সাহিত্য সুৰভি
মমী চাংমাই খাটোৱালৰ কবিতা

জীৱন
কিবা এটা পাবলৈ
কিবা এটা হেৰুৱাব লাগিব
শেষ বুলি কলেই
সকলো শেষ হৈ নাযায়,
শেষৰ পৰাই হয় আৰম্ভণি
নাইবা নতুনত্ব।
কিবা এটা পাবলৈ
হাজাৰ চেষ্টা কৰিছো
সাৰে থাকি সপোন দেখিবলৈ শিকিছো,
কঁপালৰ ঘাম মাটিত পেলাই
সপোনৰ পিছত দৌৰি আছো।
বাৰে বাৰে উভতো চাইছো
কি পাইছোঁ, কি হেৰুৱাইছো
কেতিয়াবা
সপোনে অগা-দেৱা কৰিছে
তথাপিও থমকি ৰোৱা নাই
সপোনৰ পিছত দৌৰি আছো
আজীৱন।
কবিঃ মমী চাংমাই খাটোৱাল
ৰস’বাৰী, তিনিচুকীয়া




