সাহিত্য সুৰভি

প্ৰদীপজ্যোতি শইকীয়াৰ দুটি কবিতা

ঐ বুঢ়ী দিহিঙৰ কনেং

তই বাৰু জাননে
বিষাদৰ বন্যাত
কি দৰে সেমেকি উঠে
আহিনৰ দুপাৰ;
তই বাৰু জাননে
বুকুৰ আহুতলিত
কি দৰে কলমলাই
পগল্ভা হৈ টুনী চৰাই;

আজি নিশাই
অজগৰ হৈ
মইও যে উজায় যাম
বুঢ়ী দিহিঙৰ মুখলৈ;
তিৰ-বিৰাই মেৰপেচ দি
সন্তপৰ্ণে সোমাম
তোৰে প্ৰেমত
অজগৰ হৈ।

সেমেকা আহিনৰ
কানিমুণি বেলিকা
প্ৰেমিক হৈ সোমাম;
তোৰ আপোন কক্ষ্যত।
তই বাৰু
থাকিবিনে ৰৈ
ঐ বুঢ়ী দিহিঙৰ কনেঙ
ধানো খাম
টিপচি চৰাই হৈ
জুতি ল’ম
তোৰে প্ৰেমিক হৈ
এবাতি আপং।

শোৱনি কোঠাত
নজলাবি চাকি
ৰাতি ৰাতিটো তোৰ কাষতে
প্ৰেমিক হৈ কৰিম সহবাস
মইও যে
বুঢ়ি দিহিঙৰে আজন্ম
প্ৰেমিক।

©প্ৰদীপজ্যোতি শইকীয়া, দুলীয়াজান

************************

তুমি

আচলতে তুমি
চন্দ্ৰায়িত মন্দাকিনী
দ্বিধাহীন ভাবে
আজিও তুমি গতিশীল।

ভেদা-ভেদ বিহীন
বুুকুৰ পলসুৱা আদৰেৰে
সজাই তোলা তোমাৰ
হেঁপাহৰ সেউজীয়া ধৰণীক।

তুমি নদী
বুকুৰ অৰণ্য
অথবা প্ৰকৃতিৰ বক্ষ্য
তুমি মাতৃ
তুমি ধাত্ৰী
তুমি শক্তি ৰূপিনী
জগদ্ধাত্ৰী দেবী।

তোমাক সংজ্ঞাৰ সঁফুৰাত
সুমুৱাই থ’ব নোৱাৰি।
সেয়ে তুমি
মুক্ত আকাশৰ মুক্ত বিহংগ।
শিপাৰ দৰে
শিৰা মেলি সাৱটি আছা তুমি
যদিও তুমি মানুহৰ
ব্যক্তিস্বাধীনতাৰে গতিশীল

মানুহৰ পৰা মানুহৰ
হৃদয়ৰ গভীৰতালৈ বিয়পি
স্থিতি লোৱা মোৰো হৃদয়ত
বৈ থাকা যেন
নিৰৱধি নদী হৈ…..।।।

©প্ৰদীপজ্যোতি শইকীয়া, দুলীয়াজান

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button