বৰাচাহাবৰ অহংকাৰ

বৰাচাহাবৰ অহংকাৰ
© ৰিজুমণি দেৱী
যোৱা কালি ডাইনিং টেবুলত মিঃআৰু মিছেছ বৰানী ৰাতিপুৱাৰ চাহ খাই আছিল ।তেনেতে বৰানীৰ ফোনটো বাজি উঠিল ।বৰানীয়ে ফোনতো উঠাই কলে “”হেল্লো।””
সিফালৰ পৰা শৰ্মানীয়ে কলে ।
“”অ বৰানী ক’ত আছে?””
“”ঘৰতে আছো শৰ্মানী কোৱা “”
“”কালিলৈ ঘৰত থাকিবানে তুমি ? তোমাৰ লগত।কাম অলপ আছিল।””
“”আজি এতিয়া ঘৰতে,আছোঁ ,অলপ পিচত ওলাই যাম । কিন্তু অহা কালিৰ কথা কব নোৱাৰোঁ।ক’ত থাকিম কলৈ যাম ।ঈশ্বৰে যলৈ পঠাই তালৈকে যাব লাগিব।””
তাকে শুনি বৰাই ভেকাহি মাৰি কলে বৰানীক
‘কি হে তুমি মুখ্যমন্ত্ৰী নেকি? অহা কালিৰ কথা ক’ব নোৱাৰা ।কত থাকিবা কলৈ যাবা? ইমান কি কাম আছে তোমাৰ? “”
বেচৰকাৰী অফিচ এটাত কাম কৰা বৰানীৰ সম্মানত আঘাত লাগিল। ধুনীয়া শিক্ষিতা স্মাৰ্ট পত্মীক সম্মান দিব নজনা বৰাৰ কথাবোৰ এনেকুৱাই। প্ৰতিটো কথাই বৰানীক এনেদৰে কয় যেন বৰানীয়ে একোৱে নেজানে। গোটেই জ্ঞানৰ ভঁৰালটো লৈ বৰা বহি আছে। অৱশ্যে বৰা মানুহ জন বৰ কামিলা ,হিচাবি মানুহ। চহৰ খনৰ এজন লেখত লব লগীয়া ধনী মানুহ। অথচ তেওঁ শূন্যৰ পৰা যাত্ৰা আৰম্ভ কৰিছিল। কিন্তু তাত যে বৰানীৰ কিমান অৱদান সেই কথা পাহৰি যায় সময়ে সময়ে।
“বৰানীয়ে বৰাচাবাবক বুজাই ক’লে—–
“তুমি এনেকৈ নকবা। কেতিয়াবা আমি কৰিম বুলি ভৱা কামতো কেতিয়াবা কৰিব নোৱাৰো বা হৈ নুঠে ।যাম বুলি সিদ্ধান্ত লোৱা ঠাইলৈ যাব নোৱাৰোঁ।কেতিয়াবা আশা নকৰাকৈ কিছুমান সুখ পাওঁ। এইয়া সকৱো ঈশ্বৰৰ ওপৰত নিৰ্ভৰ কৰে। এইয়া মোৰ জীৱনৰ বিশেষ অভিজ্ঞতা।
সেৱে শৰ্মানীক এনেকৈ কৈছোঁ।কালিলৈ ক’ত থাকিম ম ই কব নোৱাৰিম। “”
দিনটো পাৰ হ’ল। ৰাতি শুই থাকোতে ঠিক তিনি মান বজাত বৰাই বৰানীক জগাই দিলে
“”হেৰা উঠাচোন
মোৰ কানত কিবা এটা সোমাই গ’ল টৰ্চটো মাৰি চোৱা চোন। বৰ খৰখৰাই আছে কানত। “”
বৰানীয়ে দেখিলে এটা কেৰেলুৱা পোৱালি সোমাই বহি আছে কুছি মুছিকৈ কানৰ ভিতৰত।
ৰাতিটো বহুত ভয় খালে বৰায়ে। পাচ বজাতেই জিলাৰ চৰকাৰী চিকিৎসালয় খনৰ তৎকালীন বিভাগলৈ লৈ গ’ল বৰানীয়ে।গাড়ী খন যেনিবা বৰাই চলাই গ’ল.। তৎকালীন বিভাগৰ ডাঃয়ে অকনমান কানখন চাই ক’লে—
ন বজাত “ই এন টি ” বিভাগৰ ডাঃ আহিব। তেতিয়া আহি এবাৰ দেখাব ।আমাৰ সাধ্যৰ বাহিৰত।””
ঘৰলৈ উভতি আহিল। ততাতৈয়াকৈ আহি গা -পা ধুই ভাত এমুঠি বনাই খাই আকৌ বৰানী দৌৰিল বৰাক লৈ। ডাঃ ক লগ কৰিলে। তেখেতে চাই মেলি ফিচকাৰী মাৰি দিয়াতো কানৰ পৰা কেৰেলুৱা পোৱালী উলাই নাহিল। আকৌ যন্ত্ৰ -পাতি ব্যৱহাৰ কৰি কোনোমতে বৰাক এই বিপদৰ পৰা ৰক্ষা কৰিলে যেনিবা। ঔষধ পাতি দিলে কানত লগাবলৈ।দুদিন ঔষধ খাব লগা হল।
ঘৰলৈ আহি বৰানীয়ে ক’লে বৰাক ।
“”এতিয়া বুজিলানে ভগৱানৰ মহিমা ।তুমি ভাৱিছিলানে পুৱাতেই দুবাৰকৈ চিকিৎসালয়লৈ আহিব লগা হব পাৰে বুলি। সেৱে মই কৈ থাকো তোমালোকক অহংকাৰ কৰিবলৈ আমাৰ একো নাই। আমি মাথো ভগৱানৰ কাঠৰ পুতলাহে ।তেওঁৰ ইচ্ছা অবিহনে আমি একো কৰিব নোৱাৰোঁ। তেওঁ আমাক দিবলৈৱো বেছি সময় নেলাগে নিবলৈয়ো বেছি সময় নেলাগে। মোৰ কথাবোৰৰ এটা তাৎপৰ্য থাকে। এনেয়ে মই কথাবোৰ নকও।প্ৰতিটো কথাৰ অন্তৰালত এটা অৰ্থ থাকে।””
বৰাই সেমেনাসেমেনি কৈ ক’লে
“হয় দিয়া’




