সাহিত্য সুৰভি

জুৰী গোস্বামী শৰ্মাৰ— “গল্প” ‘প্ৰায়চিত্ত’

অনুশোচনাত দগ্ধ আজি ত্ৰিবিক্ৰম চৌধুৰী। জীৱনৰ বিয়লি বেলাত নিসংগতাই একমাত্ৰ সংগী হৈছে তেওঁৰ । অনুতাপে দহিছে আজি তেওঁক বাৰুকৈয়ে কিন্তু এতিয়া আৰু সেই অনুতাপৰ কোনো মূল্য নাই । সময় বহুত আগুৱাই গ’ল। নিৰৱধি সময়ৰ লগত খোজ মিলাব খোজা নাছিল তেওঁ। সময়ক পাৰিলে নিজৰ হাতৰ মুঠিত ৰাখিব বিচাৰিছিল কিন্তু পাৰি জানো!!! সময় পানীৰ দৰে মুঠি যেনেকুৱায়ে নহওক কিয় ই সৰকি যাবই। সদায়ে নিজৰটোৱে শুদ্ধ বুলি ভাৱি লোৱা আৰু আনকো তেওঁৰ মতে চলাব বিচৰা আত্ম-অহংকাৰী চৌধুৰী যেন আজি দিশহাৰা। পত্নী স্মিতাৰ মৃত্যুয়েও তেওঁক একো শিকাব নোৱাৰিলে কিন্তু আজি জীৱনৰ এই বিদায়ী বেলাত যেন হাৰি গ’ল তেওঁ সময়ৰ ওচৰত স্মিতাৰ ওচৰত ।
“স্মিতাৰ বাৰু তেওঁলৈ পুতৌ উপজিছে নেকি ? নে হাঁহিছে স্মিতাই তেওঁৰ এই অৱস্থা দেখি !” নিজৰ মাজতে প্ৰশ্ন হয় চৌধুৰীৰ ।
আজি পলাশ আহিছিল এইফালে কিবা কামত, আহোতে সোমাই গ’ল তেওঁৰ ঘৰত । পলাশে আজি আকৌ সোৱৰাই দি গ’ল স্মিতাৰ কথা । স্মিতাৰ মৃত্যুৰ সোতৰ বছৰ হৈ গ’ল কিন্তু কিবা এক সত্ত্বাই যেন চৌধুৰীক খেদি ফুৰে মাজে-মাজে । স্মিতাই ৰুই যোৱা নানাৰঙী ফুলবোৰে যেন আজিও সোৱৰাই স্মিতাৰ কথা। ফুলবোৰে গছবোৰে আজিও যেন স্মিতাক বিচাৰে । অযত্নপালিত সিঁহত এতিয়া । পলাশে কৈছিল “খুড়া, খুড়ীয়ে হেনো গছ-ফুল-চৰাই বহুত ভাল পাইছিল ? শ্ৰেয়াৰ মুখত প্ৰায়েই শুনো খুড়ীৰ কথা, এই গছ-ফুল হেনো খুড়ীয়ে ৰুইছিল ?”
ত্ৰিবিক্ৰম চৌধুৰীয়ে লোমা-লোমে ফুলি থকা সোণাৰু জোপাৰ ফালে চাই “হয়” বুলি শলাগিলে । পলাশে আকৌ কৈছিল “আপুনি আৰিয়ানৰ তাত গুছি যাওঁক এনেকৈ অকলশৰে থাকিব নালাগে নাইবা এডভী হতকে লৈ আহক ইয়াত থকাকৈ । নিসংগতা মানুহৰ ডাঙৰ শত্ৰু আৰু এই বয়সত আপুনি অকলশৰে থকাটো উচিত নহয় ।” পলাশৰ কথাত কি কব ভাবি নাপালে তেওঁ তথাপি নিজৰ অপ্ৰস্তুতি লুকুৱাবলৈ তেওঁ ক’লে “মইনো ক’ত অকলশৰে থকা দেখিলা কিৰণহঁত মোৰ লগত থাকেই তোমালোক আছাই , অ’ আৰিয়ান এডভী দূৰৈত থাকে ।”
পলাশ আকৌ ক’লে “আপোনাৰ খৱৰ এটা লম বুলি সোমালো , এইফালে কাম এটাও আছিল । আপোনাক এনেকৈ দেখি বেয়াহে লাগিল খুড়া, বেয়া নাপাব আপুনি আৰিয়ানক যাম বুলি কওঁক সি লৈ যাব আপোনাক । শ্ৰেয়াকো কম তালৈ আৰু এডভীলৈ ফোন কৰিব ।” একেলেথাৰিয়ে কথাখিনি কৈ পলাশ যাবলৈ ওলাল । নীৰলস ভাৱে কথাবোৰ ভাবি চকীখনতে বহি ৰ’ল চৌধুৰী । পলাশেতো নাজানে যে ত্ৰিবিক্ৰম চৌধুৰীৰ ল’ৰা আৰিয়ান চৌধুৰীয়ে তাৰ দেউতাকক লগত নিব বিচাৰে নে নাই । কৈশোৰতে মাতৃহাৰা হোৱা আৰিয়ানে যে মাকৰ মৃত্যুৰ বাবে দেউতাককে দোষী বুলি খৱৰ এটাও নলয় । স্মিতাৰ মৃত্যুৰ কাৰণে অৱশ্যে তেওঁয়েই দায়ী আওঃপ্ৰকাৰে হ’লেও, এক বিবেক দংশনত ভূগে চৌধুৰী । কোনোদিনেই বুজিবলৈ চেষ্টা নকৰিলে তেওঁ স্মিতাক , পত্নী হিচাপে দিব লগা গুৰুত্বখিনিও আনকি নিদিছিল কেৱল নিজৰ সম্পত্তি হিচাপে ব্যৱহাৰ কৰিছিল আৰু তেওঁৰ মতে চলিবলৈ বাধ্য কৰাইছিল । এক গভীৰ হুমুনিয়াহ ওলাই আহিল তেওঁৰ কিন্তু কিবাজানো হ’ব এতিয়া হৈ যোৱাবোৰ ভাবি যিবোৰ সময় থাকোতে শুধৰণি নহ’ল , যাক কোনোদিন ভবায়ে নহল । তেওঁ শুনে আৰিয়ান এডভীয়ে বহুতৰে খৱৰ লয় , সম্পৰ্ক ৰাখে ফোনৰ জড়িয়তে হ’লেও । এবাৰ মাথো আহিছিল আৰিয়ান তেওঁৰ ওচৰলৈ আৰু তেও‍ঁক বহুত কিবাকিবি শুনাই থৈ গৈছিল । সদায় বাঘ হৈ জীয়াই থাকিব বিচৰা ত্ৰিবিক্ৰম চৌধুৰী সিদিনা মেকুৰী এটা হৈ ৰৈ গৈছিল । আৰিয়ান কথাত যুক্তি আছিল কিন্তু এটা সময় আছিল কোনো যুক্তি বা সত্যকো মনা ত্ৰিবিক্ৰম চৌধুৰীয়ে নিজৰটোৱে শুদ্ধ নিজৰটোৱে সত্য ।
সময় বাগৰিলে, লাহে-লাহে সকলোৱে আঁতৰি গৈছিল তেওঁৰ পৰা । মৌনতাক অস্ত্ৰ কৰি কেৱল স্মিতাই সহি গৈছিল তেওঁৰ অত্যাচাৰ অপমান । সৰু-সৰু কথাতে বেয়াকৈ কথা শুনোৱা চৌধুৰীৰ অভ্যাস কিন্তু স্মিতাৰো আছিল সেইবিলাক সহ্য কৰিব পৰা ক্ষমতা । চৌধুৰীৰ বিকৃত মানসিকতাই বাৰুকৈয়ে অতিষ্ঠ কৰিছিল স্মিতাক কিন্তু সাহসীকতাৰ কবচ পিন্ধি তাই নিজৰ লগত যুঁজ দিছিল আৰিয়ান আৰু এডভীৰ কাৰণে কিন্তু শেষত হাৰি গ’ল তাই নিজৰ বিশ্বাস , সততা আৰু সাহসৰ ওচৰত । চিৰদিনৰ কাৰণে মৌন হৈ গ’ল তাই । সেইয়া আচলতে প্ৰতিশোধ নে মুক্তি তাই বিচাৰ নকৰিলে । হয়তো ত্ৰিবিক্ৰম চৌধুৰীৰ ওপৰত প্ৰতিশোধ লৈ নিজে মুক্ত হৈ গ’ল । সকলো সপোন ভাগি চুৰমাৰ হৈ যোৱাৰ পিছতো স্মিতা জীয়াই আছিল জীৱনৰ দায়িত্ব লৈ যেন জীয়াই থকাটোও এক কৰ্তব্য কিন্তু শেষত সকলো দায়িত্ব আৰু কৰ্তব্যৰ পৰা নিজে মেলানি মাগিলে । জীৱন যুদ্ধখনত কোন হাৰিল কোন জিকিল তাই নাভাবিলে কিয়নো হৰা-জিকাৰ খেলে খেলিবলৈ তাই কোনোদিন ভবা নাছিল । তাই হাৰি হাৰিও জিকি গৈছিল আৰু গোপত গঙাটোপ চৌধুৰী জিকি জিকিও হাৰি গৈছিল । মৃত্যুই জীৱনৰ শেষ কথা নহয় তাই বুজি পাইছিল কিন্তু মৃত্যু চিৰশাশ্বত , সেইয়া যি মৃত্যুয়েই নহওঁক কিয়, মৃত্যু হ’ল জীৱন নাটৰ যৱনিকা । এক তপত হুমুনিয়াহ ওলাই আহিল ত্ৰিবিক্ৰম চৌধুৰীৰ হৃদয়ৰ পৰা । তেওঁ আকাশলৈ চালে । সন্ধিয়াৰ আকাশত নীড়মুখী পখী । এতিয়া বহাগ মাহ স্মিতাই দুই যোৱা গছবোৰত ফুল ফুলিছে ত্ৰিবিক্ৰম চৌধুৰীৰ মনটো বেয়া লাগি আহিল, এক অজান শোকে তেওঁক হেঁচা মাৰি ধৰে । নিসংগতাৰ কি কৰুণ অত্যাচাৰ আজি তেওঁ বুজি উঠিছে । তেওঁৰ আত্মাই যেন চিঞৰি চিঞৰি কৈছে “মোক ক্ষমা কৰা স্মিতা মোক ক্ষমা কৰা ।” কিন্তু আজি তেওঁৰ হৃদয়ৰ আৰ্তনাদ শুনিবলৈ কোনো নাই । সময়ৰ সোঁতত সকলো হেৰুৱাই পেলালে তেওঁ । তেওঁ কৈ উঠিল “চোৱা স্মিতা তোমাক বন্দী কৰি ৰাখিব বিচাৰি আজি, তোমাক মৰি মৰি জীয়াই ৰাখিব খুজি আজি মইহে মৰি মৰি জী আছো, মোৰ পাপৰ প্ৰায়চিত্ত মই পাই গৈছো, মোক মুক্তি লাগে এই জীৱনৰ ।” হুকহুকাই কান্দি উঠিল ত্ৰিবিক্ৰম চৌধুৰী কিন্তু তেওঁৰ আত্মাৰ কান্দোন কোনেও শুনা নাপালে । এজাক মুষলধাৰে অহা বৰষুণে তিয়াই থৈ গ’ল চোতাল । সোণাৰু জোপাত বাহ লোৱা চৰাইৰ বাহটোলৈ চাই ৰ’ল চৌধুৰীয়ে । কিমান আশাৰে বাহ্ সাজে চৰায়ে, কিমান বিশ্বাস সিহঁতৰ নিজৰ ওপৰত । এবুকু বিষাদত ডুবি চৌধুৰী নিৰলস ভাৱে বহি ৰয় নিজৰ ঠাইতে ।

©জুৰি গোস্বামী শৰ্মা
পাঠশালা

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button