৰে গঠিত সমিতিৰ প্ৰতিবেদনৰ ভিত্তিত মিচিং জাতীয় সংগঠনসমূহে আলোচনা কৰি তলত উল্লেখ কৰা ধৰণে “দবুৰ পূজা”ৰ বিধিসমূহ গ্ৰহণ কৰে।
১। পূৰ্বৰ পৰা জেঠ মাহৰ ১৫ তাৰিখ দিনটো “দবুৰ পূজা”ৰ দিন হিচাবে মানি আহিছে। সেয়ে জেঠ মাহৰ ১৫ তাৰিখটো প্রত্যেক মিচিং গাঁৱত দবুৰ পুজা পালন কৰাৰ নিয়মক বাধ্যতামূলক কৰা হওক। কিন্তু দৈবাৎক্রমে গাঁৱৰ কোনো ব্যক্তি সেইদিনা মৃত্যু হলে উক্ত গাঁৱৰ ৰাইজে সেইদিনা “দবুৰ পূজা” নকৰি আন এদিন কৰিব পাৰে।
২। গাঁৱৰ কোনো তিৰোতা সন্তান প্ৰসৱ বা ৰজঃস্বলা হলে কেৱল সেই ঘৰৰ পৰা “দবুৰ পূজা”ত অংশ গ্ৰহণ কৰাৰ পৰা বিৰত ৰাখি “দবুৰ পূজা” সমাপন কৰা হওক।
৩। অসমৰ প্ৰায়খিনি মিচিং গাঁৱত ক্ষেত্র অধ্যয়ন কৰাৰ পিছত দেখা যায় যে দলুং দবুৰত গাহৰি ব্যৱহাৰ কৰিলেও দঃলুং দবুৰৰ মাংগলিক কার্য্যত কুকুৰা ব্যৱহাৰ কৰাটো বাধ্যতামূলক ভাৱে ব্যৱহাৰ কৰা দেখা যায়। সেয়েহে দঃলুং দবুৰৰ মুল মাংগলিক কার্য্যত মাত্ৰ এযোৰ ৰঙা কুকুৰা (ৰপ আৰু ৰত্নী) ৰেহে দবুৰ কৰা হওক।
৪। পূর্ব প্রচলিত নিয়মমতে “তাকপিয়াং” গছৰ ডাল কাটি কুকুৰা মৰা আৰু ৰন্ধা-ভাৰা কামত জাকী হিচাবে ব্যৱহাৰ কৰিব।
৫। ঘৰে ঘৰে আজেং বিচৰা কাৰ্য পৰম্পৰাগত ভাৱে চলি থাকিব।
৬। সাধাৰণতে দঃবুৰ পূজাত তেল, হালধি, মছলা আদি নিদিয়াকৈ পৰম্পৰাগতভাৱে চলি অহা সিজাই খোৱা নিয়ম মানি চলা হওক।
৭। “দবুৰ পূজা”ৰ নামত বাহিৰৰ পৰা চান্দা বৰঙনি তোলা নিয়ম নাই আৰু সেই মতে চান্দা বৰঙনি তোলাৰ নিয়ম নকৰাই ভাল।
৮। গাঁৱৰ লোকে “দবুৰ পূজা”ৰ দিনা গাঁৱৰ ভিতৰত বা বাহিৰত কোনো ধৰণৰ ভোজভাত বা পার্টি খোৱাৰ পৰম্পৰা নাই।
৯। প্রচলিত নিয়ম অনুসৰি “দবুৰ পূজা”ৰ দিনা গাঁৱৰ সীমামুৰীয়া প্ৰৱেশদ্বাৰত “নিপিৰ পিৰনাম” ৰ (প্ৰতীকি চিন) বাহিৰাগতৰ আগমন বন্ধ কৰাৰ কাৰণে চিন দিব; যদিও গাঁখনৰ সৰু সৰু গলিবোৰত সোমোৱা বাৰন কৰাৰ বাদে আন্তঃগাঁৱৰ সংযোগী পথ কিম্বা ৰাজ্যিক ঘাইপথ আদি অন্যান্য বৃহৎ পথসমূহত অহা-যোৱা বন্ধ কৰাৰ নিয়ম নকৰাই ভাল।
১০। “দঃবুৰ পূজা”ত উৎসর্গিত কুকুৰা, কুকুৰাৰ পাখি, ঠেং আদি আংগিক টুকুৰাবোৰ গিতপুনৰ দ্বাৰা গাঁৱৰ সীমা ও প্ৰৱেশদ্বাৰ সমূহত গুজি দিয়াৰ প্রচলন থাকিব আৰু ধৰ্মীয় পৰম্পৰা অনুসৰি গেনা নিয়ম মানি চলা হওক।
১১। য়দলেন- দবুৰৰ দিনা কাঃৰুগ কগলেন আৰু য়দলেন পৰ্বসমুহ “দবুৰ পূজা” কৰাৰ স্থানতেই সাময়িকভাৱে সমাপন কৰা হওক।
এয়া স্বীকাৰ্য যে এই ৰীতি-নীতি আৰু পৰম্পৰাসমূহ মিচিং জাতিয়ে প্ৰব্ৰজিত হৈ অহা কালৰ সোঁতত জ্ঞাতে-অজ্ঞাতে বহু নতুন নতুন ৰীতি-নীতিৰ সংমিশ্ৰণ হোৱাৰ ফলত অসমৰ বিভিন্ন প্ৰান্তত থকা মিচিং গাঁৱৰ মানুহৰ দবুৰ পূজা পালন কৰাৰ নিয়মো কৰবাত পৃথক হোৱা দেখিবলৈ পোৱা যায়। বিশেষকৈ, সভ্য সমাজৰ এক দৃষ্টিকটো ৰীতি বাহিৰৰ মানুহ আহিলে তেওঁলোকৰ পৰা চান্দা তোলা প্ৰথাৰ বিপক্ষে বহুতো শিক্ষিত লোকে প্ৰশ্ন কৰা উত্থাপন কৰা পৰিলক্ষিত হয়।
আমি সকলোৰে জ্ঞাতাৰ্থে এই কথা জনাব বিচাৰোঁ, প্ৰব্ৰজনৰ ফলত কৰবাত দৃষ্টিকটো প্ৰথাই স্থান পালেও সেই প্ৰথাসমূহৰ বাস্তৱিক আৰু দাৰ্শনিক ভিত্তি বিশ্লেষণ কৰাৰ পিছত উপৰোক্ত নীতিসমূহ প্ৰস্তুত কৰা হৈছে। গতিকে, আশা কৰিম, “দবুৰ পূজা”ৰ ওপৰত যুগুত কৰা এই প্ৰতিবেদনৰ সকলো নীতি-নিয়ম অসমৰ বিভিন্ন প্ৰান্তত থকা মিচিং ৰাইজৰ মাজলৈ লৈ যোৱাত সকলো পক্ষই সহযোগ কৰিব আৰু নিজৰ আত্মীয়, বন্ধুবৰ্গক বিষয়টোৰ ওপৰত সজাগ কৰিব।
সদৌ শেষত, সদৌটিলৈকে “দঃবুৰ পূজা”ৰ আন্তৰিক শুভ কামনা জনালোঁ!
ধন্যবাদ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button