বিনোদনবিনোদনবিশেষ লেখা

যশস্বী অভিনেতা নানা পাটেকাৰ জীৱন-যাপন

জনপ্ৰিয় অভিনেতা নানা পাটেকাৰে নিজৰ উপাৰ্জনৰ ৯০ শতাংশ দৰিদ্ৰ লোকক দান কৰে। তেওঁ এইবোৰৰ প্ৰচাৰত গুৰুত্ব নিদিয়ে !

ইণ্ডিয়া টাইমছত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি নানা পাটেকাৰৰ অতি বিলাসী জীৱন যাপনৰ ক্ষমতা আছে। কিন্তু তেনে কৰাৰ পৰিৱৰ্তে তেওঁ এতিয়াও মাকৰ লগত সৰু এপাৰ্টমেণ্ট এটাত থাকে।

বহু সময়ত তেওঁক দেখা যায় অঞ্চলটোৰ সৰু বজাৰখনতেই শাক-পাচলি কিনিবলৈ আহে! ৰাজ কাপুৰ বঁটাত পোৱা সমগ্ৰ দহ লাখ টকা খৰচ কৰিলে মহাৰাষ্ট্ৰৰ খৰাংপীড়িত জনসাধাৰণৰ কল্যাণৰ বাবে!

ভাৰতৰ মাৰাথৱাড়া অঞ্চলত দৰিদ্ৰতাৰ বাবে আত্মহত্যা কৰা ৬২ জন কৃষকৰ পৰিয়ালক নানা পাটেকাৰে মাহিলী ১৫ হাজাৰ টকা ভাট্টা প্ৰদান কৰে। তেওঁ নিজেই গৈ এই পৰিয়ালবোৰক লগ কৰে। ইয়াৰ উপৰিও তেওঁ সেই কৃষকসকলৰ বিধৱা মহিলাসকলক ১৫ হাজাৰ টকাৰ চেক একোখন গতাই দিয়ে। কিংবদন্তি অভিনেতাগৰাকীয়ে দেশৰ দৰিদ্ৰ কৃষকৰ উন্নয়নৰ বাবে এটা সংগঠনৰ গঠন কৰিছে।

তেওঁ বিভিন্ন উৎসৰ পৰা ২২ কোটি টকা সংগ্ৰহ কৰে, সেই টকা কৃষকৰ উন্নয়নত ব্যয় কৰা হৈছে। তেওঁৰ সংগঠনৰ মূল উদ্দেশ্য হৈছে শুকান জলাশয়বোৰলৈ পানী যোগান ধৰা। যাতে দৰিদ্ৰ কৃষক আৰু তেওঁলোকৰ পৰিয়ালক বিশুদ্ধ পানী যোগান ধৰিব পৰা যায়।

নিকা হৃদয়ৰ এই মানুহজনক মোৰ ভাল লাগে। অভিনয়ৰ ক্ষেত্ৰত তেওঁ এজন কিংবদন্তি। বাস্তৱ জীৱনতো তেওঁ এজন নায়ক। ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button