মাজুলীৰ পৰা কুমুদ চন্দ্ৰ দাসঃ সত্ৰপীঠ মাজুলীৰ এখনি ঐতিহাসিক থান হৈছে আজলী আই (বা-ভগা) থান। শদিয়াৰ পৰা মানাহ পৰ্যন্ত ব্যাপ্ত হৈ থকা অসমৰ বৃহত্তৰ মায়ামৰা সমাজৰ আদ্যগুৰু শ্ৰীশ্ৰী অনিৰুদ্ধদেৱৰ মাতৃ আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ খুৰাকৰ জী আজলী আইৰ সমাধিস্থল মাজুলীৰ পূৱত অৱস্থিত শ্ৰীশ্ৰী নতুন চামগুৰি সত্ৰৰ দক্ষিণ ফালে আৰু ঐতিহাসিক মেখলি গাঁৱৰ নিচেই গাতে অৱস্থিত। ঐতিহ্য বিজড়িত থানখনি অসমৰ ১৫ খন জিলাত বিশেষভাৱে বসতি কৰি থকা প্ৰায় চল্লিশ লাখ মায়ামৰীয়া লোকৰ শিৰৰ কিৰিটি স্বৰূপ এক আদৰৰ তীৰ্থস্থান। বৰ্তমান বিভিন্ন জাতি বৰ্ণ ভাষা ধৰ্মৰ লোকৰ পদস্পৰ্শেৰে থানখনি সকলোৰে মনৰ অভীষ্ট সিদ্ধিৰ এক পুণ্য ধামলৈ ৰূপান্তৰিত হৈছে। ইতিমধ্যে মাজুলীৰ আজলী আই বা-ভগা থানখনিলৈ বছৰৰ বিভিন্ন সময়ত অসমৰ লগতে ভাৰতৰ বিভিন্ন ঠাইৰ বৈষ্ণৱ সেৱকসকল আহি থানখনিৰ মান জগতসভাত প্ৰতিষ্ঠা কৰাত বৰঙণি আগবঢ়াইছে। সম্প্ৰতি পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰ হৈ পৰা মাজুলীৰ গৰিমাৰ অনন্য প্ৰতীক এই আজলী আই (বা-ভগা) থানখনি বিভিন্ন সমস্যাৰে ভাড়াক্ৰান্ত। থানখনিৰ আটাইতকৈ ডাঙৰ সমস্যাটিয়েই হৈছে প্ৰকৃত ভূ-পৰিধি ক্ৰমান্বয়ে ঠেক হৈ অহা ছবিখন।যিটো সময়ত মাননীয় অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বলিষ্ঠ পৃষ্ঠপোষকতাত অসমৰ ইতিহাস বিজড়িত সম্পদ তথা অনুষ্ঠানসমূহ সংৰক্ষণ আৰু সংবৰ্ধনৰ প্ৰকৃত ব্যৱস্থা গ্ৰহণ কৰা হৈছে তেনে সময়তে সত্ৰপীঠ মাজুলীৰ বৃহত্তৰ মায়ামৰা সমাজৰ আজলী আই থানখনি একশ্ৰেণীলোকৰ বাবেই থানৰ প্ৰকৃত ভূমি ক্ৰমে হ্ৰাস হৈ অহা কাৰ্য বৰ পৰিতাপৰ।এতিয়া মাথোঁ থানখনৰ অস্তিত্বহে ৰৈছেগৈ। তদুপৰি থানখনৰ মূল সম্পদ নামঘৰ,মণিকুট,পকী বেৰা, পোহৰ,পানীযোগান,অনাময়ৰ ব্যৱস্থা, আজি পৰ্যন্ত হৈ নুঠিল। থানখনিৰ চৌহদ এতিয়াও কৰ্দয্যময়। দ গাঁত আৰু থানৰ গাতে খন্দা বিৰাট আকাৰৰ পুখুৰী আদিয়ে থানখনৰ লগতে পৰ্যটকৰ সন্মুখত এক কঠিন প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে। সেয়েহে আজলী আই (বা-ভগা) থানৰ ঐতিহ্য,গৰিমা ৰক্ষাৰ লগতে থানখনিলৈ বছৰৰ বিভিন্ন সময়ত হাজাৰ হাজাৰ ভক্তৰ সমাগমৰ কথা চিন্তা কৰি মাননীয় অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু বিভাগীয় কতৃপক্ষই যাতে অচিৰেই যথোচিত ব্যৱস্থা গ্ৰহণ কৰে তাৰবাবে মায়ামৰা আজলী আই (বা-ভগা) থান উন্নয়ন সমিতিৰ সভাপতি কুমুদ চন্দ্ৰ দাস আৰু সম্পাদক প্ৰহ্লাদ দাসে এই প্ৰেছ বিজ্ঞপ্তিৰ যোগেদি জানিবলৈ দিছে।