বিশেষ লেখা

বিশিষ্ট সাংবাদিক অনুপম চক্ৰৱৰ্তীৰ বিশেষ লেখা-“টিভি নাচায় নে টিভি আমি চোৱাব পৰা নাই?”

টিভি নাচায় নে টিভি আমি চোৱাব পৰা নাই?

বহু মানুহে ডিজিটেলকে টিভি বুলি ভাবিবলৈ লৈছে কিয় ? প্ৰতিটো টিভি চেনেলৰ এটা নিজা নিজা ডিজিটেল সংস্কৰণ থাকে। টিভিত ব্যাপক ৰূপত যায়, সংস্কৰণত চমুকৈ। বহুতে কয়: মানু্হৰ সময় নাই। টিভি নাচায়। কথাখিনি সত্য কিন্তু সম্পূৰ্ণ সত্য নহয়। প্ৰকৃত সত্য হ’ল – এচি কোঠাৰ পৰা এশ শতাংশ সাংবাদিকতা চলা বাবে আমি দৰ্শকৰ সৈতে ক্ৰমাৎ দূৰত্ব বঢ়াই গৈ আছোঁ। সাধাৰণ মানুহে কি বিচাৰে সেইটোত আমাৰ গুৰুত্ব কম। আমি মুষ্টিমেয় কেইজনমানে ভালপোৱা বোৰ দৰ্শকক ভাল পাবই লাগিব বুলি বান্ধি দিয়াৰ কুফল ভুগিছোঁ। গাঁৱে গাঁৱে ঘূৰি গাঁৱৰ মানুহৰ কথা শুনি উপলদ্ধি হৈছে : এতিয়াৰ সাংবাদিকতাই গাঁৱৰ মানুহৰ সুখ – দুখ বিচাৰিবই নাজানে। তেওঁলোকৰে কথা: শাসনাধিষ্ঠ চৰকাৰখনৰ অনুৰোধ – নিৰ্দেশ বৰ বেয়াকৈ ধৰা পৰে টিভি সাংবাদিকতাত। যি তাৰ বেহু ফালি নিজক নিজৰ ধৰণে তুলি ধৰিবলৈ চেষ্টা কৰিছে, সেই চেনেল অকন চাইছে। বাকীখিনিক ৰাইজে প্ৰায় এৰাই চলিছে।

টিভি সাংবাদিকতাত উপস্থাপন শৈলী বৰ গুৰুত্বপূৰ্ণ। আমাৰ নিউজ ৰিডাৰ বহু। উপযুক্ত পঢ়োতা কিমানজন? সবল এংকৰ কিমান? আচলতে – এই শব্দটো জিভাত নানিলে কথাবোৰ লাগি ধৰে কিয় ? স্ক্ৰিপ্ট নোহোৱাকৈ পাঁচ মিনিটৰ বিশ্লেষণ আগবঢ়াব গৈ কিয় আমি দোমোজাত পৰো? যাৰে-তাৰে হাতত টিভিৰ ল’গ’ পৰাৰ কুফল তথা নোৱাৰিলেও গুৰুত্বপূৰ্ণ বিষয় এটা ঘেঁহাই ঘেঁহাই কোৱাৰ দুঃসাহসৰ বাবেও আমাৰ পেছা অৱনমিত হৈছে নেকি? ভাবিবলগীয়া।

আজি মোৰ সতীৰ্থ এজনে এই ফটোখন পঠিয়াইছে। ফটো দেখি আত্মবিশ্লেষণ কৰিবলৈ মন গ’ল। শিক্ষানুষ্ঠানৰ ছাত্ৰ – ছাত্ৰীৰ প্ৰতিভাৰ সন্ধান আৰু লগতে শিক্ষাৰ্থী, শিক্ষাগুৰু , অভিভাৱকৰ সম্পৰ্ক তথা ঐতিহাসিক ভাবে খ্যাত শিক্ষানুষ্ঠানৰ ব্যাপক প্ৰচাৰৰ লক্ষ্য এই অনুষ্ঠান। নাম “আকৌ নতুন প্ৰভাত হ’ব”। হোজাইত এই অনুষ্ঠান ১৭ ডিচেম্বৰত হ’ব। সেইবাবে এয়া তেওঁলোকৰ আয়োজন। অৰ্থাৎ অনুষ্ঠানটোৱে তেওঁলোকক কৰবাত চুইছে। নহলে প্ৰস্তুতি নচলিল হেঁতেন। ” আহ , আহিবি, কিনো আৰু। টিভিনো চাই কোনে ?” এই মানসিকতা এই অনুষ্ঠানটোৰ ক্ষেত্ৰত নাই। অসমৰ যি শিক্ষানুষ্ঠানত গৈছোঁ সকলোতে একে উৎসাহ। উৎসাহবোৰ দেখিলে মন ভৰি পৰে। অনুভৱ হয় – সঠিক বাটেৰে যাবলৈ চেষ্টা কৰিছোঁ।**

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button