আঞ্চলিক সংবাদ

মাজুলীত সদৌ অসম কবি সন্মিলনৰ কেন্দ্ৰীয় অনুষ্ঠান সম্পন্নঃ

নতুন বজাৰ, ১৪ নৱেম্বৰঃ নৱগঠিত মাজুলী জিলা কবি সন্মিলনৰ প্ৰথমটো অনুষ্ঠান হিচাপে সদৌ অসম কবি সন্মিলনৰ কেন্দ্ৰীয় কাৰ্যসূচী ‘কুঁহি’ অনুষ্ঠানটি আজি দিনজোৰা কাৰ্যসূচীৰে সম্পন্ন কৰা হয়। ৰিব্ ৰিব্ মলয়াৰ বা (কুঁহি) শীৰ্ষক অনুষ্ঠাটি সাঁচিপাত আৰু অৰুণোদয় উচ্চ ‌ইংৰাজী বিদ্যালয়ৰ সহযোগত ভালুকমৰা-কাৰ্গিল সামূহিক ভৱনত অনুষ্ঠিত কৰা হয়। কাৰ্যসূচী অনুসৰি পৰিৱেশ নিকাকৰণৰ পিছতে পুৱা ৯ বজাত মাজুলী জিলা কবি সন্মিলনৰ সভাপতি যুগল হাজৰিকা‌ই পতাকা উত্তোলন কৰে। পুৱা ৯-৩০ বজাত জিলা সমিতিৰ সম্পাদক শ্যামন্ত পায়েঙে স্মৃতি তৰ্পন কৰাৰ পিছতে দিনৰ ১১ বজাৰপৰা এখনি মুকলি সভা অনুষ্ঠিত কৰে। কণমানি শিল্পী বিপ্লৱী মূদৈৰ বৰগীতেৰে শুভাৰম্ভ হোৱা মুকলি সভাত জিলা সভাপতি যুগল হাজৰিকাই সভাপতিত্ব কৰে। মাজুলী জিলা প্ৰশাসনৰ সহকাৰী আয়ুক্ত তথা বিদ্যালয়সমূহৰ পৰিদৰ্শক সংগীতা বৰুৱাই উদ্বোধন কৰা সভাখনিৰ উদ্দেশ্য ব্যাখ্যা কৰে জিলা সম্পাদক শ্যামন্ত পায়েঙে। আদৰণি ভাষণ প্ৰদান কৰে অৰুণোদয় উচ্চ ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক দেৱেন বৰুৱাই। সদৌ অসম কবি সন্মিলনৰ প্ৰধান সম্পাদক ছৈয়দ পাৰভিজ হুছেইনে মুখ্য অতিথিৰ ভাষণ প্ৰদান কৰাৰ পিছতে নামনি মাজুলী জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক দিগন্ত শ‌ইকীয়াই নিৰ্দিষ্ট বক্তাৰ ভাষণ প্ৰধান কৰে। কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক দীপাংকৰ জ্যোতি বৰা, পদুম সিং ৰাজপুত, বসন্ত কুমাৰ শ‌ইকীয়া, যতীন বৰা, কবিতা বৰা মূদৈ, জয়ন্ত শ‌ইকীয়া, লক্ষীনাৰায়ন শৰ্মা, ৰশ্মি ৰেখা শ‌ইকীয়া, বুধিন শৰ্মা, বিবেকানন্দ ৰেগন, কোষেশ্বৰ শৰ্মা আদি প্ৰায় দুকুৰি কবি সমাজকৰ্মীয়ে কবিতা পাঠ আৰু বক্তব্য ৰাখে। যতীন্দ্ৰ নাথ মূদৈৰ পৰিচালনাত শতাধিক ছাত্ৰ-ছাত্রীয়ে গীত, নৃত্য, কবিতা আবৃত্তি, দিহানামেৰে জীপাল কৰা বাৰেৰহনীয়া অনুষ্ঠানটি কমল দত্তৰ ৰচনা আৰু লক্ষীনাৰায়ণ শৰ্মাৰ পৰিচালনাৰ ‘পথাৰৰ সোণগুটি মিলেট’ শীৰ্ষক একাংকিকা নাটখনিয়ে অনুষ্ঠানটিক অধিক মাত্ৰা প্ৰদান কৰে। সভাৰ শেষত শলাগৰ শৰাই আগবঢ়াই মাজুলী জিলা কবি সন্মিলনৰ শ্যামন্ত পায়েঙে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button