ৰিজুমণি দেৱীৰ গল্প—চাকনৈয়া

চাকনৈয়া
পুৱা দহ বাজি গৈছে’ বিচনাত পৰি কিতাপ এখন হাতত লৈছোঁ। কিতাপখনৰ কেইটামান শাৰীয়ে মোক ভৱাই তুলিলে——–
ডাৰউইনে আকৌ কিয় কবিতা পঢ়িব?
——————————————————–
মই যদি জীৱনতো আকৌ এবাৰ যাপন কৰিবলৈ সুবিধা পাওঁ,
তেতিয়াহ’লে সপ্তাহটোত অন্ততঃ এদিন কেইটামান কবিতা পঢ়িবলৈ আৰু কেইটামান গান শুনিবলৈ মই নিয়ম বান্ধি ল’ম। মই অনুভৱ কৰোঁ যে মোৰ মগজুৰ এটা বিশেষ অংশ ব্যৱহাৰৰ অভাৱত ক্ষয়প্ৰাপ্ত হৈছে।কবিতা পঢ়িবলৈ আৰু গান শুনিবলৈ আৰম্ভ কৰিলে মোৰ মগজৰ সেই অংশটোৱে পুনৰ প্ৰাণ পাই উঠিব।কবিতা আৰু সংগীতৰ প্ৰতি অনুৰাগ হেৰুৱাই পেলালে সুখো হেৰাই যায়৷ সি বোধহয় কিছুমান পৰিমাণে আমাৰ বুদ্ধিও নাশ কৰে। তাতোকৈ ডাঙৰ কথাটো হ’ল যে সি আমাৰ স্বভাৱৰ আৱেগিক অংশটোক দুৰ্বল কৰি দিয়ে—যাৰ ফলত আমাৰ নৈতিক চৰিত্ৰ ক্ষতিগ্ৰস্ত হয়।
কিং কিং কিং
হঠাৎ মবাইলটো বাজি উঠিল।
মবাইলটো উঠাই ক’লো
হেল্লো।
সিফালৰ পৰা এটা নাৰী কণ্ঠৰ শব্দ ।
বাইদেউ মই এলিজা চিনি পাইছেনে?
মই মনত পেলালোঁ। বহুদিন কথা নোহোৱাৰ বাবে এলিজাক মনত পেলাওতে অলপ সময় লাগিল। তাই মনত পেলাই দিলে—
বাইদেউ মই অৰুণাচলৰ পৰা কৈছো এলিজা ।
ভালে আছেনে?
অ’ অ’ পাইছোঁ এলিজা কোৱা কি খবৰ ? বহুদিনৰ মূৰত মনত পেলালা মোক। ভালে আছা ন?””
“”আছো দিয়ক বাইদেউ “”
বহু কথাই ক’লে তাই
এলিজা কোন? মইনো কেনেকৈ চিনি পালো?
মোৰ এজন বন্ধুৰ কল্পনাৰ প্ৰেমিকা আছিল এলিজা। এলিজা ক’ৰবাত হেৰাই গ’ল । তেওঁ কৈছিল এলিজাৰ কথা। তেওঁৰ কথা মতে মই এলিজাক বিচাৰিছিলো ।এদিন এলিজাক বিচাৰি গৈছিলোঁ অৰুণাচল প্ৰদেশ। তাইৰ আৰু ঘৰখনৰ মানুহখিনি এদিন লগ পাইয়ে খুব আপোন লাগিল মোৰ।
ওখ লাহী বগাকৈ সুগঢ়ী এজনী সহজ সৰল গাঁৱৰ ধুনীয়া ছোৱালী তাই। ৰাংঢালী ছোৱালী জনী গাঁও খনৰ বিএচ এফ ৰ পৰা অৱসৰ লোৱা নাগপাল দলেৰ কণিষ্ঠ কন্যা। মধ্য বিত্ত পৰিয়ালৰ ছোৱালী জনী এগৰাকী নৃত্য পটীয়সী। কিমান যে ধুনীয়া গান গাব পাৰে।
ধুনীয়াকৈ কথা কৈ যি কোনো মানুহকেই আপোন কৰি ল’ব পৰা গুণ আছে তাইৰ ।
এলিজা আৰু নীলুৰ বিয়া হৈছিল বৰ নাটকীয় ভাৱেই ।এলিজাৰ লগত ২০০৫ চনত নীলুৰ চিনাকি হৈছিল
নৃত্যৰ কৰ্মশালা এখনত। বৰ কম দিনতেই সিঁহতৰ মিলামিছা প্ৰেমলৈ পৰিবৰ্তন হৈছিল। এলিজাতকৈ পোন্ধৰ বছৰ বয়সৰ ডাঙৰ নীলুক এলিজাৰ ভাল লাগি গৈছিল। সুন্দৰ পৰিপাটী সাজ-পোছাক কমকৈ কথা কোৱা নীলুক তাই মানা কৰিব পৰা নাছিল। তাইক কৈছিল। নীলুৱে——
“”এলিজা তোমাক মই মোৰ আপোন কৰি ল’ব খুজিছোঁ। তুমি মোৰ আপোন হবানে?””
এলিজাৰ পকা আপেলৰ দৰে গাল দুখন লাজত আৰু ৰঙা হৈ পৰিছিল।তাই লাজ লাজকৈ কৈছিল——
“”আপুনি আমাৰ ঘৰত আহিব ।
মা-দেউতাই আপত্তি নকৰিলে মই নিশ্চয় আপোনাৰ আপোন হব পাৰিম ।””
কথা মতেই নীলু আহিছিল নিজৰ মাক দেউতাকক লগত লৈ এলিজাহতৰ ঘৰলৈ।
এলিজাৰ মাক দেউতাকে ধনী আৰু ধুনীয়া জো্ঁৱাই পাই আনন্দত কব নোৱাৰা হৈ পৰিছিল। তেওঁ লোকে কল্পনা কৰা নাছিল চহৰৰ এঘৰ সম্ভ্ৰান্ত পৰিয়ালৰ মানুহৰ ঘৰত এলিজাৰ কেতিয়াবা বিয়া হ’ব।
পোন্ধৰ দিনৰ ভিতৰতে বৰ ধুমধামকৈ নীলু আৰু এলিজাৰ বিয়া হৈছিল।
নীলুৰ ঘৰখন পাই এলিজা বৰ সুখী হৈছিল। চহৰখনৰ ভিতৰতে ধনী মানুহ নীলুহতৰ ঘৰখন। দেউতাক ৰেঞ্জাৰ, মাক শিক্ষয়িত্ৰী। ঘৰত কাম কৰিবলৈ আৰু মীনা নামৰ ত্ৰিশ বছৰীয়া অবিবাহিত ধুনীয়া মানুহ গৰাকী । বাহিৰা কামৰ আলপৈছান ধৰিবলৈ আছে মধুকাই। নীলু এচ বি আই বেঙ্কৰ মেনেজাৰ। এলিজাই কোনো সময়ত নিজৰ গাত চিকুটি চায় তাই আচলতে সপোনত আছে নে দিঠকত আছে?
বিধে বিধে নতুন সাজ-পোছাক, গা-গহনাৰে এলিজাই
নিজক সজাই পৰাই ৰাখিছিল। শাহুৱেকৰ পৰামৰ্শত।
এলিজা চৌখিন নাছিল৷ বৰ সাধাৰণভাৱে থাকি তাই ভাল পাইছিল।
বিএ পাছ কৰিছিল মাথো তাই। সেয়ে শাহুৱেকৰ ইচ্ছাত তাই এম এটো সম্পূৰ্ণ কৰা ৰ কথা ভাৱিলে।
গিৰিয়েকে ক’লে—-
“”এলিজা ঘৰত এনেয়ে থাকি কি কৰিবা ? এম এ টো তুমি পঢ়িব পাৰা।””
এলিজাই ক’লে——“”পঢ়িম দিয়া ,তোমালোকৰ ইমান মৰম আদৰ পাই মই বহুত ধন্য হৈছোঁ মই পঢ়িম ।মই ছাগে কিবা ভাল কাম কৰিছিলোঁ, সেৱে তোমালোকৰ দৰে ভাল মানুহৰ ঘৰত বোৱাৰী হৈ আহিলোঁ। ঈশ্বৰে মোৰ এই সুখ সমৃদ্ধি সদায় যেন মোৰ হাতত ৰাখে।””
শাহুয়েক আৰু শহুৰেকৰ মৰমসনা মাত কথা আৰু ব্যৱহাৰে এলিজাক মন্ত্ৰমুগ্ধ কৰি ৰাখিছিল।
“”এলিজা ,মোৰ ছোৱালী নাই,
তুমিয়ে মোৰ ছোৱালীৰ খালী ঠাই খিনি পূৰ্ণ কৰিলা। ভগৱানক কিমান যে ধন্যবাদ জনাম তোমাৰ দৰে ইমান সাদৰী গুণী ছোৱালী জনী মোৰ বুকুৰ আধৰুৱা ঠাই খিনি পূৰ্ণ কৰিলে , তোমাক উপহাৰ দি ভগৱানে মোক সুখী কৰিলে। এইবোৰ সুখ যেন সদায়েই মোৰ বুকু ভৰি থাকে। “”
আনন্দত এলিজাৰ চকুলো বৈ আহিছিল। তাই কৈছিল
“”মা ময়ো কম ভাগ্যশালী নহয় ,আপোনালোকৰ দৰে মা -দেউতা পাইছোঁ মোৰ শাহু-শহুৰৰ ৰূপত। এই ভাল পোৱা মই সদায় কামনা কৰিম । “”
সঁচাকৈ সুখবোৰ এনেকুৱাই। যেতিয়া আহে নদীৰ সোঁতৰ দৰেই আহে এটাৰ পিচত এটাকৈ।
সুখবোৰ যেন বৈয়েই থাকিব।
তাইৰ সুখবোৰ দেখি মাক দেউতাক বায়েকহত আনন্দত কব নোৱাৰা হৈছিল। ওচৰ চুবুৰীয়াৰ আগত কৈ গৌৰৱ কৰিছিল।
কিছুমান হিংসা আৰু ঈৰ্ষাত জ্বলিছিল ।
হিংসা কৰা ওচৰৰ হাজৰিকানীয়ে কৈছিল””
কি যে কৰিলে দেই এলিজা জনীয়ে “” এইহেন ল’ৰাটো পালে তাই এতিয়া ঘৰখনত ৰাজ কৰিব।””এই সুখ বোৰ কিমান দিন বা থাকে। আমাৰ ছোৱালী ইমান ধুনীয়া হৈয়ো এটা চাকৰি কৰা লৰা নেপালেনে?বেকাৰ লৰাটোৰ লগত পলাই গ’ল;;;;;।
হাজৰিকানীৰ কথাত শইকীয়ানীয়ে কৈছিল,
“”” সকলোৰে কৰ্মফলৰ ওপৰত এখন কপাল লৈ খায় । যিয়ে যি কৰ্ম কৰে তেনেধৰণৰ ফলেই পায় ।এলিজাই ভাল কাম কৰিছিল গতিকে ভাল ঘৰ এখন পাইছে। আপুনি কিয় বেয়া পাইছে? এলিজা দেখিবলৈকো ধুনীয়া। কি গুণ নাই তাইৰ ? সৰ্ব গুণ সম্পন্ন এজনী ধুনীয়া ছোৱালী। তাই সুখ পাবই। “”
সঁচাকৈ এই সুখ বোৰ যেন চিৰযুগমীয়া হৈ ৰওক।
”
“এলিজা তুমি ইমান কাম কৰিব নেলাগে দেই। তোমাক কাম কৰিবলৈ নাই অনা নহয়। তুমি মাথো মোৰ লৰাটোৰ ভালকৈ ধ্যান ৰাখিবা। কাম কৰা মানুহৰ অভাৱ নাই। মধুকাই আৰু মিনা আছে নহয়। তুমি পঢ়াত ধ্যান দিয়া। বাকী চব মই চম্ভালি ল’ম এলিজা ।””
শাহুৱেকৰ মৰম সনা এই কথাবোৰত অকৃত্ৰিম মৰম সোমাই আছিল।
শাহুৱেকৰ কথাত শহৰেকেও হয় ভয় দিছিল। দিনবোৰ ধুনীয়াকৈ গৈ আছিল।
বিয়াৰ দুমাহমানৰ পিচত এদিন অলপ আগত এখন বিয়ালৈ গৈছিল দুয়ো। বিয়া ঘৰত সকলোৱে ৰাখিছিল নীলু আৰু এলিজাহতক। এলিজাৰ মন আছিল যদিও নীলুৱে লগত লৈ আহিল তাইক ৰাতি বিয়াঘৰৰ পৰা ।
আহোতে কেনেকৈ জানো গাড়ীখন এডাল সৰু গছত খুন্দা মাৰিলে। গাড়ীৰ দূৱাৰ খুলি পথৰুৱা ৰাষ্টাত এলিজা চিটিকি পৰিল। বিশেষ একো হোৱা নাছিল যদিও সেইদিনা বোকাৰে লুতুৰি পুতুৰি হৈ ঘৰ পালেহি। শাহুয়েকে পুতেক নীলুক গালি দিলে অসাৱধানতাৰে গাড়ী চলাইছিল বুলি।
সময় কাৰো বাবে ৰৈ নেথাকে।সময়ে কাৰো নিৰ্দেশতো নচলে।আমি যেনেকৈ ভাবো তেনেকৈয়ো সময় নেযায়। আমি আশা কৰা মতে আমাৰ জীৱনো আগবাঢ়ি নেযায়। কমকৈ ভাবিলে কেতিয়াবা বেছিকৈ পাওঁ জীৱনৰ বাটত কেতিয়াবা বেছিকৈ আশা কৰিলে কমকৈ পাওঁ।এইয়াই জীৱন। জীৱনে কাৰো কথা নুশুনে, নামানে। জীৱন নিজৰ গতিৰেই আগবাঢ়ে। কেতিয়াবা সাগৰৰ উত্তাল তৰংগৰ দৰে কেতিয়াবা হাতীৰ খোজৰ দৰে গহীন গতিৰে।
এলিজাৰ জীৱনো আগবাঢ়ি যায় এক নিৰ্দিষ্ট গতিত।তাইৰ সুখবোৰ দেখি ওচৰতে থকা বৰদেউতাকৰ বোৱাৰী যমুনা বহুত জ্বলিছিল।তাই এলিজাক দেখাই নীলুৰ লগত প্ৰয়োজনতকৈ বেছি অধিকাৰ সাব্যস্ত কৰি কথা কোৱা এলিজাৰ চকুত পৰিছিল।কিন্তু একো কোৱা নাছিল।
ভাতৰ টেবুলত বহোতে নীলুৰ ওচৰতে বহি ভাত খাইছিল। এলিজাক কৈছিল এলিজা তুমি অলপ পিচত ভাত খাবা। আগতে আমি খাই লওঁ।
এলিজাই আশা কৰিছিল, নীলুৱে কওক
“”নাই নাই বৌ আমি সকলোৱে একেলগে ভাত খাওঁ।পিছত অকলে খাবলৈ এলিজাৰ বেয়া লাগিব নহয়।””
কিন্তু নীলুৱে একো নোকোৱাকৈ ভাত খাই উঠি গুছি আহিল,বৌৱেকৰ লগত।
যি কোনো কথা বা কাম এটা কৰিবলৈ হ’লে বৌৱেকক সুধিহে কৰে।
এই ঘটনাবোৰে বহল মনৰ ছোৱালী এলিজাই নেভাবো বুলিও ভাৱিবৰ বাধ্য হয়।
ইমান গুৰুত্ব নীলুৰ জীৱনত বৌৱেকৰ?কিন্তু এলিজা ই পাব লগা ন্যাৰ্য্য মৰম বা আদৰ খিনি নীলুৰ পৰা পাইছিলনে?
এলিজাই নীলুক অন্তৰৰ পৰা বহুত শ্ৰদ্ধা কৰিছিল, ভাল পাইছিল। দেৱতাৰ দৰে জ্ঞান কৰিছিল।
লাহে লাহে তাই অনুভৱ কৰিব ধৰিছিল ।তাইৰ মনত সোমাই থকা নীলুল দেৱতাৰ ছৱিখন যেন ধুসৰ হৈ আহিব ধৰিছিল।
লাহে লাহে ৰাতি পলমকৈ ঘৰলৈ আহিব ধৰিছিল নীলু।তাই ভাত নোখোৱাকৈ নীলুলৈ অপেক্ষা কৰিছিল। সেইদিনা নীলু বাৰবজাত আহি পোৱাত এলিজাই
ভাত খাবলৈ বুলি একেলগে বঢ়িল নীলুৰ লগত। নীলুৱে কৈছিল
“” তুমি মোৰ বাবে ৰৈ নেথাকিবা।মোৰ ভাল নেলাগে। ”
এলিজাই কৈছিল
“”একো নহয় দিয়া নীলু।তুমি নোহোৱাকৈ মোৰ খাবৰ ভাল নেলাগে। তুমি সোনকালে আহিব নোৱাৰানে ঘৰলৈ?””
নীলুৱে একো নোকোৱাকৈ ভাত খাই ৰূমলৈ গৈছিল।আৰু একো নোকোৱাকৈ শুই পৰিছিল।
এলিজাই আশা কৰিছিল নীলুৱে তাইক সাৱতি ধৰক মৰমেৰে এষাৰ কথা কব ,তাইক পত্মীৰ অধিকাৰেৰে মৰম কৰিব। কিন্তু তাই ভৱা মতে একোৱে নকৰিলে নীলুৱে।
পুৱা সোনকালেই উঠি এলিজাই চাহ বনাই নীলুক উঠালে চাহ খাবলৈ।
“”উঠা নীলু চাহ খোৱা। “”
একাপ ফিকা চাহ আৰু দুটা বিস্কুট দি তাই ৰূমলৈকে চাহ লৈ আনিছিল। তাই গা ধুই উঠি কটনৰ গোলাপী ৰঙৰ এজোৰ ধুনীয়া কাপোৰ পিন্ধিছিল।তিঁতা চুলিৰে সৈতে তাইক পৰীৰ দৰে লাগিছিল দেখিব। তাই ভাৱিছিল তাইক নীলুৱে কব তোমাক ইমান ধুনীয়া লাগিছে গোলপীয়া কাপোৰৰ জোৰৰ সৈতে।তাই ভৱাৰ দৰে নীলুৱে একোৱে নকলে।
তাইৰ ভৰিৰ পৰা মূৰলৈকে এপলক চালে কিন্তু একো নকলে।প্ৰতিগৰাকী নাৰীয়ে বিছাৰে আনে প্ৰশংসা কৰাতকৈ স্বামীয়ে প্ৰশংসাৰে ভৰাই তোলক।হিয়া মন উপচায় দিয়ক।
তাই অনুমান কৰিছিল নীলু যেন কিবা এটা টেনচনত থাকে সদায়। অথচ তাইক একো কোৱা নাছিল।
শাহুৱেকৰ পৰা কিবা সুধিবলৈকো তাই সমীহ কৰিছিল। কাৰণ এখন ঘৰৰ পৰা আন এখন ঘৰৰ পৰিবেশৰ লগত নিজক খাপ খুৱাই লবলৈ প্ৰতি গৰাকী ছোৱালীক কিছু সময়ৰ প্ৰয়োজন।অচিনাকী মানুহ খিনিক আপোনৰ ডোলেৰে বান্ধোতে ক’ৰবাত যেন ভুল হৈ নেযায়।তীক্ষ্ণ বুদ্ধিৰ ছোৱালী জনী অধিক চিন্তাত পৰিছিল যদিও মনত সাহস বান্ধি লৈছিল জীৱনৰ এই নতুন খোজত খোজ দিবলৈ। তাই অলপতে বিচলিত হব নোৱাৰে। চকুৰ আগত দেখা পৰিবেশে তাইক বহুত শিকা
এলিজা সন্তান সম্ভৱা হৈছিল।
শাহু শহুৰৰ মনত কি যে আনন্দ। নীলুৱে বেয়া পোৱা নাছিল অৱশ্যে।
কিন্তু ঘৰলৈ পলমকৈ অহাৰ অভ্যাসটো সলনি হোৱা নাছিল।
লাহে লাহে নীলুৰ স্বভাৱৰ পৰিৱৰ্তন দেখিবলৈ পাইছিল এলিজাই। তাই অনুভৱ কৰিছিল নাৰীৰ প্ৰতি যেন তেওঁৰ ভীষন দূৰ্বলতা। ঘৰত কাম কৰা মিনাৰ বাহু বন্ধনত যেতিয়া এদিন ৰাতি বাৰ বজাত দেখিবলৈ পাইছিল তাইৰ ধৈৰ্য্যৰ বান্ধ চিঙি গৈছিল। শাহুৱেকক কৈছিল তাই কান্দি কান্দি,শাহুয়েকে তাইক বুজাইছিল। পুতেকক খং কৰিছিল। আৰু (পুতেকক)নিজকে সলনি কৰিবলৈ ধমকিও দিছিল।নহলে তাজ্য পুত্ৰ কৰিম বুলিও ধমকি দিছিল।নীলুৱে একো কোৱা নাছিল।
এলিজাই নিজকে চম্ভালি লৈছিল আৰু বুজাইছিল।তাই পৰিবেশ আৰু ভৱিষ্যত সুন্দৰ কৰাৰ স্বাৰ্থত প্ৰতিবাদ কৰা নাছিল নীলুৰ লগত। মনতে কথাবোৰ ঘুটি পাগি নিজকে শক্তিশালী কৰি তুলিছিল। লাহে লাহে তাইৰ গাত হাত তুলিবলৈ ধৰিছিল। মাক দেউতাক হ’তক জনাইছিল।
এদিন ঘৰৰ সকলো আহিছিল। বায়েক ভিনিহিয়েক সহিতে সকলো আহি নীলুক বুজাই থৈ গৈছিল।
শাহু আৰু শহুৰেকে এলিজাৰ মাক দেউতাকৰ ওচৰত পুতেকৰ হৈ ক্ষমা খুজিছিল।
লাহে লাহে সময় পাৰ হৈ গৈছিল।
এলিজাই মিনাকো একো কোৱা নাছিল।কাৰণ মিনা বেয়া ছোৱালী নাছিল। তাইৰ ভৱিষ্যত নিৰাপত্তাৰ বাবে একো হুলস্থুল নকৰি তাইক বুজাইছিল।নীলুৰ লগত ভৱিষ্যতে মিলা মিছা নকৰিবলৈ।
কেইটাদিনমান পিচত আকৌ ৰাতি বাৰ বজালৈক নীলু ঘৰলৈ নহাত নীলুলৈ ফোন কৰিলে।
কিং কিং————
সিফালৰ পৰা এটা নাৰী কণ্ঠৰ মাত শুনা গ’ল
“”হেল্লো কাক বিছাৰিছে ?কিয় বিছাৰিছে?তেওঁ এতিয়া কথা পাতিব নোৱাৰিব।””
এলিজাই ক’লে ——–
আপুনি কোন হয় ?এইটো নীলুৰ নম্বৰ ।আপুনি কিয় উঠাইছে ? মোক নীলুক লাগে।””
নাৰী কণ্ঠই ক’লে ——–
“” নম্বৰতো যাৰেই নহওক বৰ্তমান মোৰ হাতত আছে যেতিয়া কি কব লগা আছে মোকেই কওক””
এলিজাই ক’লে —–
“”মই নীলুৰ পত্মী।আপুনি ফোনতো নীলুক দিয়ক । আপুনি লাজ নেপায়।পৰৰ নাৰী এগৰাকী হৈ মোৰ লগত ইমান সাহসত কথা পাতিবলৈ””নাৰী কণ্ঠই জোৰকৈ হাঁহিলে আৰু কবলৈ ধৰিলে—-
“”যদি আপুনি পত্মীয়ে হয় এই সময়ত আপোনাৰ স্বামী আপোনাৰ বুকুৰ মাজত থাকিব লাগিছিল।কিন্তু এতিয়া তেওঁ মোৰ কাষত কিয় আছে ?””
এলিজাই অপমান বোধ কৰিছিল। তাই ফোনতো কাটি হেপাঁহ পলুৱাই কান্দিলে———-
কি ভাৱিছিল ?তাই কি হবলৈ গৈ আছে তাইৰ সোণৰ সংসাৰ বুলি ভৱা সংসাৰখন।
সময় গৈ থাকিল কেতিয়াবা হাঁহি আৰু কেতিয়াবা কান্দোনেৰে।
সেইদিনা ৰাতি কেতিয়া টোপনি গ’ল তাই গমকেই নেপালে। ডাঙৰ বিচনাখনত অকলেই ৰাতিতো পাৰ কৰিলে।
পুৱাই নীলু ঘৰলৈ আহিল।
তাই বিচনাৰ পৰা উঠিছিলহে —-
তাইক বিচনাৰ পৰা চোচৰাই আনি চুলিত ধৰি জোকাৰিবলৈ ধৰিলে—–
তাই শাহুৱেকক মাত দিছিল
চিঁঞৰি চিঁঞৰি—-
শাহুয়েকে ভয়তে একো কোৱা নাছিল। দুয়ো মাত্ৰ এবাৰ মানা কৰিছিল।
গোটেই দিন তাই নোখোৱা নোবোৱাকৈ পৰি থাকিল বিচনাত। দুপৰীয়া। গা -টো ধুই চুলি কেইডাল আঁচুৰি ল’লে।
ফোঁটতো কপালত লগাই চকুত আকনমান কাজল লগালে। শিৰত সেন্দৰ লগাবৰ মন ন’গল। তথাপিও কি ভাৱি জানো পাতলকৈ অকনমান সেন্দুৰৰ লাইন এডাল আঁকিলে।
তাই সাহসী ছোৱালী। যিকোনো প্ৰকাৰে নিজৰ ভৱিষ্যততো ঠিক কৰিব লাগিব। নীলুৰ বেয়া গুণবোৰ ভাল কৰিবলৈ তাই যত্ম কৰিবই লাগিব ,তাইৰ আহিব লগা সন্তানটোৰ বাবে।
ইমান শক্তি তাই ক’ত পালে তাই নিজেই নেজানিলে। তাই আকৌ নৰমাল হবলৈ ধৰিলে ,যেন তাইৰ জীৱনত কোনো সমস্যাই নাই।
শাহুৱেকে তাইক সাহস দি ক’লে —“”এলিজা সি ভাল
হব তুমি তোমাৰ ভাল গুণেৰে মোৰ একমাত্ৰ ল’ৰাতোক তোমাৰ বুকুৰ মাজত বান্ধি ৰাখিবৰ যত্ম কৰা ।আমি তোমাৰ লগত আছোঁ। তাক যাতে কোনো অপশক্তিয়ে তোমাৰ বুকুৰ পৰা আঁতৰ কৰিব নোৱাৰে। তুমি পাৰিবা । “”
শাহুৱেকৰ কথাত তাই মনোবল পাইছিল।
তেতিয়া আৱেলিৰ বেলিতো ৰাতিৰ আকাশৰ বুকুত সোমাবলৈ গৈ আছিল লাহে লাহে ।আকাশ খন ৰঙা হৈ পৰিছিল যেন ।নীলা আৰু ৰঙা ৰঙে তাইৰ জীৱনলৈ এক নতুন শক্তি কঢ়িয়াই আনিছিল।
আধুনিক সভ্যতাৰ অপৰিমেয় ভোগ বিলাসে ক্লান্ত কৰা বহুতো মানুহে অৰণ্যৰ মাজলৈ যাব খোজে জীৱনৰ সঞ্জীৱনী সুধা বিছাৰি।
পৃথিৱীৰ চহৰবোৰত এতিয়া যি বোৰ বস্তু অতি দুষ্প্ৰাপ্য হৈ আহিছে সেইবোৰ হ’ল শান্ত কোমল নীৰৱতা, নৈ আৰু অৰণ্যৰ গোন্ধ, কৃত্ৰিম সাৰ আৰু কীটনাশক দৰৱে বিষাক্ত নকৰা বনৰীয়া শাক-পাচলিৰ সোৱাদ, নিৰ্মল বতাহ আৰু পানী। সেৱে
এলিজাই বাৰীখনৰ ছাৰিওকাষে ধুনীয়া ধুনীয়া ফল -ফুলৰ পুলি লগালে। ঘৰৰ সকলো ধৰণৰ কাম কাজ কৰিও পিঠা-পনা জাল জলপান বনাই শাহুৱেকৰ চকুৰ মণি হৈ পৰিল।
কিন্তু নীলুৱে হাতখৰছ কৰিবলৈ বুলি কোনোদিনে তাইৰ হাতত টকা এশও তুলি দিয়া নাছিল। মাজে মাজে শাহুৱেকক টকা -পইছা দিছিল যদিও শাহুয়েকে কেতিয়াও পুতেকক মুখ খুলি একো কবও পৰা নাছিল। কৰবাত ফুৰাবলৈ নীলুৱে নিছিল যদিও এজনী সৰু ছোৱালীৰ দৰে নীলুৰ লগত ফুৰিবলৈ গৈছিল। তাই ভিতৰি ভিতৰি মানসিক অন্তৰ্দগ্ধত ভুগিছিল যদিও কাকো একো কব পৰা নাছিল। ইয়াৰ মাজতেই তাই এম এ পাছ কৰিলে প্ৰাইভেট পৰীক্ষা দি। তাৰ অলপ দিন পিছতেই তাইৰ গৰ্ভত থকা সন্তানটো পৃথিৱীলৈ আহিল। এজনী ধুনীয়া মৰমলগা পৰী। তাইক দেখি তাই সকলো দুখ পাহৰি গৈছিল এলিজাই ।লাহে লাহে তায়ো ডাঙৰ হবলৈ ধৰিছে। কিন্তু নীলুৰ নিচাৰ প্ৰতি আসক্তি আৰু বাঢ়িবলৈ ধৰিলে।ঘৰলৈ পলমকৈ অহাটো ৰুটিনত পৰিনত হ’ল।এদিন ৰাতি তিনিমান বজাত তাৰ বন্ধুবোৰে আহি ঘৰত থৈ গৈছিল,কিন্তু শৰীৰত বহুতো তেজৰ দাগ। বন্ধু সকলৈ কৈছিল নীলুক কোনাবাই পিটিছিল। কিন্তু কোনে কি কৰিলে কিয় পিটিলে তাই বহুতো সুধাতো জানিবলৈ নিদিল।
“”এলিজা এইবোৰ তুমি নেজানিলেই ভাল হব দিয়া””
বুলি কৈ তেওঁলোক ঘৰলৈ গৈছিল.।আজিও তাইৰ বাবে এইবোৰ কথা ৰহস্য হৈয়ে ৰ’ল। এদিন তাই শুনিছিল নীলুৰ লগৰ বন্ধু এজনৰ লগত শাহুৱেকে সৰু সৰুকৈ কিবা কথা আলোচনা কৰি আছিল। তাই গম লবলৈ বিছাৰিছিল যদিও অনুমান কৰিব নোৱাৰিলে।তায়ো একো নুশুধিলে।
দুদিনমান পিচত শাহুৱেকে নিজেই ক’লে–“”
এলিজা নীলুৰ লগৰ ল’ৰা জনে কৈছে তেওঁ এজন কবিৰাজ আনিব আমাৰ ঘৰলৈ,
নীলুক ভাল কৰিবলৈ।সি নিচা এৰি দিব ।ঘৰলৈয়ো সোনকালে উভতি আহিব। তুমি মোৰ লগত সহযোগিতা কৰিব লাগিব। “”
এলিজাই নীৰৱে ক’লে—-
“”হব মা। “”
দুদিন পিচত কবিৰাজ জন আহিল পানী অলপ জৰাফুৰা কৰি দিলে। সেই পানীৰে তাইক গা -ধুবলৈ কোৱাত তায়ো শাহুৱেকৰ কথা মতে গা -ধুই ধূপ -ধুনা লগাই দিলে।তাইৰ ডিঙিত এটা তাবিজো বান্ধি দিলে।
তায়ো নিচিন্ত মনে ডিঙিত পিন্ধি ল’লে।
কিন্তু তাই মানসিক ভাৱে অৰ্থনৈতিক স্বাৱলম্বী নাছিল।কাৰণ আন পত্মীৰ দৰে তাই স্বামীৰ হাতৰ পৰা পোৱা নাছিল অৰ্থ। কিন্তু তাই স্বাভীমানী ছোৱালী।কোনোদিনে খোজাও নাছিল নীলুক একোকে।কেতিয়াবা তাই নিজকে বিণা বেতনৰ চাকৰণীৰ লগত তুলনা কৰিছিল ।ইয়াতকৈ তাইৰ কি মূল্য আছে এইখন ঘৰত?
তাই মাকক খুজি টকা পাছ হাজাৰ আনিছিল।অলপ মেখেলা-চাদৰ কিনি আনি গাঁৱৰ মহিলা সকলৰ মাজত বিক্ৰী কৰিবলৈ গৈছিল। নীলুৱে প্ৰথমে বাধা দিছিল যদিও পিছলৈ একো নোকোৱা হ’ল।
লাহে লাহে তাই স্বাৱলম্বী হৈ পৰিছিল। নিজৰ ক্ষুদ্ৰ অভাৱ খিনি নিজেই পুৰাব পৰা হৈছিল।
দিনবোৰ এনেকৈ যাব ধৰিলে।
ছোৱালী জনী তিনিবছৰীয়া হবলৈ ধৰাত ওচৰৰ এখন স্কুলত এডমিচন দিলে। তাইক স্কুললৈ অনা নিয়াৰ দায়িত্ব তাই নিজেই ল’লে। নীলুৰ পৰিবৰ্তন বিশেষ একো হোৱা নাছিল। এদিন শাহুৱেকে ক’লে নীলুৰ বন্ধু জনে তোমাৰ লগত কিবা কথা পাতিব খুজিছে অকলশৰে ।নীলুৰ বিষয়ে। তাই ভাত খাই ৰূমতে বহিছিল দূপৰীয়া সময়ত ।এনেতে নবীন নামৰ নীলুৰ বন্ধু জন সোমাই আহিল তাইৰ কোঠালৈ।
তাই অলপ অপস্তুত হৈ পৰিছিল।
তাই তেঁওক কলে —
“আপুনি কিয় এনেকৈ সোমাই আহিল?মই বাহিৰলৈ ওলাই গলো হৈ “”
তাইক একো কোৱাৰ সুযোগ নিদি নবীনে তাইৰ মুখত হঠাৎ টিপি ধৰিলে একো কব নোৱাৰাকৈ।লগে লগে তাইৰ লগত ফটো এখন ক্লিক কৰি দিলে। তাই চিঞৰিব খুজিও নোৱাৰিলে। ভয়ত তাই শাহুৱেকৰ আগতো একো কব নোৱাৰা হ’ল।
তাইৰ মুখত বুকুত মৰম কৰিব খুজিছিল।তাই লগে লগে এটা প্ৰচণ্ড চৰ বহুৱাই দিলে। তাইৰ চৰ খাই তেওঁ ওলাই আহিল।এলিজা আগন্তুক আক্ৰমণৰ বাবে সপোনতো কল্পনা কৰা নাছিল। খং আৰু ক্ষোভত তাই ফোপাবলৈ ধৰিলে। অসভ্য মানুহজন ক্ষন্তেক পিচত শাহুৱেকক মাত লগাই গুছি গ’ল। সেই পল ভৰ সময়ত ঘটা দূৰ্ঘটনাটোৰ বিষয়ে আজিলৈকে এলিজা আৰু নবীনৰ বাদে কোনোৱে নেজানিলে। মিছাতে হুলস্থুল হোৱাৰ ভয়ত এলিজাই কাকো নকলে।এই সমস্যাৰ সমাধান তাই নিজেই কৰাৰ সিদ্ধান্ত ল’লে—-
পৃথিৱীত বহু ধৰণৰ মানুহ থাকে।কিছুমান মানুহে সহজ কথাক জটিল কৰি তুলে কিছুমান মানুহে জটিল কথাক সহজ কৰি তোলে
এলিজাই জটিল পৰিস্থিতিবোৰ সহজ কৰিবলৈ বহু ত্যাগ স্বীকাৰ কৰিছে।তাই জানে নবীনৰ দুৰ্ব্যৱহাৰৰ কথা নীলুক কলে বিশ্বাস নকৰিব।ওলোটাকৈ তাইকহে অপমান কৰিব। শাহুৱেকে বিশ্বাস কৰিব নে নকৰিব তাই অনুমান কৰিব নোৱাৰি একো নকলে। বহু ভাৱি গুণি ছোৱালী জনী পঢ়া স্কুল খনৰ ফাদাৰ জনক লগ কৰিলে। ইতিমধ্যে ফাদাৰৰ লগত তাইৰ এটা সদ ভাৱনা গঢ়ি উঠিছে। স্কুলৰ বছেৰেকীয়া অধিবেশনত অভিভাৱক সকলৰ বাবে আয়োজন কৰা এটা নৃত্য পৰিবেশনত তাই প্ৰথম হৈ সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল। তাই ফাদাৰক অনুৰোধ কৰিলে স্কুলৰ সৰু শ্ৰেণীতেই তাইক শিক্ষক হিচাপে ৰাখিবলৈ। যথা সময়ত ইনটাৰভিউ দি উত্তীৰ্ণ হ’ল। স্কুলৰ আৱাসত তাইক থকাৰ ব্যৱস্থা কৰি দিলে ফাদাৰে। তাই নীলুক ক’লে তাই ছোৱালীৰ সৈতে তাতে থাকিব। মাজে মাজে বন্ধত ঘৰলৈ আহি থাকিব।গিৰিয়েক আৰু শহুৰ – শাহুয়েকৰ সহমতত তাই এটা নতুন জীৱনৰ পাতনি মেলিলে। লাহে লাহে তাই মানসিক যন্ত্ৰণা বোৰৰ পৰা অলপ হলেও উপশম পাইছিল। নীলুৰ স্বভাৱৰ পৰিবৰ্তন হোৱা নাছিল।মদ ভাং জুৱাৰ নিচাই মানুহৰ শাৰীৰ পৰা কেতিয়াবা অমানুহ কৰি তুলিছিল।কেতিয়াবা তাইক লগ কৰিবলৈ আহিছিল মদৰ নিচাত । তাইক ফাদাৰে ৱাৰ্ণিং দিছিল নীলু এনে পৰিবেশত যেন কোনো দিন স্কুল চৌহদত প্ৰৱেশ নকৰে। পূজাই পাৰ্বণে এলিজা ঘৰলৈ আহিছিল। তাই অহা বুলি গম পালেই নৱীন সিঁহতৰ ঘৰলৈ ঢাপলি মেলি আহিছিল ।তাৰ উদ্দেশ্য সৎ নাছিল। ইতিমধ্যে এলিজাই বুজি উঠিছিল তাইক উপদেশ দিবলৈ ধৰিলে নীলুৰ লগত ইমান অশান্তিত থকাতকৈ সিহঁতৰ ডিৰ্ভোচ হ’লে ভাল হব। তাই তাক ধমকি দি কৈছিল —
“”মোৰ লাইফৰ ডিচিশ্বন লৱলৈ আপুনি কোন হয়??মোৰ কথা চিন্তা কৰিবলৈ মই নিজে বহুত হয় ।তদুপৰি মোৰ এখন ঘৰ আৰু আত্মীয় -স্বজন বহু আছে। আপুনি ইয়ালৈ অহাতো মই নিবিচাৰো। আৰু কোনোদিনে মোৰ লগত কথা পাতিবলৈ বৃথা চেষ্টা নকৰিব। “” তাইৰ ধমকিভৰা কথা শুনি নিলাজৰ দৰে নৱীনে হাঁহিছিল।
তাই ঘৃণাত শূণ্যলৈ চাই নীৰৱ হৈ পৰিছিল।
: লাহে লাহে এলিজা ঘৰলৈ অহা কম কৰি দিছিল।বন্ধৰ দিনখিনিও তাই স্কুলৰ আৱাসতে থাকিবলৈ লৈছিল।এনেকৈ নীলুৰ লগত দূৰত্ব বাঢ়ি গৈছিল লাহে লাহে তাই এতিয়া এনে এক পৰিস্থিতিৰ সম্মুখীন হৈ গৈ আছে যে তাই সধৱাও নহয় বিধৱাও নহয়। তাইৰ ভৱিষ্যত কোন দিশে গৈ আছে তাই নিজেও নেজানে। নীলুৰ স্বভাৱৰ দিনে দিনে অৱনতি ঘটিবলৈ ধৰিলে। দিন ৰাতি নিচাতেই ডুবি থাকে। এলিজাই বিবাহ বিচ্ছেদ বিছাৰিলে ।কিন্তু নীলু আৰু শাহু-শহুৰে কেতিয়াও নিদিলে।তাই এটা ওলোম -ধুলোম সমন্ধৰ মাজত জী আছে। ছোৱালী জনী লাহে লাহে ডাঙৰ হৈ একাদ্বশ শ্ৰেণী পালেগৈ। এলিজা আজি কালি স্কুলৰ বন্ধ পালেই কেতিয়াবা মাকৰ ঘৰলৈ কেতিয়াবা বায়েকৰ ঘৰলৈ গৈ জিৰণি লয়। হয়তো এনেকৈয়ে পাৰ হৈ যাব তাইৰ জীৱনৰ নৌকা।তথাপি তাই দুখী নহয়। এনৈকৈয়ে তাই নিজকে সুখী অনুভৱ কৰে। কাৰণ পৃথিৱীৰ সকলো বিবাহিত মানুহ সুখী নহবও পাৰে ,তাই জানে এই কথা।বহু বিবাহিত বান্ধৱীৰ জীৱনৰ কাহিনীও তাই জানে। সেৱে এলিজাই নিজক সান্তনা দিয়ে। তাই কেতিয়াও দুখী নহয়। এনেকৈ তাই ছোৱালী জনীক লৈ সুখী। শাহুৱেকে ফোন কৰি তাইৰ খা-খবৰ লৈ থাকে ।
সমাপ্ত।
©ৰিজু মণি দেৱী, নগাঁও। ফোনঃ৬৯০১১৫১৯৭৯




