নান্দনিক সমাহাৰে ভৰপূৰ ভোগালী

নান্দনিক সমাহাৰে ভৰপূৰ ভোগালী
প্রকৃতিৰ সৈতে সৈতে নিবিড় সম্পর্ক থকা ভোগালী বিহুটি অহাৰ লগে লগে কৃষিজীৱি অসমীয়াৰ দেহ মনত আনন্দৰ জোৱাৰ উঠে ৷ শিৰাই উপসিৰাই জাগ্রত হয় একতা, ভাতৃত্ববোধ আৰু সম্প্রীতিৰ ভাৱধাৰা৷ ভোগালীক আদৰিবলৈ সকলো ব্যস্ত হৈ পৰে ৷ ব’হাগ আহিলে যেনেকৈ ন-কুঁহিপাতে জাতিস্কাৰ হৈ সেউজী হৈ পৰে ধৰণীখন৷ ঠিক তেনেকৈ মাঘ বিহুটি আহিলেও ন-ধানেৰে উপচি পৰে ভঁৰালটি, জহা, বৰা, শালি লাহী ইত্যাদি ধানেৰে ভৰা ভঁৰালটোত বছৰটোৰ বাবে সাঁচি ৰখা হয়৷ বিহুৰ বাবে বৰা ধানৰ চুঙা চাউল, মালভোগ ধানৰ চিৰা ইত্যাদি বনাবলৈ আগতীয়াকৈ উলিয়াই থয়৷ কিয়নো বহুতে মাঘত ভঁৰালত হাত নলগায়, পুনৰ ফাগুনত ধান উলিয়াই কঠীয়া লয়৷ তেতিয়াহে ভঁৰালত হাত লগায়৷
আধুনিকতাই প্রভাৱ যদিও সমাজত পৰিছে তথাপি আমাৰ বিহুৰ যি পৰম্পৰা, বিহুৰ যি মাদকতা সেয়া আজিও অটুট আছে আৰু থাকিবই ৷ ভোগালী বিহুৰ উৰুকাৰ দিনা যি ভোজভাত খোৱাৰ পর্ব তাত থাকে মৰম স্নেহৰ বন্ধন৷ বিহুৰ আগদিনা গাঁৱৰ ৰাইজে পুখুৰী সিঁচি মাছ ধৰে৷ সাধাৰণতে প্রায় মানুহৰ ঘৰতে পুখুৰী থাকে যদিও লগে ভাগে মাছ ধৰাৰ যি আনন্দ সেইয়া সঁচাই অনন্য৷ ডাঙৰ পুখুৰী হ’লে দুদিনমান আগৰেপৰা গোটেই ৰাতি মেচিন লগাই পানী সিঁচি পিছদিনা মাছ ধৰে আৰু সেই মাছেৰে উৰুকাৰ ভোজভাত খায় ৷ ভোজ ভাত খায় উৰুকাৰ ৰাতি দীঘল মেজি জ্বলোৱা হয় ৷ বর্তমান এই মেজিটো কোনো কোনো ঠাইতহে দেখা যায়৷ কিয়নো আজিকালি ওখ ওখ ঘৰ , টাৱাৰ ইত্যাদি গঢ় লৈ উঠাৰ বাবে এই দীঘল মেজিটো তুলিবলৈ কিছু অসুবিধা হয় ৷ সেয়েহে য’ত মুকলি ঠাই থাকে খেৰ, শুকান কলপাত , নৰা ইত্যাদি ব্যৱহাৰ কৰি তাতহে বনোৱা হয়৷ গধুলি সময়ত মেজিটো জ্বলোৱা হয়৷ তাত চিঞৰ-বাখৰ, কিৰীলি, হাঁহি ফুর্তি কৰা হয় তাৰ মাদকতাই সুকীয়া ৷ দীঘল মেজিটোৱে যেতিয়া চৌদিশ পোহৰাই তুলে সকলোৰে মুখত পোহৰে ঢৌ খেলি যায়৷ ঠিক তেনেকৈ বিহুৰ দিনা বাহ, কাঠৰে যি মেজি বনোৱা হয় সেয়াই দাঙি ধৰে আত্মিক সম্পর্ক ৷ মেজিৰ কাষত বহি একেলগে চাহ, জলপান খোৱাৰ উপৰিও কাঠআলু, মিঠাআলু বইল কৰি খোৱা হয়৷ ,লগতে পিঠা পনা থাকেই ,সৰুৱে ডাঙৰক সেৱা কৰে মেজিৰ কাষতে বহি নানা ধৰণৰ ৰং ৰহইচৰ মাজৰে সময়খিনি কটায় ৷
বর্তমান সময়ত দেখা পোৱা ভোগালী মেলাসমূহে বিহুৰ গুৰুত্ব তথা প্রসাৰতা বৃদ্ধি কৰাহে দৃষ্টিগোচৰ হয় ৷ কিয়নো অসমৰ বাহিৰেও বেলেগ ৰাজ্যৰ মানুহে ভোগালী মেলা চাবলৈ আহে আৰু ভোগৰ সামগ্রীবিলাক ক্রয় কৰি জুতি লোৱাৰ এক সুন্দৰ সুযোগ মিলে ৷ বিভিন্ন ধৰণৰ পিঠা পনা জা- জলপানৰ সোৱাদ লোৱাৰ সুবিধাই অসমীয়া সংস্কৃতি চহকী কৰাতো সহায় কৰে ৷
যি কি নহওক প্রকৃতিৰ লগত সম্পর্ক থকা বিহুৰ সৌন্দর্য সঁচাই অতুলনীয়৷
দুলুমণি দেৱী
মাকুম
9678164974




