আঞ্চলিক সংবাদ

বিদায়, ডা° শংকৰজ্যোতি পৰাশৰ —দীপ্তি শৰ্মা বৰুৱা

অন্তিম কৃতজ্ঞতাঃ

২০১০ চন৷ আমি ডিমাপুৰৰ পৰা আহি যোৰহাটত খোপনি পুতিছোঁহি৷ বঙালপুখুৰীৰ ভাড়াঘৰত আছোঁ৷ নতুন ঠাই, চৌকাষে সংকোচভৰা বাতাবৰণ৷ মা-দেউতাৰ সৈতে আমাৰ কণমানি পৰিয়ালটো৷ ২০০৬ চনৰ পৰাই দেউতাৰ chestৰ infection চলি আছিল৷ এজন চিকিৎসকৰ পৰামৰ্শৰ প্ৰায়েই প্ৰয়োজন হৈছিল৷ সহকৰ্মীৰ পৰামৰ্শমতে গৃহস্থই দেউতাক মেডিচিন বিভাগৰ এজন চিকিৎসকৰ ওচৰলৈ লৈ আহিল৷ ময়ো লগত থাকিলে দেউতাই সকাহ পায়৷ তেখেতৰ কোঠালৈ সোমাওঁতেই ইমান সুন্দৰ সম্ভাষণ, “মোৰ ইমান বেমাৰ” বুলি অতি দুখত থকা দেউতাৰ মুখতো হাঁহি বিৰিঙি উঠিল৷ কোঠাটোৰ বাতাবৰণত যেন অগণিত ধনাত্মক কণাই চলাচল কৰি আছিল৷ তেখেতৰ আত্মীয়তাত নিঃসংকোচে আমি দেউতাৰ বিষয়ে সকলো জনাব পাৰিলোঁ৷ তৎক্ষণাতে আমি দুয়ো তেখেতৰ দাদা-বাইদেউও হ’লো৷ সকলো ৰোগীৰ হৃদয় আনন্দৰে ভৰাই তোলাটোৱেই যেন তেখেতৰ মুখ্য কৰ্তব্য! গধুৰ বোজা এটা যেন হঠাতে খহি পৰিল৷ সকলো সমস্যা অৱগত কৰিব পৰাকৈ এজন সৰল চিকিৎসকৰ কিমান প্ৰয়োজন, সেইয়া ভুক্তভুগীয়েহে জানে৷

মানুহজনৰ আৰু এটা আচৰিত গুণ আছিল, এবাৰ লগ পোৱাৰ পিছত নাপাহৰে৷ আৰু তেখেতৰ অকৃত্ৰিম ব্যৱহাৰ অন্তিম মূহূৰ্তলৈকে পৰিবৰ্তন হোৱা নেদেখিলো৷ দেউতাৰ শেষ পৰ্যায়লৈকে বৰ শ্ৰদ্ধাৰে চিকিৎসা কৰিলে৷ ল’ৰাই হঠাতে এদিন থিয় হৈ খোজ কাঢ়িবলৈ অসুবিধা পাইছিল৷ সেইবাবে ‘সঞ্জীৱনী হস্পিতাল’ত শিশু বিশেষজ্ঞ ডা° মৃত্যুঞ্জয় পাওক লগ পাবলৈ ৰৈ আছো৷ ৰোগীৰ ভিৰৰ মাজত হঠাতে আমাক দেখি, “বাইদেউ, কি হ’ল” বুলি তেখেত কাষ চাপি আহিল৷ মই সমস্যাটোৰ বিষয়ে কোৱাত, “এ, ইয়াৰ কেলছিয়াম কমিছে৷ দিনে এটাকৈ দুমাহ অষ্টকেলছিয়াম খুৱাই দিব, ভাল হৈ যাব” বুলি কৈ হাঁহি হাঁহি গুচি গ’ল৷ আচৰিত! যি সময়ত বৃহৎ সংখ্যক চিকিৎসকে মূল্যৰ বিনিময়তো প্ৰয়োজনীয় কথাকেইষাৰ পাতিবলৈ বেয়া পায় (সাধাৰণীকৰণ কৰা নাই দেই), এইজন কেনে চিকিৎসক! সৰু-ডাঙৰ বহুত সহায় তেখেতে আমাৰ পৰিয়ালটোক কৰিলে৷

যেতিয়াই য’তে দেখা পায়,“দাদা, এতিয়া ক’ত আছে? ল’ৰাই কি পঢ়ি আছে, সকলো সুধিব৷” পদমৰ্য্যাদাক লৈ কেতিয়াও তেখেতৰ অহং ভাব দেখা নাপালোঁ৷ তাৰোপৰি এটা কথা মন কৰিছিলো, তেখেতৰ অধীনষ্ঠ কৰ্মচাৰী সকলোকো তেখেতে সমমৰ্যাদা প্ৰদান কৰিছিল৷

তেখেতৰ হাতত সময় বহুত কম আছিল৷ সেয়েই হয়তো তেখেতৰ সংস্পৰ্শলৈ অহা প্ৰত্যেকৰ হৃদয়ৰ একাংশত তেখেতে নিগাজীকৈ ঘৰ বান্ধিছিল৷ আজি তেখেতৰ কথা সুঁৱৰি সমগ্ৰ যোৰহাট ম্ৰিয়মাণ হৈ পৰিছে৷

বিদায়, ডা° শংকৰজ্যোতি পৰাশৰ৷ আপোনাক সহৃদয়তাৰে ধন্যবাদ জ্ঞাপন কৰিছিলোঁ সদায়৷ আজি অন্তিমবাৰৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ৷ জানো, আপুনি য’তেই থাকিব এখন স্বৰ্গ ৰচনা কৰিব৷ এটাই আশা, আপোনাৰ পদাংক অনুসৰণ কৰি আৰু দহজন চিকিৎসকে ৰোগীৰ হৃদয়ত ঘৰ বান্ধক৷

-দীপ্তি শৰ্মা বৰুৱা

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button