২৫ ডিচেম্বৰত অনুষ্ঠিত হ’ব অনাতাঁৰ মৰম পৰিয়ালৰ চৰ্তুদশ প্ৰতিষ্ঠা দিৱস

২৫ ডিচেম্বৰত অনাতাঁৰ মৰম পৰিয়ালৰ চৰ্তুদশ প্ৰতিষ্ঠা দিৱস; “আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগৰ মুৰব্বী সম্পাদক মানস প্ৰতীম শৰ্মালৈ “শ্ৰোতা প্ৰেৰণা বঁটা-২০২৩” আৰু শ্ৰেষ্ঠ “অনাতাঁৰ শ্ৰোতাবন্ধু বঁটা-২০২৩” ধেমাজিৰ জয়বৰ পাংগিং আৰু সোণাৰাম লালুঙলৈ”
মাজুলী আৰু জোনাইৰপৰা বিকাশ শইকীয়া,১৭ ডিচেম্বৰঃ ২০১০ চনৰ ২৫ ডিচেম্বৰত মাজুলীত প্ৰতিষ্ঠা হোৱা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো ৰেডিঅ’ শ্ৰোতা সংঘ “অনাতাঁৰ মৰম পৰিয়াল” ৰ অহা ২৫ ডিচেম্বৰত চতুৰ্দশ প্ৰতিষ্ঠা দিৱস ধেমাজি জিলাৰ জোনাই তেলেমৰ পৰিয়ালটিৰ জ্যেষ্ঠ উপদেষ্টা জয়বৰ পাংগিঙৰ চোতালৰ বাকৰিত অনুষ্ঠিত হ’ব। প্ৰতিষ্ঠা দিৱসত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগৰ মুৰব্বী সম্পাদক মানস প্ৰতীম শৰ্মালৈ পৰিয়ালটিৰ ফালৰ পৰা আকাশবাণী সৈতে জড়িত ব্যক্তিলৈ প্ৰথমবাৰলৈ আগবঢ়াৱ বিচৰা “শ্ৰোতা প্ৰেৰণা বঁটা -২০২৩” প্ৰদান কৰিব। প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি প্ৰতিবছৰে পৰিয়ালটোৰ ফালৰ পৰা প্ৰদান কৰি অহা বছৰটোৰ শ্ৰেষ্ঠ “অনাতাঁৰ শ্ৰোতাবন্ধু বঁটা” ২০২৩ বৰ্ষত জেষ্ঠ শ্ৰোতা শিতানত লাভ কৰিবলৈ সক্ষম হৈছে জোনাই তেলেমৰে জয়বৰ পাংগিং আৰু যুৱ শ্ৰোতা শিতানত লাভ কৰিবলৈ সক্ষম হৈছে মেছাকী চাপৰি জোনাইৰে সোণাৰাম লালুঙে। এই বঁটাত থাকিব একোটা ৰেডিঅ’ চেট্ , মানপত্ৰ , বস্ত্ৰ , কিতাপৰ টোপোলা, জাপি, পত্ৰ প্ৰেৰণৰ পোষ্ট কাৰ্ড, একোটাকৈ গছপুলি আদি। অনুষ্ঠানটিত পৰিয়ালটিৰ ফালৰপৰা প্ৰতি বছৰে প্ৰকাশ পাই অহা পৰিয়ালটিৰ বাৰ্ষিক মুখপত্ৰ “মৰম এক যোগসূত্ৰ” উন্মোচন কৰা হ’ব। এই সংখ্যাৰ মুখপত্ৰ খন সম্পাদনা কৰিছে পংকজ কুমাৰ দত্তই। সেইদিনা অনুষ্ঠানটিত কেইবাটাও আকাশবাণী কেন্দ্ৰৰ বিশিষ্ট ব্যক্তি লগতে অসমৰ বিভিন্ন ঠাইৰ পৰিয়ালটিৰ সদস্য সকলৰ লগতে অঞ্চলটিৰ ৰেডিঅ’ প্ৰেমী শ্ৰোতা সকল উপস্থিত থাকিব বুলি পৰিয়ালটিৰ সভাপতি নকুল গগৈ, উপ-সভাপতি চন্দ্ৰকান্ত টাইদ আৰু সম্পাদক নিতু দেৱে জানিবলৈ দিছে।



