সাহিত্য সুৰভি
দেউজান মিলিৰ কবিতা—হৃদয়ৰ জোনাক

হৃদয়ৰ জোনাক
দুখৰ ধুমুহাত বিধস্ত মোৰ সপোন
অমানিশাৰ এন্ধাৰে ঢাকি ৰখা পৃথিৱী
এতিয়া মুক্ত
দেখিছো ওপৰত সৌখন আকাশ
আকাশত নিৰ্মল জোন
পৃথিৱী মুখখনিত জোনাক
জোনাকৰ অনাবিল মৰম
দুচকুত ৰঙীন স্বপ্ন ।
হৃদয়ত আশাৰ পাপৰি
এতিয়া হৃদয়ত জোনাক নামিছে
জোনাক !
মুঠি মুঠি জোনাক
হৃদয়ত জোনাক।
কবিঃ দেউজান মিলি, মাজুলী




