সাহিত্য সুৰভি
প্ৰদীপজ্যোতি শইকীয়াৰ কবিতা—তোমাৰ দুহাতত ধৰি

তোমাৰ দুহাতত ধৰি
মেলিদিয়া বন্ধু
মেলি দিয়া
প্ৰশান্তিৰে পখালি লোৱা তোমাৰ দুহাত।
আহে যদি নামি আহক
তোমাৰ আকূতিতে
ফৰিংফুটা এচোতাল জোনাক।
তোমাৰ দুহাতৰ আঙলিত ধৰি জুমি চাওঁ মইও
জননীৰ সেউজ হাঁহি।
হয় যদি হওঁক
ফৰকাল মোৰ ছাইবৰণীয়া
মনৰ আকাশ
উভতি যাওঁ
তোমাৰ সান্নিধ্যৰ
মিঠা আমেজেৰে
জীৱনটোক বোলাই
সপোনক তুলি লৈ দুহাতত
মইও চাই যাওঁ
পিতাইয়ে দেখা সেই
বাতামি ঘৰৰ সপোন।
সপোনক
হাতত তুলি লব পৰাতেইচোন
লুকাই থাকে
ৰণক্লান্ত প্ৰেমিকৰ
জীয়াই থকাৰ বিমল আনন্দ।
প্ৰদীপজ্যোতি শইকীয়া
৩/১১/২৩




