অন্য এক প্ৰসংগৰে ড° নগেন শইকীয়া ছাৰ—প্ৰাঞ্জল পাত্ৰ

অন্য এক প্ৰসংগৰে ড° নগেন শইকীয়া ছাৰ
©প্ৰাঞ্জলপাত্ৰ
পোনপ্ৰথমেই প্ৰথিতযশা সাহিত্যিক ড° নগেন শইকীয়া ছাৰক আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ৷ এইগৰাকী স্বনামধন্য সাহিত্যিকৰ জন্ম হৈছিল গোলাঘাট জিলাৰ হাটিয়াখোৱা নামে এখন ঠাইত ১৯৩৯ চনৰ ১১ ফেব্ৰুৱাৰীত৷ তেখেতৰ পিতৃ-মাতৃৰ নাম– ক্ৰমে উমৰাম শইকীয়া আৰু হেমাপ্ৰভা শইকীয়া৷ সাহিত্যৰ প্ৰতিটো ক্ষেত্ৰতে নিজৰ দখল থকা ছাৰে কবিতা, গল্প, উপন্যাস, গৱেষণা, সাহিত্য সমালোচনা, ভ্ৰমণ কাহিনী, জীৱনী সাহিত্য আদি সকলোবোৰ সৃষ্টিৰে অসমীয়া সাহিত্যলৈ যি¸ বৰঙণি আগবঢ়াই আহিছে, সেয়া অতুলনীয়-অপূৰণীয়৷ তদুপৰি বোধ হোৱা বয়সৰ পৰা পৰাই জানিব পাৰিছোঁ শইকীয়া ছাৰৰ জাতীয়তাবোধৰ কথা৷ ছাৰৰ সাহিত্যই অসম আৰু অসমীয়াক সমৃদ্ধ কৰি তুলিছে৷ ছাৰৰ সৃষ্টিৰাজিতো প্ৰতিফলিত হৈ আহিছে অসমীয়াৰ প্ৰতি থকা ভালপোৱাৰ কথা৷ এই ক্ষেত্ৰত কোনো দিন আপোচ কৰা দেখা নাই৷ ভাষাৰ প্ৰসংগই হওক, অসম আৰু অসমীয়া বিদ্বেষী যিকোনো বিষয়েই হওক, ছাৰে একেষাৰে বিৰুদ্ধাচৰণ কৰি আহিছে৷ এইবোৰ প্ৰসংগ মোৰ কলমে বেলেগকৈ লিখাৰ প্ৰয়োজন নাই৷ ছাৰৰ সৃষ্টিৰাজি, কৰ্মজীৱন, পাঁচবছৰীয়া ৰাজনৈতিক জীৱন আদিৰ সম্পৰ্কত আলোচনা কৰাৰ ধৃষ্টতাখিনিও কৰিব খোজা নাই৷ এনে এগৰাকী পাণ্ডিত্য আৰু ব্যক্তিত্বৰে সমৃদ্ধ ছাৰ আমাৰ ডিব্ৰুগড় চহৰত বসবাস কৰাতো আমাৰ বাবে গৌৰৱৰ কথা, তেখেতৰ জ্ঞান আৰু প্ৰজ্ঞাই পোহৰাই ৰখা চহৰখনৰ নিবাসী হিচাপে আমি গৌৰৱ কৰোঁ৷ বহু সময়ত চেগা-চোৰোকাকৈ হ’লেও সান্নিধ্য লাভ কৰাতোও আমাৰ বাবে গৌৰৱৰ কথা৷ আকৌ আকাশৰ দৰে বিশাল এইগৰাকী সাহিত্যিকৰ সৰল আচৰণত আমি ধন্য হওঁ৷ যিকোনো এটা কথা সুধিলে সম্ভ্ৰম সহকাৰে মান্যতা প্ৰদান কৰি উত্তৰ দিয়া স্বভাৱটোৱে ছাৰক অনন্য কৰি তুলিছে৷ আবেগিক অথবা উত্তেজিত হোৱা কোনো দিন দেখা নাই৷ ছাৰে নিজস্ব সৌজন্য নীতিৰ আয়ত্তত থাকি কথা কয়৷ ছন্দময় যেন ছাৰৰ কথন শিল্প৷ সেয়া ছাৰৰ অনন্য ৰূপ৷
বহুসময়ত শইকীয়া ছাৰৰ সান্নিধ্য লাভ কৰিছোঁ অথবা ওচৰৰ পৰা লগ পাইছোঁ৷ কথা-বাৰ্তাবোৰ বৰ গম্ভীৰ, মুখৰ পৰা ওলোৱা প্ৰতিটো শব্দই অৰ্থপূৰ্ণ৷ অবাবত যেন এটা শব্দও উচ্চাৰণ কৰিব নোখোজে ছাৰে৷ অৱশ্যে গুৰুগম্ভীৰ কথাৰ মাজতে ছাৰে ৰস প্ৰদান কৰিবলৈও নেৰে৷ সভা-সমিতিৰ ভাষণতো গুৰুত্বপূৰ্ণ কথাৰ মাজতে ৰসিকতা কৰিব পৰা ছাৰৰ অত্যতম গুণ৷ সেই বুলি একেবাৰে ব্যংগ কথাৰে নহয়, গহীন-গম্ভীৰ কথাৰে এক অন্য ৰস দাঙি ধৰে ছাৰে৷ মূলত ছাৰৰ এই দুই প্ৰসংগৰ কথাকেই উল্লেখ কৰিব খুজিছোঁ আজিৰ এই লেখাত৷ এক হ’ল– সাধাৰণ কথাৰে নীতিকথা বা ভাষাটো শুধৰাই দিয়া স্বভাৱ আৰু গম্ভীৰ ভাষণৰ মাজতো প্ৰদান কৰিব পৰা ৰস৷ বহু সময়ত দেখা পাইছোঁ ছাৰে সাধাৰণভাৱেই কথাৰ মাজতে মহত্বপূৰ্ণ অথবা নীতিগত কথা এটা কৈ দিয়ে৷ ২০০৭ চনৰ ডিচেম্বৰ মাহৰ কথা– আমি ‘প্ৰতিবিম্ব’ই ডিব্ৰুগড় জিলা পুথিভঁৰালত গল্পনাট অনুষ্ঠিত কৰিছিলোঁ৷ শইকীয়া ছাৰৰে চাৰিটা গল্প নীলিম দা (ড° নীলিম চেতিয়া)ৰ পৰিচালনাত মঞ্চস্থ কৰিবলৈ লৈছিলোঁ৷ নাট্যানুষ্ঠানটো উদ্বোধন কৰিবলৈ আহিছিল ছাৰ৷ আমি ছাৰক চোতালৰ পৰা দ্বিতীয় মহলালৈকে আদৰি আনিছিলোঁ৷ আহি থাকোতে ছাৰে কৈছিল– “আজিকালি এই ষ্টেপবোৰ বগাই ওপৰলৈ উঠিবলৈ অলপ অসুবিধা পাওঁ, কষ্ট হয়, তললৈ নামিবলৈ অসুবিধা নাপাওঁ৷ অৱশ্যে যিকোনো ক্ষেত্ৰতে মানুহৰ ওপৰলৈ উঠিবলৈ বহু কষ্ট কৰিবলগীয়া হয়, কিন্তু তললৈ নামিবলৈ একেবাৰে সহজ৷” সেই কথাষাৰৰ যোগেদি ছাৰে গভীৰ অৰ্থ প্ৰকাশ কৰিছিল আৰু আমাক সেই সাধাৰণ এটা প্ৰসংগৰে অনুধাৱন কৰাইছিল কথাষাৰৰ যথাৰ্থতা৷ তাৰ পাছত উদ্বোধন কৰাৰ পাছত নীলিমদাই ক’লে– “ছাৰ আহক, ফটো এখন মাৰোঁ৷” তেতিয়া ছাৰে কৈছিল– “নীলিমক ফটো মাৰা, মোক কিন্তু তুলিবা৷” একেটা কথা মোৰ ক্ষেত্ৰতো ঘটিছিল৷ এদিন গৌৰিত গগৈ আৰু মই ছাৰৰ ঘৰলৈ গৈছিলোঁ৷ কথা শেষ কৰাৰ পাছত ছাৰক ক’লোঁ– “ছাৰ, আপোনাৰ লগত ফটো এখন মাৰোঁ৷” ছাৰে লগে লগেই কৈ উঠিল– “প্ৰাঞ্জল, মোক নামাৰিবা আক, মই দোষ পাম নহয়৷” আমি ক্ষন্তেকতে বুজি উঠিলোঁ আৰু সেই ভুল পুনৰ নকৰা হ’লোঁ৷ এনেবোৰ ‘ফটো মৰা’, ‘চুলি কটা’, ‘ভাত বনোৱা’ আদি কথাবোৰ কিমানক যে ছাৰে তেনেই সহজ আৰু মনত থকাকৈ শুধৰাই দিছে, তাৰ সীমা নাই৷
আনহাতে ৰসিকতাৰ প্ৰসংগতো কথা এষাৰ উল্লেখ কৰোঁ৷ ২০২২ চনৰ কথা৷ অসম চিকিৎসা মহাবিদ্যালয়ত অনুষ্ঠিত ‘সাহিত্য উৎসৱ’ৰ মুখ্য অতিথি হিচাপে শইকীয়া ছাৰে ভাষণ প্ৰদান কৰিছে৷ সকলোকে সম্বোধন কৰাৰ পাছত ছাৰে ক’লে– “ডাঃ ইণ্টিকাবুৰ ৰহমানো এগৰাকী কবি৷ মই তেওঁক কেতিয়াবা বেমাৰ হ’লে ফোন কৰি সুধোঁ– এইটো হ’লে কি খাম? তেতিয়া তেওঁ মোক দৰৱ দি এইটো নাখাব, সেইটো নাখাব বুলি কয়৷ অৱশ্যে মই তেওঁ কোৱা বস্তুবোৰ নাই খোৱা বুলি কওঁ যদিও মনে মনে খাই থাকোঁ৷” এইবুলি কৈ ছাৰে গোটেই গম্ভীৰ পৰিৱেশটো ৰসাল কৰি তুলিছিল৷ কিয়নো ছাৰে হাতত স্পীকাৰটো লৈ ইমান সম্ভ্ৰম আৰু গম্ভীৰকৈ ভাষণ দিয়ে যে গোটেই পৰিৱেশটোৱেই শান্ত হৈ পৰে৷ ছাৰৰ কথা শুনিবলৈ উৎসুক দৰ্শকে পালন কৰা নীৰৱতা ছাৰৰ ৰসপূৰ্ণ কথাৰেই ভংগ কৰে৷ পুনৰ তেখেতে কৈছিল– “…আজি মোৰ মনত বৰ আনন্দ লাগিছে যে মই মোৰ অনুজসকলক দেখা পাইছোঁ৷ বয়সত চাগে মই বাকীবোৰতকৈ অকণমান ডাঙৰ হ’ম, বেছি ডাঙৰ নহয়৷ বেছি বুলি ক’বলৈ ভয়, ইফালে ওচৰ চাপি যায় নহয়” এনেদৰে কোৱাৰ লগে লগে মঞ্চৰ বিশিষ্ট অতিথিবৃন্দৰ লগতে দৰ্শক হিচাপে বহি থকা গণ্যমান্য চিকিৎসকসকলৰ মাজত হাঁহিৰ ৰোল উঠিছিল৷
এনে উদাহৰণ হয়তো বহুতো ওলাব৷ বহু সময়ত বহুজনৰ লগত ছাৰৰ ঘৰলৈ যাওঁতে বহুধৰণৰ কথা পাতিবলৈ সৌভাগ্য ঘটিছে৷ খুব ভয় আৰু শংকাৰ মাজত যেতিয়া প্ৰথমবাৰ ছাৰৰ ঘৰলৈ গৈছিলোঁ, যিমানদূৰ মনত পৰে নীলিমদাৰ লগতেই গৈছিলোঁ৷ তেতিয়াও ছাৰে ৰসপূৰ্ণ দুই-এক কথাৰে আমাৰ মনৰ পৰা ভয় -শংকা নোহোৱা কৰিছিল৷ সি যি কি নহওক আজি আন্তৰিকতাৰে কামনা কৰিছোঁ– ছাৰ কুশলে থাকক, সুস্বাস্থ্যৰে দীৰ্ঘদিন আমাৰ মাজত থাকি অসম আৰু অসমীয়া জাতিক সমৃদ্ধ কৰি তোলক৷




