ধৰ্মেন্দ্ৰ বৰাৰ কলম “পত্নী”

💕🌿💕…পত্নী…..💕🌿💕
মোৰ স্বামীৰ বাবে মই কেৱল তেওঁৰ পত্নী…
কিছুমান পুৰুষৰ বাবে নাৰী মানেই নিশাৰ সংগী আৰু ময়ো যেন তাৰে সাক্ষী
ময়েই সেইগৰাকী অসহায় নাৰী…।
মই তেওঁৰ পত্নী বাবেই আজি মোৰ শৰীৰটোৰ ওপৰত কেৱল তেওঁৰ অধিকাৰ…
ৰাতি গভীৰ হ’লেই মোৰ শৰীৰটোৰ ওপৰত নিতৌ চলে অত্যাচাৰ…
তথাপিও মই অসহায় নিৰ্বিকাৰ… কাৰণ সমাজে স্বীকৃতি দিয়া এটা সম্পৰ্ক মই যে তেওঁৰ পত্নী!
মোৰ শৰীৰটোৰ ওপৰত যিমানেই নচলক উৎপীড়ন অত্যাচাৰ সমাজে মোৰ স্বামীক দিছে তাৰ অধিকাৰ কাৰণ মই যে তেওঁৰ পত্নী….!
কোনোদিনে নুসুধে মই কেনে আছোঁ মই কি বিচাৰোঁ..? কি প্ৰয়োজন মোৰ..?
শাৰীৰিক সুখ আৰু প্ৰয়োজনীয়তা পূৰণতে জানো চলে সংসাৰ?
পত্নীৰ বাহিৰে তেওঁ মোক কোনোদিনে বন্ধুৰ দৰে নাভাবিলে!
মই যে কেৱল তেওঁৰ পত্নীয়ে নহয় সুখ দুখৰ লগৰী এবাৰো অনুভৱ নকৰালে!
তেওঁ কেৱল মোৰ শৰীৰটো পালে মোৰ মনটো মোৰ মৰম ভালপোৱাবোৰ কোনদিনে বুজিবলৈ চেষ্টাই নকৰিলে।
আজি মই জীয়াই আছোঁ মাথোঁ এটা সম্পৰ্ক হৈ…
মই যে কাৰোবাৰ পত্নী কেৱল নিশাৰ লগৰী আৰু কাম কৰা দাসী।
এগৰাকী মহিলাৰ জীৱনৰ সঁচা ঘটনাক অকণমান কাব্যিক ৰূপ দিয়াৰ চেষ্টা কৰিলোঁ। ভুল হ’লে ক্ষমা কৰিব।
ভাল লাগিলে শ্বেয়াৰ কৰিব পাৰে।
✍🏻 ধৰ্মেন্দ্ৰ বৰা (ধন)
গোলাঘাট।




