বিশেষ লেখাসাহিত্য সুৰভি

শৰৎ মানেই উদ্ভাসিত ধৰাতল – জ্যোতিৰেখা দেৱী (নুকু)

“শৰৎ মানেই উদ্ভাসিত ধৰাতল”
✍🏽 জ্যোতি ৰেখা দেৱী, কলংপাৰ হহঁৰা কামৰূপ (মহানগৰ)

“শৰৎ কালৰ ৰাত্ৰি অতি বিতোপন।
ৰাসক্ৰীড়া কৰিতে কৃষ্ণৰ ভৈল মন।।
ভৈলন্ত উদিত চন্দ্ৰ পূৰ্বদিশে হন্তে।
কামাতুৰ স্ত্ৰীৰ যেন সন্তাপ মাৰ্জ্জন্তে।।
অখণ্ড মণ্ডল চন্দ্ৰ দেখিলন্ত হৰি।
কুঙ্কুমে অৰুণ লক্ষ্মী মুখপদ্ম সৰি।।
বনকো দেখিলে চন্দ্ৰ ৰশ্মিয়ে ৰঞ্জিত।
সুস্বৰ মধুৰ কৰি হৰি গাইল গীত।।”
শৰৎ কাল মানেই অতি বিতোপন এক অপূৰ্ব শোভা। সেই সৌন্দৰ্যত মোহান্বিত হৈ আন নালাগে স্বয়ং ভগৱান শ্ৰীকৃষ্ণৰো হৃদয়ত জাগি উঠে স্বৰ্গীয় প্ৰেম।সেয়ে তেওঁ বংশীৰ মধুৰ সুৰ তুলি সুমধুৰ গীত গাই কামাতুৰা কৰি তুলিছিল বৃন্দাবনৰ গোপীসবক।শৰৎ পূৰ্ণিমাৰ শুভ্ৰ পোহৰত ৰঞ্জিত হয় মানৱ প্ৰাণৰ লগতে সমস্ত পৃথিৱী।শৰৎ কালত গ্ৰীষ্ম-বৰ্ষা পাৰ হৈ নামি আহে কিঞ্চিৎ শীতৰ শীতলতা।গছ-বন-বিৰিখে ৰং সলাই হৈ পৰে সুমথিৰা, ৰঙচুৱা আৰু সোনবৰণীয়া ।
আহিন মানেই শৰৎ।শৰৎ মানেই শাৰদীয় সুৱাস।যেতিয়া আহিনৰ ৰিব্ ৰিব্ মলয়া চাতি বৈ আহে আকাশ বিয়পি,সেই বতাহৰ সুৱাসতে ফুল ফুলে শেৱালি,আগমিত হয় শৰৎ।সঞ্চালিত হয় শাৰদীয় সুৰভি।
শৰৎ মানেই শেৱালি।শেৱালিৰ শুভ্ৰতাত তৰুণ হৈ পৰে মানৱৰ দেহ,মন,প্ৰাণ।উষাৰ আগমনত তলসৰা শেৱালিৰ স্নিগ্ধ সুৰভীয়ে মতলীয়া কৰে গাভৰুৰ মন।শৰতৰ আগমনত জীপাল হয় ধৰা,জীপাল হয় আকাশ,জীপাল হয় বতাহ,জীপাল হয় গছ-লতা,বন-বিৰিখ।নৱযৌৱনা হয় কৃষকৰ জীয়ৰী পথাৰখনি।ৰূপ লয় তেউ-হালধীয়া সোনোৱালী।সেমেকা দুৱৰিত জিলিকে সৰগৰ মুকুতা নিয়ৰৰ মণি।
ঋতু আহে ঋতু যায়।বৰ্ষাৰ পিছত আগমিত শৰৎ মানেই প্ৰেমৰ বৰষা, আশাৰ বতৰা। সলনি হয় প্ৰকৃতিৰ ৰং।উষা-সন্ধ্যা হৈ পৰে শুভ্ৰ কুঁৱলীৰে ৰূপোৱালী।নীলাভ আকাশৰ তলত নাছি ফুৰে কপাহী কোমল ডাৱৰ এজাক। তাতেই লাগি ৰয় প্ৰেমৰ ৰাগী, প্ৰেমৰ অমিয়া মাধুৰী।সেই ৰাগীত মতলীয়া হৈ পাখীত পাখী লগাই উৰি যায় বনহাঁহ এজাকি। ডেউকা মেলি উৰে বগাকৈ বগলী।
বতাহৰ তালে তালে চেউ তুলি কঁকাল ভাঙি নাচে নদীৰ পাৰৰ কহুৱা লানি।তাকেই দেখি বালিত নাচে এযুৰি বালিমাহী।বোকা-পানীৰে পৰিপূৰ্ণ শালিধানৰ পথাৰখনি হৈ পৰে শীত সোণোৱালী।এনে লাগে যেন সদ্যস্নাতা পাটগাভৰু শাৰদী ৰাণী।এই শাৰদী ৰাণীৰ প্ৰেমত পৰে প্ৰতি মানৱৰ মণ-প্ৰাণ।সেয়ে তাকে শ্ৰদ্ধাৰ ড.ভূপেনদায়ে লিখিছে -গাইছে—
“ শাৰদী ৰাণী তোমাৰ হেনো নাম
তুমি মোৰ নিচেই আপোন
সদ্যস্নাতা ৰূপহী মোৰ, পুৱতি নিশাৰ সপোন।”
শৰতৰ উষাৰ আগমনত যেন প্ৰতিজন প্ৰেমিকৰ হৃদয়ত জাগি উঠে দূৰ্দান্ত প্ৰেমৰ অণুৰণণ।
শৰতৰ আকাশত যেতিয়া স্নিগ্ধ জোনাকী জাকে শুভ্ৰতা সানে, মানৱৰ মণ-প্ৰাণ নাচি উঠে এক অজান মাদকতাত। বাজি উঠে প্ৰেমৰ ৰুণজুণ,গীত গাই গুণগুণ।হাবিয়াস জাগে নিশাৰ জোনাকী বাটত প্ৰেমিক যুগলে ইজনে সিজনৰ হাতত হাত ধৰি বাট বুলিবলৈ।
প্ৰকৃতিৰ অতুলনীয়,অনিৰ্বচনীয় ৰূপ-লাবণ্যৰ গৰাকী ঋতুৰাণী শৰৎ।শৰতৰ নীলাকাশত,শুভ্ৰ
বলাকাৰ ডেউকাত সপোন ৰহণ সানি উৰি ফুৰে মেঘপুঞ্জ। তাতেই বাজি উঠে যেন শ্ৰীকৃষ্ণৰ মধুস
সোনসেৰীয়া বংশীৰ মধুসনা ধ্বনি।সেয়ে শ্ৰদ্ধাৰ জুবিন গাৰ্গৰ গীতেৰে কব পাৰি
“শুভ্ৰ বলাকাৰ ডেউকাত
সপোন ৰহণ সানি
দূৰণিৰ সাগৰ পাৰত
বাজে বাঁহী মধুসনা।”
কিছু শীত-তাপৰ সমাহাৰ শৰৎ ঋতুৰ আগমনতেই আগমিত হয় বহু উৎসৱ-পাৰ্বণ, ধৰ্মীয় অনুষ্ঠান।এই সময়ছোৱাত অসমীয়া জাতিয়ে পালন কৰে অসমৰ জাতীয় উৎসৱ বিহুৰ অন্যতম বিহু কাতি বিহু।যি বিহুৰ ধূপ-দ্বীপ, ৰীতি -নীতিয়ে
কৃষক ৰাইজৰ মনলৈ কঢ়িয়াই আনে অফুৰন্ত শইচ সোণোৱালী ভৱিষ্যতৰ সপোন।
তাৰোপৰি এই শৰৎ কালৰ সময়ছোৱাতেই পালন কৰা হয় শাৰদীয় দুৰ্গোৎসৱ।নানা অপায় অমংগল,দূখ-দূৰ্গতি সংহাৰ কৰি সমস্ত পৃথিৱীক কুশল-মঙ্গলে ৰখাৰ বাবে, নানা ধৰ্মীয় ৰীতি -নীতি,আড়ম্বৰেৰে পূজা-অৰ্চনা কৰা হয় দুৰ্গতি নাশিনী দুৰ্গাদেৱীক।
ইয়াৰোপৰি এই সময়তে পালন কৰা হয় পোহৰৰ উৎসৱ দীপাৱলী।দীপাৱলীৰ নানা ৰীতি-নীতিৰে চাকি-বন্তিৰ পোহৰেৰে ঘৰ-দুৱাৰ পোহৰ কৰাৰ অজুহাতেৰে মানৱ-প্ৰাণে বুকুত বান্ধে চিৰদিনৰ বাবে জীৱন- যৌৱন পোহৰাই ৰখাৰ এক সেউজীয়া আকাংক্ষা ।
সেয়ে শৰৎ যে  মাথোঁ এটি ঋতু নহয় ।ই মানৱ প্ৰাণৰ বাবে  মনোমুগ্ধকৰ চিৰকাংশিত মাদকতাপূৰ্ণ এক সেউজীয়া সপোন বুকুত অঁকাৰ এক সুন্দৰ সময়। ই সমস্ত সময়ৰ সমস্ত প্ৰকৃতিৰ ঋতুৰ ৰাণী।
মুঠতে……
শৰৎ মানেই  কুঁৱলী
শৰৎ মানেই শেৱালি ।
শৰৎ মানেৰি কঁহুৱা
শৰৎ মানেই সপোন বাখৰুৱা।
শৰৎ মানেই দূৰ্গোৎসৱ
শৰৎ মানেই শাৰদী ।
শৰৎ মানেই আকাশ ৰূপোৱালী
শৰৎ মানেই পথাৰ সোণোৱালী।
শৰৎ মানেই সৌন্দৰ্যৰ আকৰ
শৰৎ মানেই উদ্ভাসিত ধৰাতল।
***************************

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button