বিশেষ লেখা

মীনাক্ষি দাস গুৱাহাটীৰ খাৰঘুলিৰ ছোৱালী-জয়ন্ত বিশ্ব শৰ্মা

মীনাক্ষি দাস গুৱাহাটীৰ খাৰঘুলিৰ ছোৱালী। ডিচেম্বৰ মাহত মধ্য প্ৰাচ্যৰ পৰা আৰম্ভ কৰি বাজাজ কোম্পানীৰ ভাৰত নিৰ্মিত এখন বাইকেৰে আহি কিছুদিন আগতে লণ্ডন উপস্থিত হৈছে। লণ্ডনৰ পৰা দেশখনৰ উত্তৰলৈ যোৱাকালি নিউকাচল ৰাতিটো কটাই আজি ৰাতিপুৱা এডিনবাৰ্গ অভিমুখে ৰাওনা হ’ল। মীনাক্ষিয়ে ইতিমধ্যে প্ৰায় ৩০খন দেশ অতিক্ৰম কৰিছে। মুঠ ৬৭খন দেশ অতিক্ৰম কৰি ৰাছিয়া আৰু চীনৰ মাজেৰে ব্ৰহ্মদেশ, থাইলেণ্ড হৈ অসমলৈ উভতিব। মীনাক্ষিৰ কোনো ‘স্পনছৰশ্বিপ’ নাই, নাই কোনো সহায়কাৰীৰ দল। মীনাক্ষি জীয়ৰি, পত্নী আৰু এগৰাকী ১৫ বছৰীয়া কন্যাৰ মাতৃ। মীনাক্ষিক লগ পাই ভাব হ’ল এগৰাকী অসমৰ মাটিৰ ছেৱালী। দৃঢ়প্ৰতিজ্ঞ, আত্মবিশ্বাসী আৰু মৰ্যাদাশীল। মানুহে মৰমেৰে দিয়া সহায় লৈছে, ল’বলৈ প্ৰয়োজন আছে, কিন্তু কৰ্পৰেটৰ সহায় লৈ তেওঁলোকৰ ল’গ লগাই গ্লেমাৰৰ পিছত দৌৰা নাই।

কিন্তু মই আচৰিত হৈছোঁ এনে এটা দুঃসাহসিক কাৰ্যত ছোৱালীজনীয়ে কোনো অনুষ্ঠানিক সহায় অবিহলেই ওলাই আহিবলৈ পাৰিছে। মীনাক্ষিৰ বাইকখনৰ নিৰ্মাতা বাজাজ কোম্পানীটোৱে এই যাত্ৰাৰ বিষয়ে অৱগত কিন্তু সামান্য সহায় কৰা নাই। এয়া সাধাৰণ মানুহৰ প্ৰতি আমাৰ অৱজ্ঞা অথবা বিশ্বাসৰ অভাৱ।

ইংলণ্ডৰ প্ৰৱাসী ৰাইজে ঠায়ে ঠায়ে মীনাক্ষিক আদৰণি জনাইছে। নিশাটো ৰাখিছে। বাইকত তেল ভৰাই দিছে। হাত খৰচো দিছে। আমি নিউকাচলবাসী পৰিয়ালকেইটাও কৰিবলৈ সুযোগ পালোঁ।

এতিয়া এটা বাধা আহিছে। মীনাক্ষিৰ ‘চেংগেন ভিজা’ৰ ম্যাদ উকলিল। সেয়ে ইংলণ্ডৰ পৰা ইউৰোপ সোমাবলৈ হ’লে ম্যাদ বঢ়াব লাগিব যিটো কৰিবলৈ নিয়মানুসৰি দিল্লীতহে আবেদন কৰিব পাৰিব। লণ্ডনত ইউৰোপীয় দেশৰ দূতাবাসে হয়তো অতি বিশেষ ক্ষেত্ৰতহে ম্যাদ বঢ়োৱাৰৰ আৱেদন ল’ব। হয়তো লণ্ডনস্থিত ভাৰতীয় দূতাবাসে এইক্ষেত্ৰত ইউৰোপীয় দেশৰ দূতাবাসক অনুৰোধ এটা কৰিব পাৰে। কিন্তু কৰিবনে? মীনাক্ষিয়ে দুই এদিনতে ভাৰতীয় দূতাবাসক সাক্ষাত কৰিবলৈ চেষ্টা কৰিব। যদি এই ভবা ধৰণে কামটো সমাধা নহয় মীনাক্ষি দিল্লীলৈ এই অভিয়ানৰ পৰা সাময়িক বিৰাম লৈ দিল্লীলৈ ‘চেংগেন ভিজা’ৰ ম্যাদ বঢ়াবলৈ যাব লাগিব। এয়া সময় সাপেক্ষ আৰু খৰচি হ’ব। মীনাক্ষিৰ ৰাছিয়া, চীন আদিৰ ভিজা হৈ আছে।

বাইক অভিযান বা যি কোনো দুঃসাহসিক অভিযান আনকি জীৱন সংকল্প ৰূপায়ন হৈছে এক ব্যক্তিগত অভিযান। আত্মমৰ্যাদা ৰক্ষাৰে সংকল্পসাধনহে আচল কৃতিত্ব। এনে সাধনেহে জীৱন সুন্দৰ কৰে। সুন্দৰ উপলব্ধি দিয়ে। সংকল্পসাধন চিনেমা প্ৰযোেজনা কৰাৰে দৰে বহুতেই কৰে। ব্যৱসায়িক সফলতাৰ বাহিৰে ইয়াৰ আন মূল্য সামান্য।

মীনাক্ষিক শুভকানমা জনাইইছোঁ। ফেচবুক নিচা আজিকালি মোৰ নাই। কিন্তু মীনাক্ষিক কাহিনীটো ভগাই নিদিয়াকৈ নোৱাৰিলোঁ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button