সাহিত্য সুৰভি

সাহিত্যত প্ৰেমৰ ধাৰণা – দীপিকা শইকীয়া

সাহিত্যত প্ৰেমৰ ধাৰণা

দীপিকা শইকীয়া

কবিগুৰু ৰবীন্দ্ৰ নাথ ঠাকুৰৰ মতে,”সাহিত্য হৈছে ভাষাৰ লগত ভাবৰ আৰু শব্দৰ লগত অৰ্থৰ মিলনেই হৈছে সাহিত্য।” কথাষাৰ একেবাৰে সঁচা।সাহিত্যত সত্য আৰু শুদ্ধতাৰ স্বত্বঃস্ফূৰ্ত প্ৰকাশ পায় আৰু জনমানসত আনন্দ ,সুখ,দুখ ,বেদনা আদি ৰস অনুযায়ী বিভিন্নতাৰে অনুভৱে ক্ৰিয়া কৰে।যিয়েই নহওঁক সাহিত্যৰ সৌন্দৰ্য আৰু সুন্দৰতাই মানৱ সমাজৰ হিত কাৰক হোৱাটো একান্তই বাঞ্ছনীয়।যিহেতু সাহিত্য এবিধ উচ্চতম কলা আৰু কলাৰ উদ্দেশ্যই হৈছে উকৃষ্ট জীৱন সঞ্চালন কৰি মানৱীয় গুণৰ যোগান ধৰা।সমাজ, দেশ, পৰিয়াল, প্ৰকৃতিক সংস্কাৰ সহ পৰিতৃপ্তি সাধন কৰা।মনে-প্ৰানে পুলকিত কৰি সম্পূৰ্ণ চেতন ,বোধন শক্তিৰে গণশক্তিক উন্নত স্তৰলৈ লৈ যোৱা।
মানুহ সাহিত্যৰ মূল বিষয়। মানুহক মুখ্য কৰি সিংহভাগ সাহিত্যৰ ৰচনা হৈছে আৰু মানুহ বিষয়ক সাহিত্যত ‘প্ৰেম’ ৰ বিশেষত্ব সৰ্বাধিক।এই প্ৰেমৰ প্ৰকাৰ, প্ৰকাশভংগীৰ বহুতো দিশ আছে। মানৱপ্ৰেম,জাতি প্ৰেম,দেশপ্ৰেম, ঈশ্বৰ, আত্মা-পৰত্মাৰ স’তে প্ৰেম,প্ৰকৃতিজাত প্ৰেম।সকলো প্ৰেমৰেই মূলতে আন্তৰিক ভালপোৱাৰ স্বৰূপ বা প্ৰবৃত্তি। জন্মৰ পৰা মৃত্যুৰ পৰ্যন্ত সমগ্ৰ সময়চোৱাত বিভিন্ন সময়ত, বিভিন্ন পৰিবেশত,বিভিন্ন অৱস্থাত প্ৰেমৰ বিকাশ,প্ৰকাশ ঘটে।বয়স অনুপাতে পৰিবৰ্তন আৰু ৰূপান্তৰিত হয়।যিহেতু মানুহৰ হৃদয়ৰ আটাইতকৈ সুন্দৰ, উন্নত আৰু পৰম পৱিত্ৰ অনুভৱ হৈছে প্ৰেম।প্ৰেমৰ মাজতে নিহিত দৃষ্টি, সৃষ্টি, স্থিতি অৰ্থাৎ মহাজাগতিক স্বৰ্গীয় শক্তি।জীৱন্ত কালত প্ৰেম থাকিবই।জীৱনেই প্ৰেম আৰু প্ৰেমেই জীৱন হলেহে জীৱন যাপনৰ পৰিবৰ্তে উদযাপন কৰিব পাৰি।আচলতে প্ৰেমৰ জৰিয়তে জীৱনক প্ৰকৃত তত্ব সহ মৰ্যদাসহ উপলব্ধি কৰিব পাৰি।সেয়েহে গভীৰ তত্ত্ব কথাৰে ৰচিত সাহিত্যৰ চৰ্চাই বিশেষ প্ৰাধান্যতা লাভ কৰে।
অন্যহাতে জীৱৰ ক্ষেত্ৰত হওক বা জীৱশ্ৰেষ্ঠ মানুহৰ ক্ষেত্ৰত হওক স্বভাৱিক বা অস্বাভাৱিক কিছুমান প্ৰবৃত্তি আছে ।সৃষ্টিৰ বাবেই প্ৰবৃত্তি সমূহৰ প্ৰয়োজন।জন্ম ,বংশ বৃদ্ধি, উৎপাদনৰ দৰে সৎ উদ্দেশ্যৰ বাবেই প্ৰবৃত্তি সমুহৰ সময়ে সময়ে প্ৰকাশ ঘটে।মানুহৰ জীৱনকালতো বিভিন্ন সময়ত, বিভিন্ন অৱস্থাত বিকশিত ৰূপত দেখা পোৱা যায়।আটাইতকৈ বেছি সৌন্দৰ্যময় হয় যৌৱনকালত।যৌৱন অৱস্থাত মানুহৰ জীৱনৰ প্ৰবৃত্তি পৰিৱৰ্তনৰ বিশেষত্ব”প্ৰেম”।এই সময়চোৱাত প্ৰেমৰ ৰূপৰ পৰিবৰ্তন ঘটে।প্ৰেমৰ তীব্ৰ অনুভৱে যৌনতাৰ প্ৰতি আসক্তি বঢ়ায় এইখিনি সময়তে ।প্ৰেমৰ পৱিত্ৰ জোৱাৰত পৰি প্ৰেমৰ পৱিত্ৰ অনুভৱক হৃদয়ত লৈয়েই বহুতো কবিতা, গল্প,উপন্যাস ৰচনা হয়।কামনা, বাসনা, দুখ,সুখ, বিষাদ, আনন্দ সকলোৰে হৃদয়খন উপচি থাকে আৰু চেতন আৰু বোধনৰ গভীৰ তত্ত্বসহ সাহিত্যৰ ৰচনাসমূহ সমৃদ্ধ হোৱাৰ থল থাকে।
আচলত জীয়াই ৰাখিবলৈ আহাৰ,নিদ্ৰা,বস্ত্ৰ,বাসস্থানৰ দৰেই মৈথুনৰ প্ৰয়োজনীয়তা অনস্বীকাৰ্য।জন্মগতভাৱে এই প্ৰবৃত্তিসমূহ জীৱৰ লগতেই থাকে আৰু সময় অনুযায়ী বিভিন্ন স্তৰত বিকাশিত হয় বা পূৰ্ণতা লাভ কৰে।জীৱনৰ সত্যতা স্বীকাৰ কৰি স্বীকৃতি দিয়াৰ স্বাৰ্থত স্বাভাৱিক প্ৰবৃত্তিক প্ৰতিৰোধ কৰা,ৰুদ্ধ কৰাৰ অধিকাৰ ,ক্ষমতা নাথাকে।তথাপি মানুহৰ আৰু জীৱন প্ৰবৃত্তি প্ৰক্ৰিয়াৰ পাৰ্থক্য আছে।মানুহে প্ৰবৃত্তি সমূহ মাৰ্জিত ৰূপত গ্ৰহন কৰিলেহে প্ৰকৃত সৌন্দৰ্য পান কৰিব পাৰে।অন্যথা অশ্লীল, অশান্তি হৈ উঠে।যিহেতু উন্নত জীৱনশৈলীৰ প্ৰদৰ্শন হৈছে সফলতাৰ মূল।জন্তুৰ ক্ষেত্ৰত এই বিষয়ত পৰিশোধন নাথাকে।আনহাতে সঁচা অৰ্থত অনেক সময়ত প্ৰেম, কামনা, বাসনা, উন্নত যৌৱনৰ আৱেগৰ ৰহন সনা সাহিত্যই প্ৰচাৰ, প্ৰসাৰ বৃদ্ধি পোৱাৰ কাৰণ অনস্বীকাৰ্য।
তথাপিও সাহিত্যৰ অভ্যন্তৰীন সৌন্দৰ্যৰ শুদ্ধ প্ৰকাশ হয় প্ৰেমৰ গভীৰ তত্ব সম্বলিত চিত্ৰৰে।প্ৰেমৰ প্ৰকৃত ৰসৰ দ্বাৰা।সেই ৰস নৱৰসৰ যিকোনো হওক।পৱিত্ৰ প্ৰেমৰ গভীৰতাত বিলীন হলেই মানসিক আৰু দৈহিক চিত্ত বিশুদ্ধ হয় আৰু স্বৰ্গীয় শক্তি লাভ কৰা হয়।
শেষত সাহিত্যৰ সোৱাদ লগা বৰ্ণনাৰ অন্তৰালত প্ৰেমৰ মহিমা অপাৰ।এই প্ৰেমৰ বিষয় প্ৰকৃতি,মানুহ,ঈশ্বৰ যিকোনো হব পাৰে।প্ৰকৃত প্ৰেমৰ পৰাই পৰমানন্দ লাভ কৰিব পাৰি।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button