বিশেষ লেখা

বগেনভেলিয়াৰ গীত আৰু কিছু কথা

বগেনভেলিয়াৰ গীত আৰু কিছু কথা ৷

ড° দীপালী বৰা

আজি ঘৰৰ ফাৰ্ষ্ট ফ্লৰৰ ৰেইলিঙত লোৰ ষ্টেণ্ড লগাই ৰখা টাববোৰত পানী দিবলৈ যাওঁতে হিচাপ কৰি পালোঁ ২৭ টা বগেনভিলিয়া আৰু ৬০ টা এডেনিয়ামৰ টাবত কমবেছি পৰিমাণ নানাবৰণৰ ফুল ফুলি আছে ৷ ৰঙা বগা হালধীয়া কমলা বেঙুনীয়া কোনোবাজোপাহঁত দুৰঙীয়া ডাঠ পাতল অনেক ৰঙৰ ফুল ৷ বগেনভিলিয়াবোৰ বা এডেনিয়ামবোৰত কষ্ট কম , ফুলে বেছি আৰু প্ৰতি দিনে পানী দিবৰ প্ৰয়োজন নাই ৷ বছৰত এবাৰ সাৰ দি মাটি খুচৰি ৰ’দঘাই ঠাইত থৈ দিলেই হয় ৷ মানে কম কষ্টত অধিক ফুল ৷ সমসাময়িক অসমীয়া মানুহৰ কম কষ্টত অধিক উপাৰ্জনৰ ভাৱটোৰ লগত মোৰ এই পুষ্প ভাৱনাৰ মিল এটা নোহোৱা নহয় ৷ অৱশ্যে মোৰ ঘৰৰ চোতালতো হৰেক ৰকম ফুল আছে যিবোক বছৰৰ ভিন ভিন সময়ত ভিন ভিনভাবে যতন কৰিব লাগে ৷ বগেনভিলিয়া মই টাবত কৰোঁ যদিও মাটিত বেছি ভাল হয় আৰু ৰমকজমককৈ ফুলে ৷ বগেনভিলিয়াক বহুতে বাগানভেলিয়া বুলিও কয় , বহুতে পাহিবোৰ কাগজৰ দৰে শুকান বুলি ইহঁতক কাগজ ফুল বোলে ৷ বাংলাভাষাত বাগানবিলাস ৷ আমাৰ ৰাণুৱে আকৌ বগেনভিলিয়া নামটো অনুধাৱন কৰিব নোৱাৰি ভুৱনভলিহা বুলি কয় ৷ আমি সৰুকালতে ইয়াৰ বেঙুনীয়া ৰঙৰ প্ৰজাতিটোহে বৰকৈ দেখিছিলোঁ ৷ তাৰপাছত আহিল ৰঙচুৱা ৰঙৰটো ৷ এতিয়াতো হৰেকৰকম ৰং ৷ এইফুলৰ চকু চাতমাৰি ধৰিবপৰা ৰঙৰ বাহাৰ আছে কিন্তু সুবাস নাই, শেৱালিৰ দৰে কোমলতা নাই , নাহৰ , তগৰৰ দৰে বসন্তৰ বা বলাব পৰা সুগন্ধি নাই ৷ ফুলৰ পৰা গুটি হোৱাও দেখা নাই ৷

আমাৰ সময় আছিল আধুনিক অসমীয়া গীতৰ সোণালী সময় ৷ কথা আৰু সুৰৰ মায়াৱী সমাহাৰে আমাৰ সময়ৰ শ্ৰোতাক মন্ত্ৰমুগ্ধ কৰি ৰাখিছিল ৷ বুকুত অনুভৱ কৰা , হৃদয় মথি ওলাই অহা শব্দৰ সুৱদি সজ্জ্বা আৰু আহ্লাদিত সুৰ সঞ্চাৰেৰে গীতবোৰ বসন্তৰ একোটি জীপাল লহৰ , শাৰদী বনৰ ঢৌ খেলা বা নহলেবা শীতৰ কুঁৱলী পুৱাৰ কোমল মিঠা ৰ’দৰ আমেজ যেন আছিল ৷ সেইসময় আছিল জীপাল প্ৰকৃতিৰ সময় , নগৰীয়া বতাহে জীৱনক চুই গ’লেও শাওনৰ পথাৰৰ ভৰুণ সেউজীয়া আৰু আঘোনৰ ঘন কুঁৱলীয়েও ঢ়াকিব নোৱৰা সোণবৰণ ধানৰ ঠোকৰ প্ৰতি জীৱনৰ আছিল মুগ্ধতা ৷ ফাগুনৰ চঞ্চল বতাহে ৰিব্‌ৰিব্‌ বা দি মনবোৰকো জীপাল কৰাৰ সময় ৷ সময়ে নিজা বোল দি সজাই ৰখা জীৱনৰ হৃদ্যতা , মানৱীয় সম্পৰ্কৰ, প্ৰেম বিষাদৰ , প্ৰাপ্তি অপ্ৰাপ্তিৰ নীলা সেউজীয়া , হালধীয়া বৰ্ণময়তাৰে তেতিয়াৰ গীতিকাৰ , সুৰকাৰৰ অনুভৱত গীতবোৰে প্ৰতিজন শ্ৰোতাৰ অন্তৰ ঝংকাৰিত কৰিবলৈ সক্ষম হৈছিল ৷ প্ৰিয় গীতবোৰে বুকুত বাহ বান্ধি এনেকৈ আপোন হৈ পৰিছিল যে আজিও সেইবোৰ গীতৰ সুৰে সময় পালেই বুকুত গুঞ্জন তোলে ৷

সময় সদায় একেদৰে নাথাকে ৷ সময়ৰ সোঁতত জীৱন আৰু পৃথিৱীৰ পৰিক্ৰমালৈ ভিন্নতা আহে ৷ তাহানিৰ জীপাল প্ৰকৃতি , ৰসাল জীৱন চৰ্যা ক্ৰমশ ম্লান হৈ আহে । মানুহৰ প্ৰয়োজন সলনি হয় , পৰিপাৰ্শ্ব সলনি হয় , সলনি হয় অনুভৱৰ সুগন্ধি বতৰা ; ক্ৰমশঃ এক শুকান আৱহাৱাত দুবৰি দলিছাৰ সুবাসী শিশিৰ সিক্ত শেৱালিৰ কল্পনা দূৰ সুদূৰলৈ আঁতৰি যায় ৷ পলাশৰ জুইতকৈ মনৰ জুই অধিক দীপ্ত , ঠিক দীপ্ত বুলি ক’লে ভুল হ’ব আগ্ৰাসী হৈ উঠে ৷ কোমলতা বা সুবাসতকৈ ৰং প্ৰধান হৈ পৰে ৷

আমাৰ সময়ৰ অনুভৱৰ ৰোমাণ্টিকতা , হৃদয়স্পৰ্শী মধুৰতা বা হৃদয়ভেদী কাৰুণ্যৰ সুৰময় সৌকৰ্যৰ পৰিধি চেৰাই সদ্যহতে জীৱন তথা জীৱনৰ অনুভৱৰ বৰ্ণময়তা প্ৰকাশত বৰ্তমানৰ গীতবোৰ যেন কিছু নিস্তেজ ৷

সময় সলনি হয় , মানুহৰ আৱেগ অনুভূতি সলনি হয় , প্ৰাপ্তি আৰু আকাংক্ষাৰ সোৱাদ সলনি হয়৷ তাহানিৰ “ তোমাৰ উশাহ কঁহুৱা কোমল শেৱালি কোমল হাঁহি ” , “পলাশৰে ৰং কোনেনো সানিলে তোমাৰ কোমল চাৱনিত” , বা এজাৰ , নাহৰ, কপৌ , তগৰৰ গান আজিৰ সময়ৰ মানসিকতাত হয়তো খাপ নোখোৱা হ’ল ৷ এতিয়া বগেনভেলিয়াৰ গীত চলতি হ’ল ৷ এইকেইদিন ফেচবুকৰ বেৰত বিধেবিধে বগেনভিলিয়াৰ ফটো আৰু কথাৰ লহৰ ৷ সকলোবোৰ দেখি শুনি গীতটো ময়ো এবাৰ শুনি চালোঁ ৷ বেয়া নালাগিল বৰং ই যেন সময়ৰ স্বৰূপ প্ৰকাশৰে এক বিধা ৷ ’তুমি চহৰত নাথাকিলে বগেনভিলিয়া নুফুলে ” বুলি কওঁতে বোধত প্ৰতিধ্বনি হ’ল ৰং আছে ৰস নাই , সৌন্দৰ্য আছে সুৰভিৰ আকৰ্ষণ নাই, যেন আজিৰ তাৰিখৰ নিত্যদিনৰ এক প্ৰকাশ ৷ বাহিৰে সৰৱ অথচ ভিতৰি নিস্তেজ এক জীৱন ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button