বিচাৰি পাম জানোঁ ভাৰ্চুৱেল জগতত আপোনাৰ সেই নিভাঁজ মৰমবোৰ ? —মদিৰা শইকীয়া ভূঞাৰ কবিতা

বিচাৰি পাম জানোঁ ভাৰ্চুৱেল জগতত আপোনাৰ সেই নিভাঁজ মৰমবোৰ ?
©মদিৰা শইকীয়া ভূঞা
ভাৰ্চুৱেল জগতত প্ৰতিদিনেই
আপুনিও এজন ভাৰ্চুৱেল প্ৰেমিকলৈ ৰূপান্তৰিত হৈছে
নাই কোনো আবেগ-অনুভূতি
শুনা নাপাওঁ আপোনজনৰ হৃদয়ৰ স্পন্দন
দেখা নাপাওঁ দুখৰ চকুলো
মিলন নহয় দুযোৰ তপত ওঁঠৰ
গোন্ধ নাপাওঁ ঘাৰ্মাক্ত শৰীৰ
পঢ়িব নোৱাৰোঁ আপোনজনৰ মনৰ কথাবোৰ…
কাৰণ, আপুনি যে এতিয়া এজন ভাৰ্চুৱেল প্ৰেমিক
আপুনিয়েই এবাৰ কৈছিল
মনত পৰিছে
এবাৰ নহয়, বহুবাৰ কৈছিল —
মোৰ হাঁহি
আৰু
ওঁঠযুৰিৰ
আপুনি
দুৰ্বাৰ প্ৰেমিক ….
ভাৰ্চুৱেল মৰমত পান কৰিব পাৰেনে
সেই ওঁঠৰ মদিৰা ?
এতিয়াও হয়নে আপুনি দুৰ্ঘোৰ প্ৰেমিক ?
মন গ’লেই আপোনাৰ উমাল বুকুত মূৰ গুজি
এতিয়া উচুপি উঠিব নোৱাৰোঁ…
পাৰ কৰিব নোৱাৰোঁ আমাৰ একান্তই নিজা সময়বোৰ অকলশৰীয়াকৈ …
প্ৰকাশ কৰিব নোৱাৰোঁ অভিমানবোৰ…
কাৰণ, আপুনি যে এজন ভাৰ্চুৱেল প্ৰেমিকলৈ
এতিয়া ৰূপান্তৰিত হৈছে ….
চিন্তা নকৰিব…
খোজ দিবলৈ শিকিছোঁ আমিও লাহে লাহে
এই ভাৰ্চুৱেল পৃথিৱীত
আদান-প্ৰদান কৰিছোঁ আপোনাৰ সৈতে
এতিয়া ভাৰ্চুৱেল প্ৰেম
আদৰি লৈছোঁ আপোনাকো ভাৰ্চুৱেল প্ৰেমিক ৰূপেই …
কিয়নো …
ভাইৰাচৰ ভয়ত আপুনি যে
এতিয়া বহু দূৰৈত ….
বিচাৰি পাম জানোঁ এই ভাৰ্চুৱেল জগতত
আপোনাৰ সেই নিভাঁজ মৰমবোৰ ?




