পৰিস্মীতা দুৱৰাৰ অনুভৱী লেখা-সম্পৰ্ক

সম্পৰ্ক
🌸 আজি কালিৰ সম্পৰ্ক বোৰ বৰ ঠুনুকা। নিমিষতে এটা সুন্দৰ সম্পৰ্ক ভাঙি শেষ হৈ যায়। কোনেও কাৰো কথা বুজিবলৈ, শুনিবলৈ আহৰি নাই। সকলো ব্যস্ত থাকে নিজৰ মাজতে। সম্পৰ্ক যিয়েই নহওঁক, সম্পৰ্ক এটা জীয়াই ৰাখিবলৈ সদায় অলপ মৰম,বিশ্বাস আৰু সহানুভূতিৰ প্রয়োজন। সম্পৰ্ক বোৰ সদায় এটা শিশুৰ দৰে। আমি প্ৰত্যেকে সময়ৰ লগে লগেই বয়সৰ অনুপাতে বাঢ়ি আহিছোঁ হয় কিন্তু আমাৰ মনটো সদায় এটা শিশুৰ দৰে হৈ আছে। সৰুতে যেনেকৈ এটি শিশুৰ হাতত খেলনা সামগ্ৰী যিমানে নাথাকক কিন্তু সেই শিশুটিৰ চকু সদায় আন শিশুটিয়ে লৈ থকা ভঙা,পুৰণা বা লেতেৰা বস্তুটোৰ ওপৰতহে। আকৌ অন্য এটি শিশুৱে কান্দিছে তাৰ খেলাৰ কোনো সামগ্ৰী নাই বাবে। কেতিয়াবা হয়তো অন্য এটি শিশুৱে আন এটিৰ হাতৰ পৰা কাঢ়ি লৈ আহিছে মনে মনে আৰু লুকুৱাই ৰাখিছে।
এই সৰু সৰু কথাবোৰ কেতিয়াবা ভাবিছেনে?আমি যে সময়ৰ লগে লগেই ডাঙৰ হৈ আহিছোঁ।আগতকৈ সলনি হৈছোঁ। কিন্তু আমাৰ চিন্তা চৰ্চা বোৰ কিয় সলনি কৰিব পৰা নাই। প্ৰশ্ন কৰেনে কেতিয়াবা……???
চকুৰ আগতেই এটি সু- সম্পৰ্ক কেনেকৈ ভাঙি শেষ হৈ যায়। শিক্ষিত হোৱাৰ পাছটো ভুল শুদ্ধ বোৰ বিবেচনা কৰিবলৈ সক্ষম নহয়। কিয় লাগিছে তেনে শিক্ষা……!
এগৰাকী নাৰী বা এজন পুৰুষ যেতিয়া এটা সম্পৰ্কৰ বান্ধোনত সোমাই পৰে তেতিয়া তেওঁলোকে পাহৰি যায় কিয় সেই প্ৰতিশ্ৰুতি বোৰ…..? সুখ-দুখ সকলো সময়তে একেলগে থাকিম বুলি প্ৰতিজ্ঞাবদ্ধ হোৱাৰ পাছটো সামান্য এটা অজুহাত দেখুৱাই আঁতৰি যায় কিয় তেওঁলোক…..?নে তেওঁলোক কেৱল স্বাৰ্থপৰ । নিজৰ স্বাৰ্থ পূৰণৰ বাবেহে তেওঁলোক কাষলে আহিব বিচাৰে….।
এই যে অবৈধ সম্পৰ্ক বুলি কৈ সমাজৰ পৰা বঞ্চিত হয়। তেওঁলোকৰ মনৰ কথা বোৰ কেতিয়াবা কোনোবাই বুজিবৰ চেষ্টা কৰেনে….? তেওঁলোকে কিয় এই পথ বিচাৰি লয়।তেওঁলোকেও ভালদৰেই বুজি পায় যে এইটো ভাল পথ নহয়।কিন্তু তথাপিও তেওঁলোকে সেই পথটোৱে বিচাৰি লব খোজে। তেওঁলোকৰ ও এটি সুন্দৰ মন আছে।তেওঁলোকেও বিচাৰে আপোনবোৰৰ পৰা অলপ মৰম,বিশ্বাস আৰু সহানুভূতি।তাৰ বিপৰীতে তেওঁলোকে প্ৰতিদিনেই আপোন বোৰৰ পৰা প্ৰতাৰণা,অবিশ্বাস আৰু অসহনুভূতিৰ এখন হৃদয় দেখা পায়। কোনো দিনে গুৰুত্ব নাপায় আপোন মানু্হ বোৰৰ পৰা। অন্ধকাৰত নিৰৱে এচুকত চকুলোঁ তুকি বঢ়ি থাকে।তেওঁলোকৰ হৃদয় খন লাহে লাহে শিলৰ দৰে কঠিন হৈ পৰে।চকুৰে দেখা পায়ও অন্ধ হৈ পৰে।কেতিয়াবা নিজেই নিজক শেষ কৰি পেলাব চেষ্টা কৰে।কিন্তু নোৱাৰে,,,,ভয় কৰে।
নিজক শেষ কৰাৰ ভয়ত তেওঁলোকে তেনেকুৱা অবৈধকৰ পথ বাচি লবলৈ বাধ্য হয়। তেওঁলোকেও বিচাৰে কাৰোবাৰ পৰা অলপ মৰম, বিশ্বাস,আৰু সহানুভূতি। তাৰ পিছত ও তেওঁলোকে শান্তি নাপায়।কেৱল লাজ,প্ৰবঞ্চনা, অভিশাপ আৰু হাজাৰ জনৰ তিৰস্কাৰ হে পায়।
এই যে আকৌ সাংবাদিক সকলে তেওঁলোকৰ কোনো ভুল শুদ্ধ বিচাৰ নকৰাকৈয়ে বাৰে বাৰে তেওঁলোকৰ সেই চৰিত্ৰ গোটেই ৰাইজৰ আগতে উদঙাই দিয়ে, তেওঁলোকে বাৰু বাৰে বাৰে আত্মহত্যা কৰিবলৈ বাধ্য নকৰাই নে?
তেওঁলোকৰ মনৰ কথাবোৰ কোনেও বুজিব চেষ্টা নকৰে। যেতিয়া বুজি পায় তেতিয়া বহু পলম হৈ যায়। প্ৰকৃততে এইটোৱে সত্য যে, ভুল কৰা জনতকৈ যি জনে ভুল কৰিবলৈ বাধ্য কৰাইছে তেওঁ হে আচল দোষী।
এটা কথা সদায় মনত ৰখা উচিত যে, আমি সদায় “সম্পৰ্ক” এটা সুস্থিৰ কৰি ৰাখিব হ’লে “সম্পৰ্ক” টোক গুৰুত্ব দিয়া দৰকাৰ। এজনে আনজনৰ মনৰ কথাবোৰ বুজিবলৈ চেষ্টা কৰা দৰকাৰ। কোনো এজন ব্যক্তিয়েই সম্পৰ্ক এটা শেষ কৰোঁ বুলি শেষ কৰি নেপেলাই।
🌸সকলোৰে “সম্পৰ্ক” ভালে থাকক
🌸সকলো সুস্থ থাকক
🌸সকলো জীৱন সুন্দৰ হওক।
লেখিকাঃ পৰিস্মীতা দুৱৰা,গেলাপুখুৰী, তিনিচুকীয়া।
🌸💝🙏




